গুৱাহাটী, ২৫ জানুৱাৰী, ২০২৬ : শনিবাৰে ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress) বিশাল জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গৰু চোৰ, মাটি চোৰ আৰু পানী চোৰৰ চৰকাৰ আখ্যা দিয়ে৷ প্ৰায় বিশ সহস্ৰাধিক লোকৰ উপস্থিতিত মৰাণজনাৰ হাতীখোলা পথাৰত অনুষ্ঠিত বিশাল জনসভাত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা কোন বুলি পুনৰ প্ৰশ্ন কৰে৷ সভাত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলৰ দায়িত্ব আৰম্ভ হোৱা বুলি উনুকিয়াই দি কয় যে অসমৰ ৰাইজে বিচাৰি আছে যে কংগ্ৰেছে এইবাৰ ৰাইজৰ ওচৰলৈ আহক৷ আমি প্ৰচাৰৰ বাবে গোট গঠন কৰিব লাগিব৷ যুৱ, মহিলাৰ গোট গঠন কৰিব লাগিব৷ যুৱ গোটে যুৱসকলৰ কথা, মহিলা গোটে মহিলাসকলৰ কথা ক’ব৷ মানুহৰ ঘৰে ঘৰে যুৱ আৰু মহিলাক বৰ্তমানৰ পৰিস্থিতিৰ কথা ক’ব লাগিব৷ গোটবোৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ যাব৷ যেতিয়ালৈকে সৰু সৰু গোট যোগে আমি মানুহৰ ওচৰলৈ যাব নোৱাৰো তেতিয়ালৈ আমাৰ কাম আধৰুৱা হৈ থাকিব৷
সভাৰ পৰাই গৌৰৱ গগৈয়ে বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাক লৈ গোট কৰিবলৈ নিৰ্দেশনা দিয়ে৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে ঘৰে ঘৰে গৈ কি ক’ব লাগিব সেই কথাও সভাতে উল্লেখ কৰে গৌৰৱ গগৈয়ে৷ তেওঁ কয় যে আমি হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱ স্থিতি অসমৰ মানুহক জনাব লাগিব৷ বিজেপি দলৰ মাজত এটা প্ৰশ্নক লৈ ভূমিকম্প হৈছে৷ সেই প্ৰশ্ন কংগ্ৰেছৰ সভাত উত্থাপিত হৈছে৷ সেই প্ৰশ্ন হৈছে কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত মোৰ পিতৃ তৰুণ গগৈয়ে কৈছিল ‘হু ইজ আজমল’৷ আজি অসমৰ জনগণে ক’ব লাগিব কোন হয় হিমন্ত বিশ্ব শৰ্মা৷ তেওঁৰ কথা ফাদিল কৰিব লাগিব৷ যিজন মানুহে নিজকে বহু ডাঙৰ আৰু শক্তিশালী বুলি পৰিচয় দিয়ে, কিন্তু বাস্তৱত ইমান শক্তিশালী নহয়৷ মানুহজন দুৰ্বল৷ কিয়নো মানুহজন এটা ঠাইত থাকিব নোৱাৰে৷ আৰম্ভ কৰিলে আছুত৷ আছুত বিপদ দেখি জাঁপ দিলে কংগ্ৰেছলৈ৷ কংগ্ৰেছত বিপদ দেখি জাঁপ মাৰিলে বিজেপিলৈ৷ বিজেপি দলৰ চৰকাৰ গ’লে কংগ্ৰেছলৈ আহিব খুজিব৷ সভাত উপস্থিত থকা কৰ্মীসকলক উদ্দেশ্যি গগৈয়ে প্ৰশ্ন কৰে যে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক ল’ব লাগিব নেকি? কৰ্মীসকলে কয় যে ল’ব নালাগে৷ কৰ্মীসকলৰ উত্তৰ শুনি গৌৰৱ গগৈয়ে উদাত্ত কণ্ঠে কয় যে মই আজিয়েই এই সভাৰ পৰা ঘোষণা কৰিছো যে চিৰকালৰ বাবে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলত নলও৷ আমাৰ দলৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব৷ নিজৰ পাপৰ বাবে, অন্যায়ৰ বাবে, অহংকাৰ আৰু ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব৷ নিজক বচাবৰ বাবে আকৌ ৰাহুল গান্ধীৰ ওচৰলৈ যাব৷ ৰাহুল গান্ধীৰ মনটো ভাল৷ ৰাহুল গান্ধীৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিলেও আমি কংগ্ৰেছলৈ অহাৰ বাবে অনুমতি দিব নালাগে৷
গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দি কয় যে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধিৰ দৰে মুখ্যমন্ত্ৰী দেখিছো৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী দেখা নাই৷ হিমন্ত বিশ্ব শৰ্মাই কি কি নকয়৷ তৰুণ গগৈৰ চৰকাৰৰ দিনত ১০ হাজাৰ কোটি টকা ঋণ লোৱাত তেওঁ কি কৈছিল৷ কিন্তু তেওঁ আজি ডেৰ লাখ কোটি টকাৰ ঋণৰ বোজা আমাৰ ওপৰত জাপি দিছে৷ চৰকাৰৰ টকা নাই, এই ধাৰ কোনে মাৰিব? চৰকাৰে বিঘাই বিঘাই মাটি এক টকাত আদানী-আম্বানীক দিছে৷ তেওঁলোকৰ পৰা টকা নলয়৷ চৰকাৰে ধাৰ মাৰিব লাগিলে দুখীয়া মানুহৰ পৰা টকা নিব লাগিব৷ এতিয়া অসমত তেনেকুৱাই হৈছে৷ ঘাইপথৰ অৱস্থা ভাল নহয়৷ কিন্তু চাৰিওফালে টোলগেট৷ সদনত পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক প্ৰশ্ন সোধাৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে সদনত বিভিন্ন ৰাজ্যৰ সাংসদে প্ৰশ্ন কৰে৷ পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক বহু প্ৰশংসা কৰে৷ ইটো কাম হৈছে সিটো কাম কৰক বুলি কয়৷ মই সদনত থিয় হৈ ক’লো বাকীবোৰ ৰাজ্যত আপোনালোকৰ মানুহবোৰে আপোনাক প্ৰশংসা কৰে৷ অসমত আপোনালােকে ঘাইপথ ভাল কৰিব পৰা নাই৷ কিন্তু চাৰিওফালে টোলগেট বহুৱাই দুখীয়া মানুহৰ হাৰাশাস্তি কৰিছে৷ আজি গাড়ীখন ১০০ গতিৰ ওপৰত চলাব নোৱাৰে৷ চলালে গ্লাছৰ বাহিৰত ওলাই পৰিব৷ চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড গাত৷ বিজেপি দল মিছলীয়া দল বুলি কটুক্তি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰে৷ হিন্দু ধৰ্মৰ ৰাজনীতি কৰে আৰু গৰু চিণ্ডিকেট চলোৱা মানুহক মন্ত্ৰী পাতে। যুৱ কংগ্ৰেছে অসমত পদযাত্ৰা কৰিছে৷ যুৱ কংগ্ৰেছে পদযাত্ৰাৰ নাম দিছিল ‘মাটি বচাওক-জাতি বচাওক’৷ মই তেতিয়া কৈছিলো সেইটো নাম নহয়৷ এতিয়া বিজেপিৰ চৰকাৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, পীয়ুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱা মন্ত্ৰী৷ এতিয়া মাটি বচাও, জাতি বচাও আৰু গৰু বচাও ক’ব লাগিব৷ উজনি অসমত খবৰ লওক গোহালিৰ পৰা গৰু উলিয়াই নি তেওঁলোকে বিক্ৰী কৰিছে আৰু তেওঁলোকে হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰিছে৷ গীৰ গাই কেলেংকাৰী কৰিলে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক দলৰ পৰা আৰু কেবিনেটৰ পৰা উলিয়াই দিব লাগিছিল৷ যিসকল গীৰ গাই কেলেংকাৰীত জড়িত তেওঁলোকক দলৰ পৰা উলিয়াই দিব লাগিছিল৷ উলিয়াই নিদিয়ে কিয়নো গোটেই চিণ্ডিকেটৰ চাবি দিছপুৰত আৰু মুখ্যমন্ত্ৰীৰ ঘৰত ওলাই৷ কয়লা, বালি, শীলৰ চিণ্ডিকেটত তেওঁৰ হাতত আছে৷
মানুহে বসুন্ধৰাৰ পৰা মাটিৰ বিচাৰি আবেদন কৰিলে৷ মানুহে মাটি নাপালে৷ কিন্তু এতিয়া প্ৰতিযোগিতা চলিছে৷ কাৰ ওচৰত বেছি মাটি আছে আশোক সিংঘলৰ হাতত নে, মামীৰ ওচৰত বেছি মাটি আছে৷ এই প্ৰশ্ন সভাৰ সন্মুখত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলক সোধে গগৈয়ে৷ গগৈয়ে সোধে যে কাৰ ওচৰত বেছি মাটি আছে৷ তেতিয়া কৰ্মীসকলে কয় যে মামীৰ ওচৰত বেছি মাটি আছে৷ কৰ্মীসকলে একেস্বৰে কয় যে মামীৰ ওচৰত বেছি মাটি আছে৷ তেতিয়া হাঁহি হাঁহি গৌৰৱ গগৈয়ে কয় যে মোৰ সন্দেহ হৈছে যে অশোক সিংঘলৰ অলপ বেছি মাটি আছে৷ অশোক সিংঘল অলপ আগবাঢ়ি আছে৷ জয়ন্তমল্লই অকণমান কথাবোৰ লুকাই ৰাখিছিল৷ এতিয়া মামীয়ে তেওঁৰ কথা গম পাই গ’ল৷ আজিৰ সভাত পলাশবাৰীৰ পৰা মানুহ আহিছে৷ পলাশবাৰীৰ বিধায়কে এবিঘা মাটিত এক লাখকৈ টকা বিচাৰিছিল৷ আজি এনে মানুহবোৰে বিজেপিৰ দলত আছে৷ কিছু মাহ আগত হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল ধৰাত আমি আপত্তি কৰা নাছিলো৷ এতিয়া আমি দেখিছো যে আটাইতকৈ বেছি ডাঙৰ মাটিৰ দালাল দিছপুৰত বহি আছে৷ আমিনগাঁৱত য’ত মানুহে খেতি কৰে সেই মটি এনআৰএলক দিছে৷ খেতিয়কৰ কথা চিন্তা নকৰে৷ আমিনগাঁৱৰে নিজৰ ইচ্ছা মতে হাইৱে লৈ গৈছে৷ কিয়নো নিজৰ মাটিৰ দাম বঢ়াব লাগে৷ এতিয়া উত্তৰ গুৱাহাটীৰ মাটি সাধাৰণ মানুহে নাপায়৷ হিমন্ত বিশ্ব শৰ্মাৰ এজন প্ৰতিনিধি আছে৷ সেই প্ৰতিনিধিজনে গোটেই মাটি লৈছে৷ সেয়েহে যুৱ কংগ্ৰেছে মাটি বচাও যাত্ৰা কৰিছে৷ বিজেপি চৰকাৰ আকৌ আহিলে আৰু আমাৰ নামত মাটি নাথাকে৷ গোটেই মাটি গুছি যাব আদানী-আম্বানী, পতঞ্জলি, মামা-মামীৰ নামত৷ যিখিনি মাটি থাকিব বিজেপিৰ মন্ত্ৰী-বিধায়কৰ মাজত ভাগ হ’ব৷ ঢেকিয়াজুলিত মহিলা সমিতিৰ মাটি মন্ত্ৰী পত্নীয়ে দখল কৰিছে৷ এইখিনি কথা মানুহে গম পোৱাত বিজেপিয়ে ভয় খাইছে৷ নিজে জুম মিটিং পাতি কেনেদৰে খিলঞ্জীয়া মানুহৰ ভোট কাটিব পাৰি সেই নিৰ্দেশ দিছে৷ উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰত বিজেপি দল শংকিত৷ আজি বকোত ভোট কাটিবলৈ চৰকাৰী কাৰ্যালয়ত বিজেপিৰ মানুহ সোমাই আছে৷ এইসকল ভোট চোৰ, মাটি চোৰ, গৰু চোৰ, নল আছে জল নাই পানী চোৰো৷ এওঁলোকৰ বিৰুদ্ধে আমি গোচৰ দিব লাগিব৷ আমি এইবোৰ কথা মানুহক ক’ব লাগিব৷ হিমন্ত বিশ্ব শৰ্মা কোন হয় সেই কথা ক’ব লাগিব৷
গৌৰৱ গগৈয়ে ২০১১ চনত ৰাজনীতিত ভৰি দিয়াৰ কথা ৰাজহুৱা সভাত প্ৰকাশ কৰি কয় যে সেই সময়ত বহুতে কৈছিল যে কংগ্ৰেছৰ চৰকাৰ ভাল চলি আছে, তৰুণ গগৈয়ে ভাল কাম কৰি আছে৷ তেতিয়া মানুহবোৰে মোক এটা কথা কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই ইমান কেলেংকাৰী কৰিছে৷ সেই কেলেংকাৰীৰ কথা ক’লে তৰুণ গগৈয়ে হিমন্ত বিশ্বক গালি নাপাৰি আমাকহে গালি পাৰে৷ তৰুণ গগৈয়ে ইমানে মৰম কৰে৷ কেতিয়াবা মই তৰুণ গগৈক সেই কথা সুধিছিলো, তেতিয়া তেওঁ মানুহবোৰে মিছা কথা কোৱা বুলি কৈছিল৷ এজন অভিভাৱকৰ দৰে হিমন্ত বিশ্ব শৰ্মাক লাগে লাহে আগুৱাই লৈ গৈছিল৷ ৰাজনৈতিক গুৰু, আধুনিক অসমৰ নিৰ্মাতাক হিমন্ত বিশ্ব শৰ্মাই পিঠিত ডেগাৰ মাৰিলে৷ শেষত তৰুণ গগৈয়ে আপছোছ কৰিলে৷ সৰ্বানন্দ সোণোৱালক প্ৰয়াত তৰুণ গগৈৰ এটা কথা কৈছিল৷ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছো, ২০১৬ চনত জয়ী হৈ তুমি মুখ্যমন্ত্ৰী হৈছা৷ কিন্তু তুমি চাবা তুমি যিজন মানুহক লগত লৈছা সেইজন মানুহে মোক পিঠিত ডেগাৰ মাৰিলে, সেইজন মানুহে তোমাত বুকুত ডেগাৰ মাৰিব৷ সেয়াই বাস্তৱ হ’ল৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিত আহিছিল৷ যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি আশীৰ্বাদ লৈ বিজেপিলৈ আহিছিল সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যক বিজেপিত নোহোৱা কৰি পেলালে৷ আজি মানুহৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ উৎসাহ, শক্তি দেখা পাইছো৷ ৰাজীৱ ভৱনত ৭৫০ গৰাকী মানুহে কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিচাৰিছে৷ ৰাজীৱ ভৱনলৈ হাজাৰ হাজাৰ মানুহ আহিছে৷ সেইদিনা মানুহ ডেৰ ঘণ্টা যান-জঁটত আবদ্ধ হৈছে৷ কিন্তু মানুহে আপত্তি কৰা নাই৷ মানুহে কৈছে কংগ্ৰেছ দল শক্তিশালী হওক৷ কংগ্ৰেছৰ চৰকাৰ হোৱাটো বিচাৰিছে মানুহে৷ বিহপুৰীয়া, হাওৰাঘাট সকলোতে মানুহেই মানুহ৷ কিন্তু বিজেপিৰ দৰে আমি ৫০০ টকা দি মানুহ অনা নাই৷ মহিলাসকলক আঁচনি কাটি দিয়াৰ ভাবুকি দি সভালৈ মানুহ আনে বিজেপিয়ে৷ বহু মহিলাই আজিও বিজেপিৰ সভালৈ গৈয়ে আছে অৰুণোদয় পোৱা নাই, বেলেগ আঁচনি পোৱা নাই৷ কিয়নো এনে আঁচনিবোৰ বিজেপিয়ে দুখীয়া মানুহক দিয়া নাই কেৱল বিজেপি কৰা মানুহৰ মাজত বিতৰণ কৰিছে৷ বিজেপি কৰা মানুহৰ ঘৰত পাঁচটা পাঁচটা আঁচনি পাইছে৷ গৌৰৱ গগৈয়ে অসমৰ ৰাইজক কথা দি কয় যে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ আহিব৷ এতিয়াৰ আঁচনি তেতিয়াও থাকিব৷ কিন্তু আঁচনিৰ নামত কেলেংকাৰী নহয়৷ আঁচনিৰ নামত বিধায়কক টকা দিব নালাগিব৷ আমি নাচাও কোন কংগ্ৰেছ, কোন বিজেপি৷ কেৱল দুখীয়াই আঁচনি পাব৷ কংগ্ৰেছৰ সভালৈ আহিলে আঁচনিৰ পৰা নাম কৰ্তন কৰা যাব বুলি ভাবুকি দিয়ে৷ ইমান সাহস ক’ৰ পৰা পালে৷ হিমন্ত বিশ্বই অসমৰ মহিলাক ভাবুকি দিয়াৰ সাহস ক’ত পালে৷ পূৰ্বতে মহিলাই চাকৰি পাবলৈ অনৈতিক কাম কৰিছিল বুলিও কৈছিল হিমন্ত বিশ্ব শৰ্মাই৷ এইধৰণে অশ্লীল, অভদ্ৰ কথা ক’বলৈ হিমন্ত বিশ্ব শৰ্মাই সাহস ক’ত পাইছে৷ বিজেপিৰ কৰ্মীক দিছে ১২৫০ টকা৷ নিজৰ পত্নীৰ নামত থকা চেনেলক কোটি কোটি টকাৰ বিজ্ঞাপন দিছে৷ অসমত ইমান চেনেল আৰু কাকত আছে৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা চেনেলে ইমান বিজ্ঞাপন কিয় পায় তাৰ হিচাপ আমাক লাগিব৷ কংগ্ৰেছ চৰকাৰ আহিলে সকলো হিচাপ হ’ব৷ হিমন্ত বিশ্বই ক’ত ক’ত মাটি লৈছে, সেই মাটি কাঢ়ি লৈ জনসাধৰণৰ মাজত বিতৰণ কৰিম৷ জাতি, মাটি বচাবলৈ আমি একত্ৰিত হ’ব লাগিব বুলি কয় গৌৰৱ গগৈয়ে৷
নৱনিযুক্ত অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে সভাত অংশ লৈ অসমত আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি কয় যে অসমত এতিয়া এখন ভ্ৰষ্টাচাৰীৰ চৰকাৰ চলি আছে৷ কেৱল কেইজনমান মানুহে চৰকাৰৰ ধন লুটি-পুতি খাইছে বুলি অভিযোগ আনি দুৰ্নীতগ্ৰস্তক খেদিবলৈ সকলো লোকক কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহঃতত্ত্বাৱধায়ক মনোজ চৌহানে উদাত্ত কণ্ঠে ভাষণ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনগণক বুজি পাবলৈ প্ৰয়াস কৰাৰ আহ্বান জনায়৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক’ৰ পৰা ৰাজনীতিলৈ আহিছে সেই কথা জানিব লাগিব৷ ১৯৯১ চনত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ অভিযুক্ত আছিল হিমন্ত বিশ্ব শৰ্মা৷ অহংকাৰ আৰু ভ্ৰষ্টাচাৰত ডুবি আছে৷ তেওঁ কয়লা, চুপাৰি, মাটি, গৰুৰ চিণ্ডিকেট চলাইছে৷ যাৰ বাবে ভ্ৰষ্টাচাৰীৰ চৰকাৰৰ পতন কৰিবলৈ আগন্তুক দিনত কংগ্ৰেছ দলক ভোট প্ৰদান কৰি চৰকাৰ গঠনৰ সুযোগ দিয়াৰ আহ্বান জনায় চৌহানে৷ সভাত ভাষণ প্ৰদান কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বৰদলৈয়ে বিজেপি আৰু আৰএছএছ অসমক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে চ্যাওলুং চ্যুকাফাই অসমক এক লগ কৰিছিল৷ যেতিয়া ব্ৰিটিছে অসমক শাসন কৰিবলৈ আৰম্ভ কৰিলে৷ স্বাধীনতা আন্দোলন আৰম্ভ হ’ল৷ কংগ্ৰেছ বৰ অসমখনক ৰক্ষণা-বেক্ষণ দিছিল৷ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশাল জনসভাত ভাষণ প্ৰদান কৰি বিজেপি দলৰ সাংগো-পাংগো আৰু বিজেপিৰ সৈতে থকা পুঁজপতি সকলে অসমৰ মাটি ক্ৰয় কৰি থকাৰ অভিযোগ আনে৷ তেওঁ কয় যে আজি বিজেপিয়ে অসমৰ মানুহক ভূমিহীন কৰিছে৷ অসমত আজি যিবোৰ আঁচনি হৈছে সেইবোৰ বিজেপিৰ কেইজনমান পুঁজিপতিৰ বাবে কৰা হৈছে গুৰুতৰ অভিযোগ আনে দেৱব্ৰত শইকীয়াই৷ আনহাতে ধুবুৰীৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ‘গেল এ গেল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গেল’ বুলি ভাষণ প্ৰদান কৰি কয় যে অসমৰ মানুহে অহংকাৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিব৷ ইমান অংহকাৰ আৰু মানুহক অত্যাচাৰ কৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বিদায় দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰে হুছেইনে৷ সভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন হোৱাত কোনোৱেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰি অসমৰ ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনায়৷ সভাত মেঘালয়ৰ সাংসদ চেলেং এ চাংমা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা শিৱামণি বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰসহ কেইবাখনো জিলাৰ সভাপতি উপস্থিত থাকে।
