নিউজ ডেস্ক, ১০ মে’ ২০২৬ : মালবাহী ৰে’লৰ (Goods Train) সুদক্ষ পৰিচালন আৰু অত্যাৱশ্যকীয় সামগ্ৰী সময়মতে পৰিবহণৰ দিশত অবিৰত প্ৰতিশ্ৰুতিৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ এপ্ৰিল মাহৰ সময়ছোৱাত মালবাহী ৰে’লৰ লোডিঙত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। উক্ত মাহটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ০.৯৭২ মিলিয়ন টন (এমটি) মালবাহী সামগ্ৰী লোড কৰিছে, যি পূৰ্ব বৰ্ষৰ এই একেই সময়চোৱাৰ তুলনাত ৮.৬ শতাংশ বৃদ্ধি।
উক্ত মাহটোত কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰীৰ লোডিঙত লক্ষ্যণীয় বৃদ্ধি পৰিলক্ষিত হৈছে। চিমেণ্টৰ লোডিঙত এক ব্যতিক্ৰমী ৩২৯.০ শতাংশৰ বৃদ্ধি হোৱাৰ লগতে কয়লাৰ লোডিং ১৪১.৭ শতাংশ বৃদ্ধি পাইছে। ডলোমাইটৰ লোডিঙতো ২০.৭ শতাংশৰ এক মজবুত বৃদ্ধি পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও “অন্যান্য” শ্ৰেণীৰ অধীনত থকা বিভিন্ন সামগ্ৰীৰ লোডিঙত ১৯০.০ শতাংশ পৰিমাণৰ বৃদ্ধি হৈছে, যি এই অঞ্চলৰ নিৰ্মাণ সম্পৰ্কীয় সামগ্ৰী আৰু আনুষঙ্গিক সামগ্ৰীৰ পৰিবহণ বৃদ্ধি পোৱাৰে ইংগিত বহন কৰিছে।
মালবাহী ৰে’লৰ লোডিঙৰ এই স্থিতিশীল বৃদ্ধিয়ে উত্তৰ-পূৰ্ব্বাঞ্চল আৰু তাৰ আশে পাশে থকা অঞ্চলসমূহত আৰ্থিক আৰু উদ্যোগিক গতিবিধি ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথাই প্ৰতিফলিত কৰিছে। এই অবিৰত বৃদ্ধিয়ে কেৱল আঞ্চলিক যোগান শৃংখলাক সবল কৰাই নাই, লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজহ উপাৰ্জনৰ বৃদ্ধিতো উল্লেখযোগ্য অৰিহণা যোগাইছে। অনাগত মাহসমূহত মালবাহী ৰে’লৰ পৰিবহণত নিৰ্ভৰযোগ্য সৰবৰাহ আৰু অব্যাহত বৃদ্ধি নিশ্চিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰযুক্তিগত উন্নয়ন, পৰিচালনগত দক্ষতা আৰু গ্ৰাহক-কেন্দ্ৰিক মালবাহী ৰে’ল সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।
