গুৱাহাটী, ২ জুন, ২০২৬ : অভিলেখসংখ্যক অংশগ্ৰহণকাৰী আৰু উচ্চমানৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলৰ জৰিয়তে আকৰ্ষণীয় ৰূপ লয় গুৱাহাটী অপেন পিডব্লিউআৰ ২০০ প্ৰতিযোগিতাই। অসম পিকলবল এছ’চিয়েচনৰ (APA) আয়োজনত আৰু ইণ্ডিয়ান পিকলবল এছ’চিয়েচনৰ (আইপিএ) তত্ত্বাৱধানত অনুষ্ঠিত এই খেল দেওবাৰে সফলভাৱে সম্পন্ন হয়। গুৱাহাটীৰ নাৰেংগীৰ পাথৰ কুঁৱেৰীস্থিত পিকল পালচত আয়োজিত এই টুৰ্ণামেণ্টত প্ৰতিযোগিতাৰ মান আৰু অংশগ্ৰহণকাৰীসকলৰ উৎসাহে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলৰ উৎসাহজনক অংশগ্ৰহণ পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালকৈ উত্তৰ-পূব ভাৰতত পিকলবল খেলবিধৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা তথা বিকাশৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। সমগ্ৰ চেম্পিয়নশ্বিপখনৰ ২২ টা ভিন্ন শাখাত অংশ লয় সৰ্বমুঠ ১৩০ গৰাকী খেলুৱৈয়ে। ক্ৰীড়ানুৰাগীৰ মাজত ব্যাপক উৎসাহ জগাই তোলা এই প্ৰতিযোগিতাখনত অনুষ্ঠিত হয় ২১০খনকৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচ।
নাগালেণ্ড, পশ্চিমবঙ্গ, দিল্লী তথা অসমৰ বিভিন্ন জিলাৰ শীৰ্ষস্থানীয় খেলুৱৈৰ অংশগ্ৰহণেৰে চেম্পিয়নশ্বিপখন অত্যন্ত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈ পৰে। জুনিয়ৰ, অ’পেন আৰু মাষ্টাৰ্ছ শাখাত গঢ়ি উঠে এক তীব্ৰ প্ৰতিযোগিতামূলক পৰিৱেশ। কিশোৰ-কিশোৰী, পুৰুষ-মহিলাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও পৃথককৈ এই খেলসমূহৰ আয়োজন কৰা হয়। সকলোকে সাঙুৰি লোৱাৰ এনে সৰ্বাংগীণ বৈশিষ্ট্যই খেলবিধৰ ব্যাপক জনপ্ৰিয়তা আৰু সৰ্বস্তৰৰ অংশগ্ৰহণৰ সঁহাৰিকে স্পষ্টভাৱে প্ৰতিফলিত কৰে।
পুৰুষৰ অ’পেন ছিংগলছ আৰু ডাবলছ শাখাৰ উপৰি ৩০ আৰু ৪০ উৰ্ধৰ পুৰুষৰ ছিংগলছ, ডাবলছ তথা মিক্সড ডাবলছ শাখাত সৰ্বমুঠ ৮০ হাজাৰ টকাৰ পুৰস্কাৰ বিতৰণ কৰা হয়। এই আকৰ্ষণীয় পুৰস্কাৰ মূল্যই টুৰ্ণামেণ্টখনৰ মৰ্যাদা আৰু প্ৰতিযোগিতাৰ মাত্ৰাক অধিক সমৃদ্ধ কৰে। অনুষ্ঠানত বক্তব্য ৰাখি অসম পিকলবল এছ’চিয়েচনৰ বিষয়ববীয়াসকলে টুৰ্ণামেণ্টখনৰ সফল আয়োজন আৰু খেলুৱৈ, প্ৰশিক্ষক তথা সমৰ্থকসকলৰ উৎসাহজনক সঁহাৰিত সন্তোষ প্ৰকাশ কৰে। এনে প্ৰতিযোগিতাই নতুন প্ৰতিভা চিনাক্তকৰণ আৰু তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে আয়োজকসকলে।
একে সময়তে, তেওঁলোকে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পিকলবল প্ৰতিযোগিতাৰ অন্যতম সম্ভাৱনাময় স্থান হিচাপে অসমক প্ৰতিষ্ঠা কৰাত এনে আয়োজনে বিশেষভাৱে সহায় কৰে। অভিলেখসংখ্যক অংশগ্ৰহণ, উচ্চমানৰ প্ৰতিযোগিতা, ৰাষ্ট্ৰীয় ৰেংকিং লাভৰ সুযোগ আৰু আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ মঞ্চ-এই সকলো দিশৰ পৰা গুৱাহাটী অ’পেন পিডব্লিউআৰ ২০০-এ প্ৰমাণ কৰে যে পিকলবলৰ দ্ৰুত বিকাশমান কেন্দ্ৰসমূহৰ ভিতৰত অসম বৰ্তমান দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ নাম। একেদৰে এই প্ৰতিযোগিতাই খেলবিধৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা ৰাজ্যখনৰ সংকল্পকো অধিক দৃঢ়ভাৱে দাঙি ধৰে।
