নিউজ ডেস্ক, ৯ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ সময়ছোৱাত যাত্ৰী সুৰক্ষাৰ শক্তিশালীকৰণ, বেআইনী কাৰ্যকলাপ ৰোধ আৰু সমগ্ৰ সংমণ্ডলত এক সুৰক্ষিত ৰে’ল পৰিৱেশ নিশ্চিত কৰাৰ দিশত অবিৰত প্ৰচেষ্টা চলায়। উক্ত মাহটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লৱে আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৩০৮১ টা গোচৰ ৰুজু কৰি ৰে’লৱে পৰিসৰত কৰা অবৈধ কামকাজৰ বিৰূদ্ধে অভিযান চলাই ৩০০০ তকৈ অধিক অপৰাধীক দণ্ডিত কৰে।

ৰে’লৱে সুৰক্ষা বাহিনীয়ে টিকট পৰীক্ষণ অভিযানত সহায় কৰি ১০৭৪ জন টিকটবিহীন যাত্ৰী ধৰা পেলায় লগতে ১০ লাখ টকাতকৈ অধিক জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এক গুৰুত্বপূৰ্ণ আইন প্ৰয়োগকাৰী অভিযানৰ সফলতাৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে গঞ্জা, ব্ৰাউন চুগাৰ আৰু কফ চিৰাপ সমন্বিতে ২.৩৫ কোটি টকাতকৈয়ো অধিক মূল্যৰ ৩৩ টা মাদক পদাৰ্থৰ চোৰাং সৰবৰাহৰ গোচৰ ধৰা পেলায়। ইয়াৰ উপৰিও সুৰাৰ অবৈধ চোৰাং কাৰবাৰৰ সৈতে জড়িত ১৫ জন ব্যক্তিকো আটক কৰে।

দালালৰ বিৰুদ্ধে অভিযান চলাই চাৰি জন দালালক আটক কৰি ৪৭ খন ৰে’ল টিকট জব্দ কৰে যাৰ মূল্য ১.৪৩ লাখ টকাতকৈ অধিক। ইয়াৰ উপৰিও ৰে’লৱে সম্পত্তি চুৰিৰ সৈতে জড়িত ৩২ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ২.১০ লাখ টকাতকৈ অধিক মূল্যৰ চুৰি হোৱা ৰে’লৱে সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ২৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৪৪ টা মোবাইল ফোনসহ চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰে যাৰ মূল্য ৬.১৯ লাখ টকাতকৈ অধিক। এই অভিযানৰ জৰিয়তে চলমান ৰে’লত শিলগুটি নিক্ষেপৰ ঘটনাত জড়িত তিনি জন ব্যক্তিক আটক কৰাৰ লগতে উক্ত মাহটোত ১৬ জন অবৈধ বহিৰাগত নাগৰিকক আটক কৰে।

ইয়াৰ উপৰিও প্ৰায় ১.৪০ কোটি টকা মূল্যৰ যাত্ৰীয়ে এৰি থৈ যোৱা ১১৩ টা মালবস্তু উদ্ধাৰ কৰি সঠিক প্ৰমাণীকৰণৰ পিছত সংশ্লিষ্ট যাত্ৰীসকলক ঘূৰাই দিয়ে। সমগ্ৰ সংমণ্ডলত প্ৰতিদিনে গড়ে ৫৩ খন ৰে’ল ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে পহৰা দি লৈ যায় যাৰ ফলত যাত্ৰীৰ সুৰক্ষা নিশ্চিত হৈ পৰে। এই আইন প্ৰয়োগকাৰী অভিযানৰ লগতে মানৱীয় দায়িত্ব পালন কৰি ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৮০ জন নাবালক ল’ৰা-ছোৱালী আৰু চাৰিগৰাকী মহিলাক উদ্ধাৰ কৰি চাইল্ডলাইন, এন.জি.অ’., অভিভাৱক আৰু আৰক্ষীৰ হাতত সুৰক্ষিতভাৱে অৰ্পন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে স্বচ্ছতা আৰু ৰাজহুৱা সাহাৰ্য অভিযানতো সক্ৰিয়ভাৱে জড়িত থাকি ৰেলৱে পৰিসৰ লেতেৰা কৰাৰ বাবে ১৫৯৬ জন ব্যক্তিক দণ্ডিত কৰে। সমগ্ৰ সংমণ্ডলৰ বিভিন্ন স্থানত অবৈধ দখলৰ বিৰূদ্ধে অভিযানো চলোৱা হৈছে যাতে সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে ৰে’লৰ পৰিচালন নিশ্চিত হয়।