নিউজ ডেস্ক, ১৪ মে’ ২০২৬ : বৰষুণৰ বতৰত ৰে’লৱে সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা সবল কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱে ইয়াৰ নেটৱৰ্কৰ সংবেদনশীল স্থানসমূহত স্বয়ংক্ৰিয় বতৰ ষ্টেচন (এডব্লিউএছ) স্থাপন কৰাৰ কাম আৰম্ভ কৰিছে। এই পদক্ষেপে সঠিক আৰু প্ৰকৃত সময়ৰ ভিত্তিত বতৰৰ (Weather) পূৰ্বাভাস নিশ্চিত কৰি বানপানী, ভূমিস্খলন আৰু প্ৰতিকূল বতৰৰ সময়ত সময়োচিত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত মুঠ নটা স্বয়ংক্ৰিয় বতৰ ষ্টেচন কৌশলগতভাৱে চিনাক্ত কৰা সংবেদনশীল স্থানসমূহত স্থাপন কৰা হৈছে। এই স্থানসমূহৰ ভিতৰত আছে অসমৰ লামডিং-বদৰপুৰ খণ্ড, মিজোৰামক সংযোগ কৰা কাটাখাল-ছাইৰাং খণ্ড আৰু মণিপুৰৰ জিৰিবাম-খোংচাং খণ্ড। বাৰিষাৰ বতৰত এই অঞ্চলসমূহ অত্যধিক বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ বাবে অতি সংবেদনশীল, য’ত বতৰৰ অবিৰত নিৰীক্ষণ সুৰক্ষিত ৰে’ল চলাচলৰ বাবে অতি প্ৰয়োজনীয়।

এতিয়ালৈকে তিনিটা স্বয়ংক্ৰিয় বতৰ ষ্টেচন সফলতাৰে স্থাপন কৰা হৈছে, আনহাতে বাকী ছটা ষ্টেচন বিভিন্ন পৰ্যায়ত স্থাপনৰ কাম চলি আছে আৰু ২০২৬ বৰ্ষৰ মে’ মাহৰ শেষলৈকে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। এই বতৰ ষ্টেচনসমূহৰ স্থাপন ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কৰা হৈছে। এডব্লিউএছ নেটৱৰ্কে সঠিক আৰু নিৰ্ধাৰিত স্থানত বতৰৰ তথ্য প্ৰদান কৰি ৰে’ল কৰ্তৃপক্ষক জৰুৰীকালীন আৰু প্ৰতিকূল বতৰৰ সময়ত সময়োচিত আৰু তথ্যভিত্তিক সিদ্ধান্ত লোৱাত সহায় কৰিব।

এই পদক্ষেপে বিশেষকৈ বানপ্ৰৱণ আৰু ভূমিস্খলন সংবেদনশীল খণ্ডসমূহত প্ৰস্তুতি আৰু সঁহাৰিৰ ব্যৱস্থা যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে। এই স্বয়ংক্ৰিয় বতৰ ষ্টেচনসমূহত উন্নত চেন্সৰ সংলগ্ন আছে যিয়ে একাধিক বতৰ পেৰামিটাৰ অতি সঠিকভাৱে নিৰীক্ষণ কৰিব পাৰে। ৰেইন গেজ চেন্সৰে প্ৰতি ঘণ্টাত ৯০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণৰ তীব্ৰতা ৰেকৰ্ড কৰিব পাৰে, আনহাতে টেম্পাৰেচাৰ চেন্সৰে মাইনাছ ৪০ ডিগ্ৰী চেলচিয়াছৰ পৰা প্লাছ ৭৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপমাত্ৰা জুখিব পাৰে। বায়ু নিৰীক্ষণ চেন্সৰে ৮০ মিটাৰ প্ৰতি ছেকেণ্ড পৰ্যন্ত বতাহৰ গতিবেগ ৰেকৰ্ড কৰিব পাৰে।

ইয়াৰ উপৰিও হিউমিডিটি চেন্সৰে ০ ৰ পৰা ১০০ শতাংশ হিউমিডিটি আৰু প্ৰেছাৰ চেন্সৰে ১২০০ এইচপিএ পৰ্যন্ত বায়ুমণ্ডলীয় চাপ জুখিব পাৰে। এই উন্নত বতৰ নিৰীক্ষণ পদ্ধতিৰ কাৰ্যকৰীকৰণে প্ৰত্যাহ্বানমূলক ভৌগোলিক অঞ্চলত বাৰিষাৰ বতৰত  নিৰৱচ্ছিন্ন ৰে’ল সংযোগ নিশ্চিত কৰাৰ লগতে পৰিচালনগত সুৰক্ষা বৃদ্ধি কৰি আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।