নিউজ ডেস্ক, ২৫ মাৰ্চ, ২০২৬ : উত্তৰ-পূৰ্বাঞ্চলৰ সেউজ বুকুত অতি সোনকালে উন্মোচিত হ’ব এক ব্যতিক্ৰমী আৰু বিস্ময়কৰ অধ্যায়। ভাৰতৰ আটাইতকৈ সাহসী আৰু নৱতম খাদ্য-সংগ্ৰহ ‘চীটি’ (SEETI) সাজু হৈছে মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতীক্ষিত দ্বিতীয়টো খণ্ড উপস্থাপন কৰিবলৈ। এক অনন্য অভিজ্ঞতাৰ লক্ষ্যৰে দেশৰ কেইবাজনো প্ৰতিভাশালী ৰান্ধনী, গল্পকাৰ, স্ৰষ্টা আৰু সাংস্কৃতিক ব্যক্তিক এই আয়োজনত একত্ৰিত কৰা হৈছে। অহা ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ মেঘালয়ত চলিব খাদ্য, সংস্কৃতি আৰু সম্প্ৰীতিৰ এক জীৱন্ত উদযাপন। থলুৱা পৰম্পৰাৰ সৈতে ৰাষ্ট্ৰীয় প্ৰতিভাৰ এই মিলনভূমিত অৱশেষত প্ৰাণ পাই উঠিব অতদিনে আঁৰত ৰৈ যোৱা বহু অপ্ৰকাশিত কাহিনী।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, “এক প্ৰাণৱন্ত সংস্কৃতি, মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু বিশেষকৈ যুৱপ্ৰজন্মৰ শক্তি তথা সৃজনশীলতাই মেঘালয়ক এক সুকীয়া পৰিচয় দিছে। আমাৰ সমাজৰ গভীৰত শিপাই থকা পৰম্পৰা, থলুৱা উৎপাদিত সামগ্ৰী, সংগীত আৰু খাদ্য-সংস্কৃতিয়ে এক জীৱন্ত উত্তৰাধিকাৰ বহন কৰিছে। ‘চীটি ২.০’ (SEETI ২.0) অভিযানে এই ভাৱধাৰাক এক বিশেষ মাত্ৰা দিছে- য’ত আমাৰ যুৱপ্ৰজন্মই নেতৃত্ব দিয়াৰ লগতে মেঘালয়ৰ গৌৰৱগাথা বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ সুযোগ লাভ কৰিছে। আমাৰ এই পৰিচয়ক সাৰথি কৰিয়েই যুৱশক্তিৰ হাতত অনাগত দিনৰ এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।”
‘চীটি’ (SEETI) কেৱল আন এক সাধাৰণ খাদ্য মহোৎসৱ নহয়। এয়া হৈছে এক শক্তিশালী আন্দোলন, যি আন্দোলনে ভাৰতৰ পৰম্পৰাগত খাদ্যৰ ধাৰণাটোক এক নতুন প্ৰত্যাহ্বান জনাইছে। মহানগৰীৰ চিনাকি পৰিৱেশৰ পৰা আঁতৰি আহি ঐতিহ্য আৰু পৰিচয়েৰে চহকী অঞ্চলসমূহক বিশ্বৰ দৰবাৰত সন্মানেৰে থিয় কৰোৱাটোৱেই এই যাত্ৰাৰ মূল লক্ষ্য। মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ বুকুত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অধ্যায়ত দেখা যাব-
থলুৱা উপাদানৰ মৌলিকতাৰে সমৃদ্ধ এক ব্যতিক্ৰমী ভোজনৰ অভিজ্ঞতা। আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰান্ধনীসকলৰ এক অপূৰ্ব সমন্বয়। স্থানীয়সকলৰ সৈতে থলুৱা সংস্কৃতিৰ কাষ চপাৰ এক অনন্য সুযোগ। কেৱল জুতি লোৱাই নহয়, খাদ্যৰ আঁৰৰ কাহিনীসমূহক প্ৰাণ দিয়াৰ এক বিশেষ প্ৰয়াস।
মেঘালয়ান এজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ বিজয় কুমাৰ ডি (আইএএছ)য়ে কয়, “মেঘালয়ান এজৰ মূল লক্ষ্যই হৈছে ৰাজ্যখনৰ স্বকীয়তা আৰু সমাজৰ সৈতে জড়িত এক বহনক্ষম পৰ্যটন ব্যৱস্থা গঢ়ি তোলা। ‘চীটি’ (SEETI) ৰ এই প্ৰয়াসে আমাৰ সেই লক্ষ্যক বাস্তৱ ৰূপ দিছে। এই মঞ্চৰ জৰিয়তে থলুৱা পৰিস্থিতিতন্ত্ৰ, খাদ্য-পৰম্পৰা আৰু সাংস্কৃতিক আখ্যানসমূহক এক পৰিকল্পিত তথা অৰ্থপূৰ্ণ ৰূপত উপস্থাপন কৰা হৈছে।” ইফালে, ‘চীটি’ (SEETI)ৰ উদ্যোক্তাসকলে কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য, মানুহ আৰু সংস্কৃতিৰ গভীৰতা এতিয়ালৈকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হোৱা নাই। মেঘালয়ৰ জৰিয়তে ‘চীটি’ (SEETI)য়ে সেই প্ৰৱেশ পথ নিৰ্মাণ কৰিছে, য’ত এক নিৰ্বাচিত গোটক এই অভিজ্ঞতা পোনপটীয়াকৈ লাভ কৰাৰ সুযোগ দিয়া হৈছে। মেঘালয় চৰকাৰৰ সহযোগিতাই এই সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ পদ্ধতিৰে আগবঢ়াই নিয়াত সহায় কৰিছে। ‘চীটি’ (SEETI) য়ে মানুহক অলপ থমকি ৰ’বলৈ, ইজনে সিজনৰ সৈতে জড়িত হ’বলৈ আৰু কোনো এখন ঠাইক অধিক গভীৰভাৱে অনুভৱ কৰিবলৈ এক পৰিৱেশ সৃষ্টি কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত স্বাভাৱিকতে এই ভাৱধাৰা বিৰাজমান আৰু ‘চীটি মেঘালয় কাহিনী ২’-এ সেই ভেটিৰ ওপৰত ভিত্তি কৰিয়েই কাম কৰিছে। আমি এই অঞ্চলটোক বাহিৰৰ দৃষ্টিৰে ব্যাখ্যা নকৰোঁ; বৰঞ্চ খাদ্য, কথোপকথন আৰু সামূহিক অভিজ্ঞতাৰ জৰিয়তে এনে কিছু মুহূৰ্তৰ সৃষ্টি কৰোঁ, য’ত আমাৰ অতিথিসকল নিজেই একো একোজন গল্পকাৰলৈ ৰূপান্তৰিত হয়।”
উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-সংস্কৃতিৰ বৈচিত্ৰ্য, গভীৰ পৰম্পৰা আৰু স্বকীয় পৰিচয় থকা সত্ত্বেও ইমান দিনে মূলসুঁতিৰ আলোচনাত এই অঞ্চলটোৱে উচিত মৰ্যাদা লাভ কৰা নাই। থলুৱা খাদ্য প্ৰণালী, অতি স্থানীয় উপকৰণ আৰু শক্তিশালী সামাজিক সংস্কৃতিৰে চহকী মেঘালয়ত এই আয়োজন কৰা হৈছে। সমগ্ৰ ভাৰতবৰ্ষই নিজৰ বৈচিত্ৰ্যময় খাদ্য-সংস্কৃতিৰ পৰিচয় নতুনকৈ লাভ কৰাৰ লক্ষ্যৰে মেঘালয়ক এক শক্তিশালী আৰম্ভণি বিন্দু হিচাপে বাছি লোৱা হৈছে। ‘চীটি’ (SEETI) ৰ মেঘালয়ৰ এই বিশেষ অধ্যায়টো কেৱল এক আয়োজনতে সীমাবদ্ধ নাথাকি প্ৰচলিত ধাৰণা সলনি কৰাৰ দিশত এক সচেতন পদক্ষেপ হিচাপে চিহ্নিত হৈছে। বাহিৰৰ পৰা কোনো মত জাপি দিয়াৰ পৰিৱৰ্তে এই মঞ্চত থলুৱা কণ্ঠস্বৰসমূহক অধিক প্ৰাধান্য আৰু মৰ্যাদা দিয়াৰ প্ৰয়াস কৰা হৈছে। এই অঞ্চলৰ ৰান্ধনী, কৃষক, শিল্পী আৰু গল্পকাৰসকলৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাক একত্ৰিত কৰি ‘চীটি’ (SEETI) য়ে আগবঢ়াই নিব বিচাৰিছে কেইবাটাও লক্ষ্য- বিভিন্ন সম্প্ৰদায়ৰ মাজত এক দীৰ্ঘম্যাদী আৰু মজবুত সম্পৰ্ক গঢ়ি তোলা। পাৰস্পৰিক শ্রদ্ধা আৰু সততাৰ ভিত্তিত জ্ঞানৰ আদান-প্ৰদানক উৎসাহিত কৰা। অতদিনে অৱহেলিত হৈ থকা থলুৱা উপাদান, পৰম্পৰা আৰু ব্যক্তিসকলক এক নতুন পৰিচয় দিয়া। ভাৰতৰ ক্ৰমবৰ্ধমান খাদ্য-সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিষ্ঠা কৰা। মেঘালয়ক কেৱল এক পৰ্যটনস্থলী হিচাপে প্ৰদৰ্শন কৰাই এই যাত্ৰাৰ উদ্দেশ্য নহয়, বৰঞ্চ মেঘালয়ক এক মৌলিক উৎস হিচাপে স্বীকৃতি দিয়াটোৱেই হৈছে ইয়াৰ আচল সাৰমৰ্ম।
