নিউজ ডেস্ক, ২৪ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কত চলাচল কৰা একাধিক মেইল/এক্সপ্ৰেছ (Express) আৰু যাত্ৰীবাহী ৰে’লৰ সময়সূচীৰ ব্যাপক সংশোধন কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সময়ানুবর্তিতাৰ উন্নতকৰণ, ৰে’ল পৰিচালনত দক্ষতা বৃদ্ধি আৰু যাত্ৰীৰ বাবে অধিক দ্ৰুত সেৱা নিশ্চিত কৰা। এই সংশোধিত সময়সূচী অধিকাংশ সেৱাৰ বাবে ২৭ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব। আনহাতে কিছুসংখ্যক ৰে’লৰ নতুন সময়সূচী ২৪ এপ্ৰিল আৰু ২৮ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা আৰম্ভ হ’ব।
এই সংশোধনে কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া আদি গুৰুত্বপূৰ্ণ মণ্ডলসমূহ সামৰি লৈছে আৰু বহুতো গুৰুত্বপূৰ্ণ ৰে’ল সেৱা অন্তৰ্ভূক্ত কৰিছে। ফাৰাক্কা এক্সপ্ৰেছ, তিস্তা তোৰ্সা এক্সপ্ৰেছ, কুলিক এক্সপ্ৰেছ, গৰীব নৱাজ এক্সপ্ৰেছ, পাহাৰিয়া এক্সপ্ৰেছ, ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু ডেমু যাত্ৰীবাহী সেৱাসহ বহুতো ৰে’লৰ বিভিন্ন ষ্টেচনত আগমন আৰু প্ৰস্থানৰ সময়সূচীৰ পৰিবর্তন কৰা হৈছে। এই পৰিৱর্তনসমূহ ৰে’ল পৰিচালনৰ দক্ষতা বৃদ্ধি, সময়ানুবর্তিতাৰ উন্নতকৰণ আৰু বিভিন্ন খণ্ডৰ মাজত ৰে’লসংযোগ শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। এই সংশোধনৰ ফলত প্ৰভাৱিত হোৱা গুৰুত্বপূৰ্ণ ৰে’লসমূহৰ ভিতৰত আছে ৰে’ল নং. ১৫৭৪৩/১৫৭৪৪ (বালুৰঘাট-ভাটিণ্ডা-বালুৰঘাট) আৰু ৰে’ল নং. ১৫৭৩৩/১৫৭৩৪ (বালুৰঘাট-ভাটিণ্ডা-বালুৰঘাট) ফাৰাক্কা এক্সপ্ৰেছ, ৰে’ল নং. ১৩০৬৩/১৩০৬৪ (হাওড়া-বালুৰঘাট-হাওড়া) এক্সপ্ৰেছ, ৰে’ল নং. ১৩১৬১/১৩১৬২ (কলকাতা-বালুৰঘাট-কলকাতা) তেভাগা এক্সপ্ৰেছ, ৰেল নং. ১৩০৫৩/১৩০৫৪ (হাওড়া-ৰাধিকাপুৰ-হাওড়া) কুলিক এক্সপ্ৰেছ,
ৰে’ল নং. ১৫৪৬৩/১৫৪৬৪ (বালুৰঘাট-হলদিবাৰী-বালুৰঘাট) ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰে’ল নং. ১৫৭১৬ (আজমেৰ-কিশনগঞ্জ) গৰীব নৱাজ এক্সপ্ৰেছ, ৰে’ল নং. ১৫৭১৯/১৫৭২০ (কাটিহাৰ-শিলিগুড়ী-কাটিহাৰ) ইণ্টাৰচিটি এক্সপ্ৰেছ (বাৰছোই হৈ), ৰে’ল নং. ১৫৭১০/১৫৭০৯ (নিউ জলপাইগুড়ী-মালদা টাউন-নিউ জলপাইগুড়ী), ৰে’ল নং. ১৩১৪১/১৩১৪২ (শিয়ালদহ-নিউ আলিপুৰদুৱাৰ-শিয়ালদহ) তিস্তা তোৰ্সা এক্সপ্ৰেছ, ৰে’ল নং. ৭৫৭০৫/৭৫৭০৬ (শিলিগুড়ী-ৰাধিকাপুৰ-শিলিগুড়ী) ডেমু ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু ৰে’ল নং. ১৫৭২১/১৫৭২২ (নিউ জলপাইগুড়ী-দিঘা-নিউ জলপাইগুড়ী) পাহাৰিয়া এক্সপ্ৰেছ, লগতে ডেমু যাত্ৰী সেৱা আৰু আন সংযোগী ৰে’লসমূহ অন্তৰ্ভূক্ত আছে।সংশোধিত সময়সূচী অনুসৰি বহুতো ষ্টেচনৰ সময়সূচী আগতে নিৰ্ধাৰণ কৰা হৈছে, যাতে দ্ৰুত গতিবেগৰ সৈতে চলাচল আৰু উন্নত সময়ানুবর্তিতা নিশ্চিত কৰিব পৰা যায়।
উদাহৰণস্বৰূপে, গঙ্গাৰামপুৰত ১১:১৮/১১:২০ বজাৰ পৰা ১১:১৫/১১:১৭ বজালৈ সময় আগত সংশোধন কৰা হৈছে, আনহাতে বুনিয়াদপুৰত ১১:০৫/১১:০৭ বজাৰ পৰা ১০:৫৮/১১:০০ বজালৈ সময় আগত সংশোধন কৰা হৈছে। এইদৰে বিভিন্ন খণ্ডত একে ধৰণেৰে গতিবেগ বৃদ্ধি কৰি সংশোধন কৰা হৈছে, পৰিণামস্বৰূপে ভ্ৰমণ সময় হ্ৰাস হৈছে। কিছুমান ষ্টেচনত সময়সূচী পৰিবর্তন কৰা হোৱা নাই, যাতে যাত্ৰীৰ সুবিধা হয়। এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফলৰ পৰা অনুৰোধ জনোৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সুৰক্ষিত, দক্ষ আৰু যাত্ৰীহিতৈষী সেৱা প্ৰদানৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকি ইয়াৰ সমগ্ৰ অঞ্চলত ভ্ৰমণ অভিজ্ঞতা নিৰন্তৰ উন্নত কৰি গৈছে।
