নিউজ ডেস্ক, ২৯ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ১৫ মে’ ২০২৬ ৰ পৰা ইয়াৰ সমগ্ৰ মণ্ডল আৰু ইউনিটসমূহত সজাগতা কাৰ্যসূচী আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে। এই উদযাপন “জলবায়ু পৰিৱৰ্তন” বিষয়বস্তুৰ ওপৰত পৰিৱেশ সংৰক্ষণ, বহনক্ষম অনুশীলন আৰু ভৱিষ্যতৰ বাবে আমাৰ গ্ৰহটোক সুৰক্ষিত কৰাৰ দিশত সামূহিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৫ জুন, ২০২৬ পৰ্যন্ত চলি থাকিব।
এই অভিযানৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ নেটৱৰ্কত ৰে’লৱে কৰ্মচাৰী, যাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ বহনক্ষমতা আৰু সংৰক্ষণ বিষয়ক সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে বৃক্ষৰোপণ অভিযান, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, সচেতনতা ৰেলী, আলোচনা সভা আৰু পৰিৱেশ-হিতৈষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, ৰে’লৱে ষ্টেচন আৰু ৰে’লৱে কলোনীসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, পানী সংৰক্ষণ আৰু ৰে’ল পৰিচালনত সেউজ অভ্যাস গ্ৰহণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
এই সজাগতা অভিযানত ৰে’লৱে বিষয়াবৰ্গ, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, স্কাউটছ আৰু গাইডছৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। এক গুৰুত্বপূৰ্ণ জনসংযোগ কাৰ্যসূচী হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত এই ৰে’লৱেৰ স্কাউটছ আৰু গাইডছসকলে পৰিৱেশ সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্লাষ্টিক প্ৰদূষণৰ ক্ষতিকৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বাটৰ নাট পৰিৱেশন কৰে।
এই অনুষ্ঠানে যাত্ৰী আৰু সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি সামূহিক পাৰিপাৰ্শ্বিক দায়িত্ববোধৰ আৱশ্যকতাৰ ওপৰত সজাগতা প্ৰসাৰিত কৰে। পৰিৱেশ-হিতৈষী অনুশীলনক উৎসাহিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত যাত্ৰী, ৰে’লৱে কৰ্মচাৰী আৰু স্থানীয় বাসিন্দাসকলৰ মাজত মৰাপাটৰ বেগ, কাপোৰৰ বেগ আৰু জৈৱ-পচনশীল সামগ্ৰী বিতৰণ কৰা হয়। এই পদক্ষেপসমূহে একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিৰুৎসাহিত কৰি দৈনন্দিন জীৱনত বহনক্ষম বিকল্প প্ৰচাৰ কৰাৰ লক্ষ্য ৰাখিছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত সময়ছোৱাত বিভিন্ন পৰিৱেশ-হিতৈষী ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত বহনক্ষম আৰু পৰিৱেশ-হিতৈষী ৰে’ল পৰিচালনৰ দিশত দায়বদ্ধ হৈ আহিছে। ৫ জুন, ২০২৬ তাৰিখে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই উদযাপনৰ সমাপ্তি ঘটিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ মণ্ডল আৰু ইউনিটত সেইদিনা বিশেষ অনুষ্ঠান, সজাগতা কাৰ্যসূচী আৰু পৰিৱেশৰ প্ৰতি শপতবাক্য গ্ৰহণ কৰা হ’ব।
