নিউজ ডেস্ক, ২৩ এপ্ৰিল, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে লামডিং (Lumding) মণ্ডলৰ অধীনৰ ভৈৰবী-বদৰপুৰ আৰু বদৰপুৰ-পাথৰখোলা খণ্ডত এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শন বিশেষকৈ আগতীয়া বৰ্ষাকালৰ পৰিপ্ৰেক্ষিতত চলি থকা সুৰক্ষামূলক অভিযানৰ অংশ হিচাপে আৰু আন্তঃগাঁথনিগত প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কৰা হয়।

পৰিদৰ্শনৰ সময়ত, খণ্ডসমূহৰ গাঁথনিগত অখণ্ডতা আৰু ট্ৰেকৰ উপযুক্ততা মূল্যাঙ্কনৰ বাবে এক বিস্তৃত ‘উইণ্ড’ ট্ৰেইলিং’ পৰিদৰ্শন সম্পন্ন কৰা হয়। এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ, ই সম্ভাৱ্য অসুৰক্ষিত অৱস্থা চিনাক্ত কৰাত সহায় কৰে আৰু পানী জমা হোৱা, মাটিৰ ক্ষয় আৰু ৰেলপথৰ অস্থিতিশীলতাৰ দৰে বৰ্ষা-সম্পৰ্কীয় সমস্যাসমূহৰ বিপৰীতে ৰে’লৱে আন্তগাঁথনি বিপদমুক্ত আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ মহাপ্ৰবন্ধকে গুৰুত্বপূৰ্ণ সুৰক্ষা মানদণ্ডসমূহ পৰ্যালোচনা কৰি সংশ্লিষ্ট কৰ্মকর্তাসকলক কঠোৰ নিৰীক্ষণ আৰু সময়মতে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

এই উপলক্ষে মহাপ্ৰৱন্ধক গৰাকীয়ে বদৰপুৰত নৱনিৰ্মিত উপ-মাণ্ডলিক প্ৰশিক্ষণ কেন্দ্ৰ আৰু আল্ট্ৰাছ’নিক ফ্ল’ ডিটেকশ্যন (ইউএছএফডি) লেবৰেটৰি পৰিদৰ্শন কৰে। এই সুবিধাসমূহ ৰে’লৱে কৰ্মচাৰীসকলৰ প্ৰযুক্তিগত দক্ষতা শক্তিশালী কৰাৰ লগতে ট্ৰেকৰ পৰিদৰ্শন ও ত্ৰুটি চিনাক্তকৰণ ব্যৱস্থাৰ দিশত কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পদক্ষেপসমূহে অধিক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল পৰিচালন নিশ্চিত কৰাৰ বাবে ক্ষমতা বৃদ্ধি আৰু অত্যাধুনিক প্ৰযুক্তি গ্ৰহণৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

এই পৰিদৰ্শনৰ সময়ত বদৰপুৰ ৰে’লৱে ষ্টেচনত চলি থকা উন্নয়নমূলক কামকাজসমূহো পৰ্যালোচনা কৰে। মিজোৰামৰ ভৈৰবীৰ পৰা ছাইৰাংলৈ বিস্তৃত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ প্ৰকল্পৰ প্ৰেক্ষাপটত এই পৰিদৰ্শনে অধিক তাৎপর্য লাভ কৰে। ২০২৫ বৰ্ষত আৰম্ভ হোৱা এই সংযোগে আঞ্চলিক যোগাযোগ যথেষ্ট উন্নত কৰাৰ লগতে মিজোৰামক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে অৰ্থনৈতিকভাৱে একত্ৰিত কৰাত সহায় কৰিছে। ছাইৰাংলৈ ৰে’ল সংযোগ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনৰ পৰ্যটন অৰ্থনীতিয়ে উভয় ক্ষেত্ৰতে এক বৃহৎ সঁহাৰি লাভ কৰিছে। গুৰুত্বপূৰ্ণ সংযোগ হিচাপে থকা ভৈৰবীলৈ এই বিস্তৃত নেটৱৰ্কত বিদ্যমান খণ্ডসমূহৰ সুৰক্ষা আৰু গাঁথনিগত দৃঢ়তা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়।