গুৱাহাটী, ৫ জুলাই, ২০২৬ : বহনক্ষম উন্নয়ন আৰু স্বচ্ছ ইন্ধনৰ ব্যৱহাৰ আৰু অধিক সম্প্ৰসাৰণৰ লক্ষ্যৰে অসমত এটা কমপ্ৰেছড বায়’গেছ (CBG) প্ৰকল্প স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছে নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ড (NDDB), ছুজুকি আৰ এণ্ড ডি চেণ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (SRDI) আৰু পূৰবী ব্ৰেণ্ডৰ দুগ্ধজাত সামগ্ৰী বজাৰজাত কৰা প্ৰতিষ্ঠান নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে (NEDFL)। সেই উদ্যোগৰ অংশ হিচাপে ২০২৬ চনৰ ২ জুলাইত নতুন দিল্লীত ৰাজ্যখনত এটা কমপ্ৰেছড বায়’গেছ (CBG) প্ৰকল্প স্থাপনৰ লক্ষ্যৰে এই তিনিওটা প্ৰতিষ্ঠানে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে।

ছুজুকি মটৰ কৰ্প’ৰেচনৰ প্ৰেচিডেণ্ট ট’শ্বিহিৰ’ ছুজুকি আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ (NDDB) অধ্যক্ষ ড০ মিনেশ শ্বাহৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। এনডিডিবিৰ কাৰ্যবাহী সঞ্চালক এছ ৰাজীৱ, এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসু আৰু এছ আৰ ডি আইৰ সঞ্চালক কেনইচিৰ’ ত’য়’ফুকুই নিজ নিজ প্ৰতিষ্ঠানৰ হৈ এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। উল্লেখ্য যে, নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (NEDFL) হৈছে অসম চৰকাৰ আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ (NDDB) যৌথ উদ্যোগত গঠিত এটা প্ৰতিষ্ঠান।

পূৰবী ডেইৰী (Purabi Dairy) ব্ৰেণ্ডৰ অধীনত দুগ্ধজাত সামগ্ৰী বজাৰজাত কৰাৰ সমান্তৰালকৈ, অসমত সমবায়ভিত্তিক দুগ্ধ খণ্ডক শক্তিশালী কৰা আৰু ৰাজ্যখনৰ দুগ্ধ উৎপাদক কৃষকসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই প্ৰতিষ্ঠানটোৱে। কৃষি আৰু দুগ্ধ খণ্ডৰ আৱৰ্জনাক ব্যৱহাৰ কৰি কমপ্ৰেছড বায়’গেছ আৰু জৈৱ সাৰ উৎপাদনৰ এই প্ৰস্তাৱিত প্ৰকল্পটোক অসমত ছাৰ্কুলাৰ ইক’নমি গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। প্ৰণিধানযোগ্য যে, স্বচ্ছ আৰু নৱীকৰণযোগ্য ইন্ধন হিচাপে কমপ্ৰেছড বায়’গেছ যানবাহন আৰু বিভিন্ন উদ্যোগ খণ্ডত ব্যৱহাৰ কৰিব পাৰি। ফলত ই প্ৰচলিত জীৱাশ্ম ইন্ধনৰ এক কাৰ্যকৰী বিকল্প হিচাপে কাম কৰাৰ সমান্তৰালকৈ প্ৰদূষণকাৰী গেছৰ নিৰ্গমন হ্ৰাস কৰাতো সহায় কৰিব।

একেদৰে, বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰসাৰ, গ্ৰীনহাউছ গেছৰ নিৰ্গমন হ্ৰাস, গ্ৰাম্য জীৱিকা অধিক শক্তিশালী কৰা আৰু পৰিৱেশ অনুকূল পৰিবহন ব্যৱস্থাৰ বিকাশত এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি অনুসৰি, প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় কাৰিকৰী আৰু প্ৰতিষ্ঠানিক সাহায্য আগবঢ়াব নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডে। প্ৰকল্পটো ৰূপায়ণ কৰাৰ লগতে প্ৰস্তাৱিত কমপ্ৰেছড বায়’গেছ প্ৰকল্পটো পৰিচালনা আৰু তাত উৎপাদিত কমপ্ৰেছড বায়’গেছ তথা জৈৱ সাৰৰ বিপণন আৰু বিক্ৰীৰ দায়িত্বত থাকিব নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (NEDFL)। আনহাতে, ছুজুকি আৰ এণ্ড ডি চেণ্টাৰ ইণ্ডিয়াই (SRDI) প্ৰকল্পটোত বিনিয়োগ কৰিব আৰু কাৰ্বন নিৰ্গমন হ্ৰাস পোৱাৰ ফলত যি কাৰ্বন-সুবিধা সৃষ্টি হ’ব, তাৰ ৰূপায়ণৰ দায়িত্বও পালন কৰিব।

এই প্ৰকল্পৰ জৰিয়তে কৃষি আৰু দুগ্ধ খণ্ডৰ আৱৰ্জনাক অৰ্থনৈতিক সম্পদলৈ ৰূপান্তৰ কৰি কৃষকসকলৰ বাবে উপাৰ্জনৰ এটা নতুন উৎস সৃষ্টি কৰাৰো সম্ভাৱনা আছে। একেদৰে উৎপাদিত জৈৱ সাৰে বহনক্ষম কৃষি কাৰ্যক আৰু অধিক উৎসাহিত কৰিব আৰু মাটিৰ গুণাগুণ উন্নত কৰাত সহায় কৰিব। এন ডি ডি বিৰ অধ্যক্ষ ড০ মিনেশ শ্বাহে কয় যে উত্তৰ-পূব ভাৰত, বিশেষকৈ অসম, প্ৰাকৃতিক কৃষি কাৰ্যৰ বাবে সুপৰিচিত। তেওঁৰ মতে, এই উদ্যোগে ৰাজ্যখনক অধিক বহনক্ষম জৈৱিক কৃষিৰ দিশে আগুৱাই লৈ যোৱাৰ লগতে দুগ্ধ পালনৰ পৰা উপাৰ্জন বৃদ্ধিত সহায় কৰিব আৰু ছাৰ্কুলাৰ ইক’নমি গঢ়ি তোলাৰ পথো আৰু অধিক সুদৃঢ় কৰিব।

এক বিবৃতিত ছুজুকি মটৰ কৰ্প’ৰেচনৰ প্ৰতিনিধি সঞ্চালক তথা অধ্যক্ষ ট’শ্বিহিৰ’ ছুজুকিয়ে কয়, “বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰান্তত ৯টা বায়’গেছ প্ৰকল্পৰ সৈতে ছুজুকি জড়িত হৈ আছে। ইয়াৰ ভিতৰত গুজৰাটৰ বানাসকাঁঠাত দুটা প্ৰকল্প ইতিমধ্যে সক্ৰিয় হৈ উঠিছে। অসমত বায়’গেছ প্ৰকল্প স্থাপনৰ লক্ষ্যৰে নতুন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ জৰিয়তে এই পদক্ষেপত আন এক নতুন অধ্যায়ৰ সূচনা হ’ল। ভাৰতত বায়’গেছ প্ৰকল্পৰ প্ৰসাৰ ঘটাবলৈ জাপান আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা যি প্ৰয়াস, সেই প্ৰচেষ্টাত ছুজুকিয়ে ভবিষ্যতেও নিজৰ স্বতন্ত্ৰ ভূমিকাৰে অৱদান আগবঢ়াই যাব।”

সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰকল্পৰ পৰা উল্লেখনীয় সুফল লাভ কৰিব পৰা যাব বুলিও ধাৰণা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ পৰিৱেশ অনুকূল পদক্ষেপক সমৰ্থন কৰা আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ যি স্বাভাৱিক আগ্ৰহ আছে, এই প্ৰকল্প তাৰ সৈতেও সংগতিপূৰ্ণ। নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডৰ (এনইডিএফএল) পৰিচালন সঞ্চালক এছ বি বসুৱে কয় যে অধিক স্বচ্ছ আৰু সেউজ ভৱিষ্যত গঢ়ি তোলাৰ পথত এই প্ৰকল্পক এক উল্লেখনীয় মাইলৰ খুঁটি হিচাপে গঢ়ি তুলিবলৈ পূৰবী প্ৰতিশ্ৰুতিবদ্ধ।

প্ৰস্তাৱিত কমপ্ৰেছড বায়’গেছ (চিবিজি) প্ৰকল্পটোৱে স্বচ্ছ ইন্ধন উৎপাদনৰ লগতে দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনাক একত্ৰিত কৰি বহনক্ষম উন্নয়নৰ প্ৰতি অসমৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। একেদৰে এনডিডিবি, ছুজুকি আৰ এণ্ড ডি চেণ্টাৰ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডৰ (এনইডিএফএল) এই অংশীদাৰিত্বই কৃষক, উদ্যোগ আৰু সামগ্ৰিক সমাজৰ কল্যাণ সাধন কৰা- এনে উদ্ভাৱনী তথা পৰিৱেশ অনুকূল সমাধান গঢ়ি তোলাৰ ক্ষেত্ৰত তিনিওটা প্ৰতিষ্ঠানৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰে প্ৰতিফলন ঘটাইছে।