গুৱাহাটী, ২৭ মে’ ২০২৬ : ভাৰতৰ সমৃদ্ধ ৰে’লৱে ঐতিহ্য সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Darjeeling Himalayan Railway) (৪-৬-২) পেচিফিক শ্ৰেণীৰ ঐতিহাসিক ষ্টীম লোকোম’টিভ নং ৮০৮-চি ক্লাছ এনজি লোকো সফলতাৰে সংস্কাৰ সাধন কৰি উন্নতমানৰ ঐতিহ্য প্ৰদৰ্শনীৰূপে মালিগাঁৱৰ মুখ্য কাৰ্যালয়ৰ চৌহদত স্থাপন কৰিছে। নৱনিৰ্মাণ কৰা ঐতিহ্যবাহী এই লোকোম’টিভটো ২৬ মে’ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ দ্বাৰা ৰে’লৱেৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
এই ঐতিহ্যবাহী লোকোম’টিভটো ১৯১৪ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাতা আছিল গ্লাছগো (ইউ.কে.)ৰ নৰ্থ ব্ৰিটিছ লোকোম’টিভ কোম্পানী লিমিটেড । এই ষ্টীম লোকোম’টিভ ভাৰতীয় ৰে’লৱে ঐতিহ্যৰ এক বিৰল প্ৰতীক। ইয়াক ইতিমধ্যে মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত স্থাপন কৰা হয় আৰু এতিয়া বিস্তৃত মেৰামতি, ৰং আৰু সংস্কাৰ সাধনৰ জৰিয়তে ইয়াক নতুন জীৱন প্ৰদান কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ অনুপ্ৰেৰণা আৰু নিৰ্দেশনা মৰ্মে নিউ বঙাইগাঁও চি এণ্ড ডব্লিউ ৱৰ্কশ্বপে এই পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰে। পুনৰুদ্ধাৰ কৰা লোকোম’টিভটোত আকৰ্ষণীয় আলোকসজ্জাৰ লগতে বাস্তৱিক শব্দ আৰু ধোঁৱাৰ প্ৰভাৱ সংযোগ কৰা হয়, পৰিণামস্বৰূপে ৰে’লৱে উৎসাহী আৰু দৰ্শকৰ বাবে ই ঐতিহ্যবাহী এক আকৰ্ষণীয় প্ৰদৰ্শনীত পৰিণত হৈছে।
এই ষ্টীম লোকোম’টিভ নং ৮০৮ প্ৰসিদ্ধ ৪-৬-২ পেচিফিক শ্ৰেণীৰ অন্তৰ্গত আৰু ১৯১৪ বৰ্ষত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ সেৱাৰ বাবে ইয়াৰে বিকল্প ইঞ্জিন নং ৮০৭ ৰ সৈতে এই লোকোম’টিভে দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ কিষাণগঞ্জ এক্সটেনচন খণ্ডত ৮০০ টন পৰ্যন্ত মালবাহী ৰে’ল পৰিবহনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৪৮ চনত শিলিগুড়ী-কিষাণগঞ্জ ৰে’লপথটো মিটাৰ গজলৈ ৰূপান্তৰিত কৰাৰ পিছত ১৯৬০ চনত ইয়াক সেৱাৰ পৰা অব্যাহতি দিয়াৰ পূৰ্বে লোকোম’টিভটো শিলিগুড়ীত শ্বান্টিং পাইলট হিচাপে সেৱা আগবঢ়াই আছিল। এতিয়া এই সংৰক্ষিত ষ্টীম ইঞ্জিনে ভাৰতীয় ৰে’লৱেৰ ষ্টীম যুগ আৰু অভিযান্ত্ৰিক উৎকৰ্ষতাৰ স্মৃতি বহন কৰি আহিছে। ষ্টীম লোকোম’টিভ নং ৮০৮ ৰ নৱনিৰ্মাণে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ঐতিহাসিক ৰে’ল সম্পদ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ প্ৰতি থকা অব্যাহত দায়বদ্ধতাকে প্ৰতিফলিত কৰি ভাৰতত ষ্টীম লোকোম’টিভৰ ঐতিহ্য সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰি আহিছে।
