গুৱাহাটী, ২০ মে’, ২০২৬: সকলো খাদ্যৰ বাবে সুকীয়া কোনো উপলক্ষৰ প্ৰয়োজন নাই। কেতিয়াবা কেৱল চিনাকি সোৱাদৰ টানেই এগৰাকী খাদ্যপ্ৰেমিকক লৈ আহে ডাইনিং টেবুললৈ যি সোৱাদে মনত পেলাই দিয়ে ব্যস্ত চ’ক, ৰাস্তাৰ কাষৰ খাদ্যৰ ঠেলা গাড়ী আৰু কোনো বিশেষ পৰিকল্পনা নোহোৱাকৈয়ে একেলগে ভগাই খোৱাৰ মুহূৰ্তবোৰ। সেই পৰিচিত অনুভৱকে অধিক আৰামদায়ক পৰিৱেশত তুলি ধৰিবলৈ ৰেডিছন ব্লু গুৱাহাটীয়ে এতিয়া লৈ আহিছে “দ্য ষ্ট্ৰীট এডিট- এ ষ্ট্ৰীট ফুড ফেষ্টিভেল এট কেফে বি ইউ” (Food Festival)।

লক্ষ্যণীয় যে, ১৮ মে’ৰ পৰা ২৪ মে’, ২০২৬ পৰ্যন্ত কেফে বি ইউত আয়োজন কৰা হৈছে এই বিশেষ খাদ্য উৎসৱৰ। এই খাদ্যৰ উৎসৱত পৰিৱেশন কৰা হ’ব ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় তথা বহুল সমাদৃত ষ্ট্ৰীট ফুড। ২৩ মে’লৈকে প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১ বজালৈ অতিথিসকলে উপভোগ কৰিব পাৰিব এই উৎসৱৰ সোৱাদ। আনহাতে দেওবাৰে, ২৪ মে’ত, দুপৰীয়া ১২ বাজি ৩০ মিনিটৰ পৰা আবেলি ৪ বজালৈ গ্ৰাহকৰ বাবে বিশেষ দুপৰীয়াৰ আহাৰৰ সেৱা উপলব্ধ থাকিব। এই বিশেষ মেন্যুত ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় পদপথৰ খাদ্যৰ আচল সোৱাদ তুলি ধৰা হৈছে। প্ৰতিবিধ ব্যঞ্জনে গ্ৰাহকক দিব এক উন্নত আৰু অনন্য সোৱাদৰ অভিজ্ঞতা, য’ত অটুট থাকিব খাদ্যসমূহৰ প্ৰকৃত পৰিচয়।

নষ্টালজিয়া আৰু সহজ-পৰিচিত অনুভৱক অগ্ৰাধিকাৰ দি সজোৱা এই আয়োজনত উপলব্ধ হ’ব ছিকিমৰ লাইভ ভেজ মোমো, মুম্বাইৰ জনপ্ৰিয় বড়া পাও, দিল্লীৰ টেঙা-মিঠা বিভিন্ন সোৱাদৰ পানীৰে গোলগাপ্পা, দিল্লীৰ ৰাম লাড্ডু, বিহাৰৰ ঐতিহ্যবাহী লিট্টি-চোখা, কেৰালাৰ সুস্বাদু আপ্পাম আৰু চিকেন ষ্ট্যুৰ লগতে বহুতো মুখৰোচক খাদ্যবস্তু। প্ৰতিবিধ খাদ্যই তাৰ স্বকীয় আঞ্চলিক সোৱাদ আৰু ঐতিহ্য ৰক্ষা কৰি এক পৰিষ্কাৰ তথা পৰিশীলিত পৰিৱেশত প্ৰস্তুত কৰা হ’ব। আনহাতে, কেফে বি ইউৰ পৰিৱেশেও গ্ৰাহকক দিব পাৰিব সেই একেই অনুভৱ, য’ত ফুটি উঠিব এক প্ৰাণৱন্ত তথা আৰামদায়ক ছবি। অতিথিসকলে যাতে নিজৰ প্ৰয়োজনীয় সময় লৈ খাদ্যৰ জুতি আৰু এই অনন্য অভিজ্ঞতা উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সযতনে সজাই পৰাই তোলা হৈছে সমগ্ৰ আয়োজনটো।

এই পদক্ষেপ সন্দৰ্ভত ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ গুৰমিত ৰন্ধাৱাই কয়, “ষ্ট্ৰীট ফুড ভাৰতৰ খাদ্য সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ সৈতে জড়িত হৈ থাকে অসংখ্য কাহিনী, স্মৃতি আৰু এক পৰিচিত অনুভৱ, যিয়ে সকলোৰে মনত সুকীয়া স্থান লাভ কৰে। ‘দ্য ষ্ট্ৰীট এডিট’ উৎসৱৰ জৰিয়তে আমি সেই পৰিচিত সোৱাদসমূহক এক আৰামদায়ক পৰিৱেশত গ্ৰাহকৰ বাবে উপলব্ধ কৰাৰ প্ৰয়াস কৰিছোঁ। এই বিশেষ আয়োজনত মানুহে সহজতে পুৰণি দিনৰ মধুৰ স্মৃতি ৰোমন্থন কৰিব পাৰিব। সমগ্ৰ আয়োজনৰ মাধ্যমেৰে মূলতঃ দেশৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় ষ্ট্ৰীট ফুডক এক নতুন মাত্ৰা দিয়া হৈছে। আমাৰ বিশ্বাস- আমাৰ এই আয়োজনে অতিথিসকললৈ নষ্টালজিয়াৰে ভৰা এক পৰিশীলিত খাদ্য-অভিজ্ঞতা কঢ়িয়াই আনিব।”

মন কৰিবলগীয়া যে, এনেধৰণৰ পদক্ষেপৰ জৰিয়তে ৰেডিছন ব্লু গুৱাহাটীয়ে আগবঢ়াইছে এক এনে খাদ্যৰ অভিজ্ঞতা, যিয়ে একেলগে পৰিচিত আৰু পৰিশীলিত অনুভৱ প্ৰদান কৰে। বুকিং আৰু অধিক সবিশেষ তথ্যৰ বাবে অতিথিসকলে ৮৮১১০৯৯৩৯৭ নম্বৰত ৰেডিছন ব্লু গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰিব।