নিউজ ডেস্ক, ১৮ এপ্ৰিল, ২০২৬ : ভোটাৰ সজাগতা (Voter Awareness) আৰু গণতান্ত্ৰিক অংশগ্ৰহণ শক্তিশালী কৰাৰ লক্ষ্যৰে এক অনন্য আৰু সমন্বিত প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ঐতিহ্যবাহী দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ জৰিয়তে দাৰ্জিলিং জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ১৭ এপ্ৰিল ২০২৬ তাৰিখে এখন “মেগা এছভিইইপি” (ভোটাৰ সচেতনতা আৰু নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ) অনুষ্ঠানৰ আয়োজন কৰে। আগন্তুক পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচন, ২০২৬ ৰ প্ৰতি লক্ষ্য ৰাখি এক সচেতন, অন্তৰ্ভুক্তিমূলক আৰু সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দ্যেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানৰ এক অংশ ৰূপে আয়োজিত কাৰ্যসূচীৰ অধিকাংশ প্ৰসিদ্ধ দাৰ্জিলিং ৰে’ল ষ্টেচনত আয়োজন কৰা হয়। ষ্টেচন চৌহদত ৰে’লৱে বিষয়াবৰ্গ, জিলা প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ উৎসাহী অংশগ্ৰহণ প্ৰত্যক্ষ কৰা গৈছিল, য’ত সজাগ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিটো ভোটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। বিশিষ্ট অতিথিসকলৰ আগমনৰ লগে লগে এই অনুষ্ঠানৰ শুভাৰম্ভ হয় আৰু ইয়াৰ পিছতেই আনুষ্ঠানিক বন্তি প্ৰজ্বলন আৰু পৰম্পৰাগত আদৰণি অনুষ্ঠান আয়োজন কৰা হয় যি ভোটাৰসকলৰ মাজত সজাগতা আলোকিত চেতনাৰ প্ৰতীক ৰূপে প্ৰতিফলিত হয়। স্থানীয় শেৰপা সাংস্কৃতিক দলে পৰিৱেশন কৰা এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানে উক্ত কাৰ্যসূচীক অধিক মনোমোহা কৰি তোলে যিয়ে স্থানীয় সমৃদ্ধ ঐতিহ্যক পৰিবেশন কৰাৰ লগতে নাগৰিকৰ দায়িত্ববোধ স্পৃহাকো অধিক শক্তিশালী কৰে।
কাৰ্যসূচীৰ আয়োজনস্থলীত এক স্বাক্ষৰ অভিযান চলোৱা হয়, য’ত নাগৰিক আৰু ৰে’লৱে বিষয়াবৰ্গৰ সক্ৰিয় অংশগ্ৰহণ দেখা গৈছিল, তেওঁলোকে নৈতিক আৰু সচেতন ভোটদানৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। এই অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল বিশেষ “ডেম’ক্ৰেচী এক্সপ্ৰেছ” নামৰ ডিএইচআৰ ৰে’লখনৰ বিশেষভাৱে উৎসৰ্গিতকৰণ। এই ৰে’লখনে স্থানীয় বাসিন্দা আৰু পৰ্যটক উভয়কে স্পৰ্শ কৰি দাৰ্জিলিঙৰ পৰা প্ৰসিদ্ধ বাতাসিয়া লুপলৈ যাত্ৰা কৰি গণতান্ত্ৰিক মূল্যবোধক সমাজৰ প্ৰত্যেক স্তৰলৈকে বিস্তাৰ কৰিবলৈ সক্ষম হয়। দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ঐতিহ্য আৰু জনপ্ৰিয়তাক সুচাৰুৰূপে ব্যৱহাৰ কৰি এই অনুষ্ঠান এখন মনোমোহা ৰে’ল যাত্ৰাক জনসাধাৰণৰ সজাগতাৰ শক্তিশালী মাধ্যমলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু জিলা প্ৰশাসনৰ উমৈহতীয়া সহযোগিতাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ দিশত ইয়াৰ পাৰষ্পৰিক প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাজহুৱা সচেতনতা, সামাজিক দায়িত্ববোধ আৰু ৰাইজৰ অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় পদক্ষেপসমূহক সঁহাৰি প্ৰদানৰ প্ৰতি সমৰ্পিত হৈ আহিছে।
