গুৱাহাটী, ২৮ মাৰ্চ, ২০২৬ : অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক ভেটি সম্প্ৰসাৰিত হোৱাৰ লগে লগে অহা দশকটোত দ্ৰুতগতিত বৃদ্ধি পাবলৈ গৈ আছে ৰাজ্যখনৰ বিদ্যুতৰ (Electricity) চাহিদা। উৎপাদন ক্ষমতা বৃদ্ধিৰ সমান্তৰালভাৱে সঞ্চালন ব্যৱস্থাকো শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাক এই বৃদ্ধিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে। উদ্যোগসমূহলৈ নিৰ্ভৰযোগ্য আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰাৰ লক্ষ্যৰে বিশেষজ্ঞসকলে হাই ভল্টেজ ডাইৰেক্ট কাৰেণ্ট (এইচভিডিচি) সঞ্চালন ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

উল্লেখ্য যে, পৰম্পৰাগত অলটাৰনেটিং কাৰেণ্ট নেটৱৰ্কৰ বিপৰীতে এইচ ভি ডি চি প্ৰযুক্তিয়ে অতি কম লোকচানেৰে দীৰ্ঘ দূৰত্বলৈ বৃহৎ পৰিমাণৰ বিদ্যুৎ প্ৰেৰণ কৰিব পাৰে। ভৌগোলিকভাৱে আঁতৰত থকা আৰু গ্ৰিডৰ সীমাবদ্ধতা থকা অসমৰ দৰে অঞ্চলৰ বাবে এই দক্ষতা অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যখনৰ সৰ্বাধিক শক্তিৰ প্ৰয়োজনীয়তা ২০২৪–২৫ বিত্তীয় বৰ্ষৰ ২,৮০০ মেগাৱাটৰ পৰা ২০৩২–৩৩ বিত্তীয় বৰ্ষলৈ প্ৰায় তিনিগুণ বৃদ্ধি হৈ ৬,১৫৩ মেগাৱাট হোৱাৰ সম্ভাৱনা আছে। এই তথ্যই এক শক্তিশালী সঞ্চালন পৰিকল্পনাৰ জৰুৰী প্ৰয়োজনীয়তাক স্পষ্ট কৰি তুলিছে।

অসম মালা, এক্ট ইষ্ট পলিচী আৰু পেট্ৰ’লিয়াম, চাহ, পৰ্যটন তথা পৰিবহণ খণ্ডত হোৱা নিৰন্তৰ বিনিয়োগৰ ফলত বছৰি ৮ ৰ পৰা ৯ শতাংশ হাৰত বৃদ্ধি পাইছে অসমৰ মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি)। ব্যৱসায়িক প্ৰতিষ্ঠান, উচ্চ ক্ষমতা সম্পন্ন ঔদ্যোগিক গোট আৰু পাইকাৰী বিদ্যুৎ যোগান খণ্ডত চাহিদা বৃদ্ধি হোৱাৰ লগে লগে এই বিকাশৰ গতিপথ অনাগত দিনত আৰু অধিক তৰান্বিত হ’ব বুলি আশা কৰা হৈছে। উদ্যোগ খণ্ডৰ অংশীদাৰসকলৰ মতে সঞ্চালন আন্তঃগাঁথনি শক্তিশালী কৰিলে, বিশেষকৈ এইচ ভি ডি চি কৰিড’ৰৰ জৰিয়তেহে বৃহৎ অৰ্থনৈতিক সম্ভাৱনাক মুকলি কৰিব পৰা যাব।

এই সম্পৰ্কে শক্তি পৰামৰ্শদাতা প্ৰতিষ্ঠান এটাৰ এগৰাকী প্ৰতিনিধিয়ে কয়, “বিনিয়োগকাৰীসকলে সদায় বিদ্যুৎ যোগানৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্যতা আৰু সক্ষমতা বৃদ্ধিৰ দিশটোকেই অগ্ৰাধিকাৰ দিয়ে। যদি অসমে এইচ ভি ডি চিৰ জৰিয়তে নিৰৱচ্ছিন্ন গ্ৰিড সংযোগ আগবঢ়াব পাৰে, তেন্তে আধুনিক উৎপাদন খণ্ডৰ পৰা ডিজিটেল আন্তঃগাঁথনি পৰ্যন্ত উচ্চ-মানৰ শক্তিৰ প্ৰয়োজন হোৱা বহু উদ্যোগক ৰাজ্যখনে আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।”

টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগতে অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ দৰে আগন্তুক বৃহৎ প্ৰকল্পসমূহৰ পৰা বিদ্যুৎ ব্যৱহাৰৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এডভাণ্টেজ আছাম ২.০ পদক্ষেপৰ অধীনত প্ৰায় ৪০০ মেগাৱাটৰ মুঠ চাহিদা থকা উৎপাদন গোটসমূহ স্থাপন কৰি থকা হৈছে। সামগ্ৰিকভাৱে, নতুন ঔদ্যোগিক আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ মূল চাহিদাৰ উপৰিও প্ৰায় ১,০০০ মেগাৱাট অতিৰিক্ত চাহিদা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালভাৱে, অসমে প্ৰতিটোতে ৯০০ মেগাৱাট সম্পন্ন দুটা পাম্পড ষ্ট’ৰেজ প্ৰকল্পৰ পৰিকল্পনা কৰিছে।

এই প্ৰকল্পসমূহৰ বাবে কম চাহিদাৰ সময়ছোৱাত পৰ্যাপ্ত পৰিমাণৰ চাৰ্জিং শক্তিৰ প্ৰয়োজন হ’ব, যাৰ ফলত তেনে সময়ৰ চাহিদা অতিৰিক্ত ১,৮০০ মেগাৱাটেৰে বৃদ্ধি পাব পাৰে। চাহিদাৰ এই ক্ৰমবৰ্ধমান পৰিৱৰ্তনে অধিক নমনীয় আৰু সঁহাৰি জনাব পৰা এক সঞ্চালন নেটৱৰ্কৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিব। একে সময়তে, গ্ৰিডৰ স্থিৰতা হৈছে আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰত্যাহ্বানমূলক ভূ-খণ্ড আৰু চৰম বতৰৰ পৰিৱেশৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎ ব্যৱস্থাটো বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা থাকে। এইচ ভি ডি চি প্ৰণালীয়ে বিদ্যুৎ প্ৰৱাহৰ ওপৰত নিখুঁত নিয়ন্ত্ৰণ প্ৰদান কৰে, যাৰ ফলত হঠাতে হোৱা তাৰতম্যৰ সময়তো অপাৰেটৰসকলে স্থিৰতা বৰ্তাই ৰাখিব পাৰে।

নৱীকৰণযোগ্য শক্তিৰ সংযোগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে অধিক জৰুৰী হৈ পৰিছে এই ব্যৱস্থাটো। শক্তি পৰামৰ্শদাতা ছাদ্দাফ আলমে কয়, “আমি এনে এক ভৱিষ্যতৰ দিশে চাই আছোঁ য’ত উত্তৰ-পূৰ্বাঞ্চল ‘ভাৰতৰ বেটাৰী’ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে; কিন্তু এটা পুৰণি আৰু সীমাবদ্ধ গ্ৰিডৰ সহায়ত আধুনিক অৰ্থনীতি চলিব নোৱাৰে। এইচ ভি ডি চিয়ে আমাক অতি কম পৰিসৰৰ মাজেৰে অধিক শক্তি প্ৰেৰণ কৰি ঠেক শিলিগুৰি কৰিডৰৰ ভিৰ এৰাই চলিবলৈ সহায় কৰে। অঞ্চলটোৰ পূৰ্ণ শক্তি সম্ভাৱনাক মুকলি কৰিবলৈ এয়া অতি অপৰিহাৰ্য।”

এগৰাকী জ্যেষ্ঠ বিশেষজ্ঞই একেই মত পোষণ কৰি কয়, “এইচ ভি ডি চিত কৰা বিনিয়োগে উদ্যোগ খণ্ডক এক শক্তিশালী সংকেত প্ৰদান কৰে। সঞ্চালনৰ লোকচান হ্ৰাস কৰি আৰু উচ্চ-মানৰ বিদ্যুতৰ নিৰন্তৰ প্ৰৱাহ নিশ্চিত কৰি অসমে নিজকে ডাটা চেণ্টাৰ আৰু খাদ্য সংসাধনৰ দৰে শক্তি-নিৰ্ভৰ খণ্ডসমূহৰ বাবে এক প্ৰতিযোগিতামূলক গন্তব্যস্থান হিচাপে গঢ়ি তুলিব পাৰে; এয়া অঞ্চলটোৰ শক্তিখণ্ডৰ বিচ্ছিন্নতা দূৰ কৰাৰ এক প্ৰয়াস।” অৱশ্যে প্ৰত্যাহ্বান এতিয়াও আছে। এইচ ভি ডি চি প্ৰণালীৰ বাবে বিশেষকৈ কনভাৰ্টাৰ ষ্টেচনসমূহৰ ক্ষেত্ৰত আৰম্ভণিতে বৃহৎ বিনিয়োগৰ প্ৰয়োজন হয় আৰু ইয়াৰ বাবে বিশেষ কাৰিকৰী দক্ষতাৰো আৱশ্যক। ইমানৰ পাছতো উদ্যোগ বিশেষজ্ঞসকলে যুক্তি দিয়ে যে ইয়াৰ দীৰ্ঘকালীন সুবিধাসমূহ প্ৰাথমিক ব্যয়তকৈ বহুগুণে বেছি। এই প্ৰসংগত আন্তঃগাঁথনি বিশ্লেষক বিক্ৰম শৰ্মাই কয়, “এই আন্তঃগাঁথনি নিৰ্মাণ নকৰাৰ খৰচ বহুত বেছি। উপযুক্ত সঞ্চালন ব্যৱস্থা অবিহনে আমি অকামিলা উৎপাদন সম্পত্তি সৃষ্টি কৰাৰ এক বিৰাট বিপদাশংকা থাকে। এইচ ভি ডি চি হ’ল সেই গুৰুত্বপূৰ্ণ সেতু যিয়ে অসমৰ প্ৰাকৃতিক আৰু ঔদ্যোগিক সম্ভাৱনাক এক নিৰন্তৰ অৰ্থনৈতিক বিকাশত পৰিণত কৰিব পাৰে।”