নিউজ ডেস্ক, ১ মে’, ২০২৬ : ৰে’লৱে হিতাধিকাৰীসকলক গুণগতমান স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষত ইয়াৰ নেটৱৰ্কজুৰি চিকিৎসা আন্তঃগাঁথনিৰো (Infrastructure) উন্নীতকৰণ আৰু ৰোগীৰ যত্নৰ মান বৃদ্ধিৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্যসেৱা সুবিধাসমূহ আধুনিকীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে, গুৰুত্বপূৰ্ণ ৰে’লৱে চিকিৎসালয়সমূহত কেইবাটাও অত্যাধুনিক চিকিৎসা সা-সঁজুলি স্থাপন কৰা হৈছে।
কাটিহাৰৰ মাণ্ডলিক ৰে’লৱে চিকিৎসালয়ত এটা ডিজিটেল এক্স-ৰে চিষ্টেম আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় অটো এনালাইজাৰ স্থাপন কৰি ৰোগ নিৰ্ণয়ৰ সঠিকতা আৰু কাৰ্যক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে। ৰঙাপাৰা নৰ্থত এটা চিআৰ চিষ্টেম এক্স-ৰে মেচিন স্থাপন কৰা হৈছে, যি অঞ্চলটোৰ ৰোগ নিৰ্ণয় ক্ষমতা অধিক শক্তিশালী কৰিছে। মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত লেজোট্ৰনিক্স লেজাৰ ডায়’ড, চুপাৰ ইণ্ডাক্টিভ ফিজিঅ’থেৰাপী চিষ্টেম আৰু এটা আধুনিক ষ্টীম ষ্টেৰিলাইজাৰৰ দৰে অত্যাধুনিক চিষ্টেম স্থাপন কৰা হৈছে।
এই সংযোজনসমূহে গুণমান আৰু ৰোগীৰ সুস্থতাৰ ফলাফল যথেষ্টভাৱে উন্নত কৰিব বুলি আশা কৰা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ দিশত, মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত উল্লেখযোগ্য উন্নতি কৰা হৈছে। নতুন স্নাতকোত্তৰ চিকিৎসকৰ হোষ্টেল আৰু ডৰ্মিটৰী নিৰ্মাণ কৰা হৈছে, যি চিকিৎসা পেছাদাৰীসকলৰ বাবে উন্নত আবাসিক সুবিধা নিশ্চিত কৰিছে। ইয়াৰ উপৰিও, ছেমি-কেবিনসমূহ নতুনকৈ নিৰ্মাণ কৰা হৈছে লগতে মহিলা চাৰ্জিকেল ৱাৰ্ড, অৰ্থ’পেডিক ৱাৰ্ড আৰু বাৰ্ণ ইউনিটকে ধৰি মূল ৱাৰ্ডসমূহ উন্নীত কৰা হৈছে যাতে ৰোগীৰ স্বাস্থ্যসেৱা আৰু সা-সুবিধা অধিক উন্নত হয়।
উক্ত বৰ্ষটোৰ এক বৃহৎ সফলতা হৈছে মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোডত হিম’ডায়েলিচিছ ইউনিট স্থাপন কৰা। এই সুবিধাই জৰুৰী চিকিৎসা সেৱা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপৰূপে পৰিগণিত হোৱাৰ লগতে নিয়মীয়াকৈ ডায়েলিচিছ চিকিৎসা প্ৰয়োজন হোৱা ৰোগীসকলৰ বাবে যথেষ্ট লাভদায়ক হ’ব। এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিকিৎসা ব্যৱস্থা আধুনিকীকৰণ, চিকিৎসা সুবিধাৰ সহজলব্ধতা বৃদ্ধি আৰু হিতাধিকাৰীসকলৰ বাবে উচ্চমানৰ চিকিৎসা নিশ্চিত কৰাৰ দিশত অবিৰত প্ৰচেষ্টাক প্ৰতিফলিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই অনাগত বছৰসমূহতো স্বাস্থ্যসেৱা অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব।
