নিউজ ডেস্ক, ৬ জুলাই, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ. (RPF) ৰেল’ৱে সুৰক্ষা বাহিনীয়ে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত ২৫ জুনৰ পৰা ৩০ জুন, ২০২৬ পৰ্যন্ত অপৰাধ আৰু অবৈধ কামকাজৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিভিন্ন ৰে’লৱে ষ্টেচন আৰু চলমান ৰে’লত সফল অভিযান চলাই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী, অবৈধ সুৰা, চুৰি সামগ্ৰী, অনাধিকৃত ৰে’লৱে টিকট আৰু নগদ ধন উদ্ধাৰ কৰাৰ লগতে ইয়াৰ লগত জড়িত অপৰাধীক আটক কৰে আৰু বিপদাপন্ন যাত্ৰীক উদ্ধাৰৰ লগতে ৰে’লৱে সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰি তোলে।

এই ধাৰাবাহিক পদক্ষেপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰাপদ, সুৰক্ষিত আৰু যাত্ৰী-অনুকূল ৰে’লৱে নেটৱৰ্ক নিশ্চিত কৰাৰ দিশত সৱল দায়বদ্ধতাকেই প্ৰতিফলিত কৰিছে। ছয় দিনীয়া অভিযানত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৩৬ টা সফল অভিযান চলাই ৮৩.৯৮৪ কিলোগ্ৰাম গাঞ্জা (প্ৰায় ৪১.৯৯ লাখ টকা মূল্যৰ), ৩৪৩ বটল সুৰা আৰু এক পাত্ৰ অবৈধ সুৰা/বিয়েৰ (৩৯ হাজাৰ টকাৰো অধিক মূল্যৰ), ৭‌ টা মোবাইল ফোন (১.১২ লাখ টকাৰো অধিক মূল্যৰ), ২ টা অবৈধ ৰে’লৱে টিকট ৭ হাজাৰ টকাৰো অধিক মূল্যৰ আৰু ৩৫ হাজাৰ টকাৰো অধিক নগদ ধন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীৰ মুঠ মূল্য ৪৩.৯২ লাখ টকাৰো অধিক।ৰে’লৱে সুৰক্ষা বাহিনীয়ে অবৈধ নিচাযুক্ত সামগ্ৰীৰ চোৰাং সৰবৰাহ, টিকটৰ ক’লাবজাৰ, চুৰি, শিল নিক্ষেপ আদি অপৰাধত জড়িত ১৭ জন অপৰাধীকো এই সময়ছোৱাত আটক কৰে।

এই অভিযানে ৰে’লৱে সুৰক্ষা বাহিনীৰ মানবীয় দায়বদ্ধতাকো গুৰুত্ব সহকাৰে প্ৰদৰ্শন কৰি তুলিছে। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ১৭ জন ব্যক্তিক উদ্ধাৰ কৰে, য’ত ১৫ জন নাবালক (ল’ৰা আৰু ছোৱালী) আৰু ২ জন দুৰ্বল প্ৰাপ্তবয়স্ক আছিল আৰু তেওঁলোকক যথাযথ বিহিত ব্যৱস্থা গ্ৰহনেৰে শিশু কল্যাণ সমিতি, চাইল্ডলাইন, ওৱান ষ্টপ চেণ্টাৰ, এনজিঅ’ অথবা সংশ্লিষ্ট অভিভাৱকৰ হাতত সুৰক্ষিতভাৱে অৰ্পণ কৰা হয়। ইয়াৰ উপৰিও ডালখোলা ৰে’লৱে ষ্টেচনত আহত এজন যাত্ৰীক ৰে’লৱে সুৰক্ষা বাহিনীয়ে তাৎক্ষণিক চিকিৎসা সাহাৰ্য আগবঢ়াই সঠিক চিকিৎসাৰ বাবে এক স্বাস্থ্যকেন্দ্ৰলৈ সুৰক্ষিতভাৱে স্থানান্তৰ নিশ্চিত কৰে। ৰে’লৱে সম্পদৰ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ হিচাপে ৰে’লৱে সুৰক্ষা বাহিনীয়ে অসামৰিক প্ৰশাসন, আৰপিএছএফ, জিআৰপি আৰু স্থানীয় আৰক্ষীৰ সৈতে সহযোগিতাৰে চাফ্ৰাই ৰে’লৱে ষ্টেচনত এক অবৈধ দখলমুক্ত অভিযান চলায়।

এই অভিযানত ৬১ টা অবৈধ ঘৰ অপসাৰণ কৰা হয় আৰু লগতে প্ৰায় ৫,৬০০ বৰ্গ মিটাৰ ৰে’লৱে ভূমি বেদখলমুক্ত কৰা হয়। এই উচ্ছেদ অভিযান কোনোধৰণৰ অপ্ৰত্যাশিত ঘটনাৰ অবিহনে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চোৰাংচোৱাৰ গোপন তথ্যৰ আধাৰত আইন বলবৎকৰণ সংস্থাৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে আৰু ৰে’ল যাত্ৰীৰ তাৎক্ষণিক সহায়েৰে যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা সবল কৰি ৰাখিবলৈ সদায় দায়বদ্ধ। জনসাধাৰণক ৰে’ল মদদ, ৰে’লৱে হেল্পলাইন ১৩৯ বা নিকটৱৰ্তী ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানৰ জৰিয়তে কোনো সন্দেহজনক গতিবিধিৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত ৰেল পৰিৱেশ নিশ্চিত কৰিব পৰা যায়।