নিউজ ডেস্ক, ১৯ এপ্ৰিল, ২০২৬ : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ টাৰ্মিনেলসমূহত ৰে’ল যোগে চিমেণ্ট কাৰ্গো (Cement Cargo) পৰিবহণ আৰু লোডিং-আনলোডিঙৰ দিশত এক অভূতপূৰ্ব অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত চিমেণ্টৰ অন্তৰ্মূখী পৰিবহন ৭.৮ শতাংশ বৃদ্ধি হয় যি ২০২৪-২৫ বৰ্ষৰ ৯.০৫ মিলিয়ন টনৰ তুলনাত ২০২৫-২৬ বৰ্ষত ইয়াৰ পৰিমাণ বৃদ্ধি ৯.৭৬ মিলিয়ন টন বৃদ্ধি হৈছে।
লোডিঙৰ দিশত চিমেণ্টৰ লক্ষণীয়ভাৱে ১৫২.৭ শতাংশ বৃদ্ধি পৰিলক্ষিত হয়। এই সফলতাই সমগ্ৰ উত্তৰ পূৰ্ব্বাঞ্চলত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু মাল পৰিবহণৰ দিশত দক্ষতা বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰয়াসকেই প্ৰতিফলিত কৰিছে। ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে ছাইৰাং ৰে’ল ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে এখন চিমেণ্টৰ ৰেক সফলতাৰে আনলোড কৰাই আছিল এই বৰ্ষৰ আটাইতকৈ উল্লেখযোগ্য সাফল্য।
গুৱাহাটীৰ সমীপত অৱস্থিত ষ্টাৰ চিমেণ্ট ছাইডিঙৰ পৰা লোড কৰা এই ৰেকখন আছিল নৱনিৰ্মিত ভৈৰৱী-ছাইৰাং ৰে’লপথত চলা প্ৰথমখন মালবাহী ৰে’ল যি আঞ্চলিক ৰে’ল যোগাযোগৰ দিশত তাৎপৰ্যপূৰ্ণভাৱে সমৃদ্ধি কঢ়িয়াই আনিছে। ইয়াৰ পিছত চিমেন্ট কাৰ্গোৰ পৰিবহন আৰু অধিক শক্তিশালী কৰণেৰে ২৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে নাগালেণ্ডৰ মলভোম ৰে’ল ষ্টেচনত প্ৰথমবাৰৰ বাবে চিমেণ্টৰ ৰেক আনলোড কৰা হয়। এই ৰেকখন তেলেংগানাৰ মেছাৰ্চ মাই হোম ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডৰ পৰা ৪১ খন ৱাগনেৰে লোড কৰা হৈছিল যি নাগালেণ্ডৰ চিমেণ্ট পৰিবহণৰ দিশত এক ঐতিহাসিক সফলতাৰূপে চিহ্নিত হৈছে।
আনহাতে ১১ মাৰ্চ ২০২৫ তাৰিখে তেতেলিয়াৰ ব্যস্ততম ষ্টাৰ চিমেণ্ট ছাইডিঙত পোন প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিনযুক্ত মালবাহী ৰে’ল ৰখোৱা হয় যিখনে বিগত ফেব্ৰুৱাৰী মাহত ৫০ খন ৰেক হেণ্ডলিং কৰিছিল। ইয়াৰ উপৰিও ২৪ মাৰ্চ ২০২৫ তাৰিখে আগৰতলাৰ সমীপৰ নিশ্চিন্তপুৰ টাৰ্মিনেলত প্ৰথমবাৰৰ বাবে চিমেণ্টযুক্ত মালবাহী ৰে’ল সফলতাৰে ৰখোৱা হয়। তেতেলিয়া ষ্টাৰ চিমেণ্ট চাইডিঙৰ পৰা অহা এই কনচাইনমেণ্ট আগৰতলা-আখাউৰা নতুন ৰে’ল সংযোগ প্ৰকল্পৰ বাবে এক ঐতিহাসিক ক্ষণ ৰূপে পৰিগণিত হয় যি ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত মালবাহী ৰে’লৰ পৰিবহণক আৰু অধিক শক্তিশালী কৰি তুলিছে।
