গুৱাহাটী, ১০ জুলাই, ২০২৬ : গুৱাহাটীৰ ৰেডিছন ব্লু (Radisson Blu) হোটেলে ‘কেফে বি ইউ’ত ‘দ্য ডেক্কান ৰয়েল-নিজাম’ শীৰ্ষক এক বিশেষ খাদ্য-মহোৎসৱৰ আয়োজন কৰিছে যাৰ জৰিয়তে হায়দৰাবাদৰ নিজামসকলৰ ৰাজকীয় ৰন্ধন-ঐতিহ্য গুৱাহাটীবাসীৰ সন্মুখত মুকলি কৰা হ’ব। ১০ জুলাইৰ পৰা ১৯ জুলাই ২০২৬ লৈকে প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত অতিথিসকলক নিজামসকলৰ কিংবদন্তি ৰান্ধনীশালৰ কালজয়ী সোৱাদ, পৰম্পৰা ও আভিজাত্যৰ এক অনন্য অভিজ্ঞতা লাভ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
হায়দৰাবাদৰ এই চহকী ৰন্ধন-ঐতিহ্যৰ আধাৰত আয়োজিত এই মহোৎসৱে যুগে যুগে মোগলাই, তুৰ্কী, পাৰস্য, আৰব আৰু তেলুগু খাদ্য-সংস্কৃতিৰ সমন্বয়ত বিকশিত হোৱা এক অনুপম ৰন্ধন-ধাৰাক উদযাপন কৰিছে। বিশেষভাৱে প্ৰস্তুত কৰা খাদ্যতালিকাত এসময়ত নিজামসকলে ৰাজভোজনত পৰিবেশন কৰা পৰম্পৰাগত ব্যঞ্জন আৰু লাহে লাহে ৰন্ধা সুস্বাদু আহাৰ সন্নিৱিষ্ট কৰা হৈছে যাৰ জৰিয়তে অতিথিসকলে ভাৰতৰ অন্যতম ঐশ্বৰ্যমণ্ডিত ৰন্ধন-ঐতিহ্যৰ এক স্মৰণীয় সোৱাদ লাভ কৰাৰ সুযোগ পাব।
এই মহোৎসৱত উল্লেখযোগ্য ব্যঞ্জন যেনে-মৰগ (হায়দৰাবাদী লেম্ব চুপ), মুৰ্গ ইয়াখনি চৰ্বা, পাথৰ কা গোস্ত, শিকমপুৰ কাবাব, মুৰ্গ দম বিৰিয়ানি আৰু নল্লী নিহাৰীৰ সোৱাদ অতিথিসকলে লব পাৰিব আৰু লগতে আদৰণি জনোৱাৰ বাবে পৰম্পৰাগত খুবানী চৰবত, গোলাপ আৰু তুলসী চৰবত, খাছ চৰবত আৰু নেমু-পদিনা চৰবতো পৰিৱেশন কৰা হ’ব। এই মহোৎসৱ কেৱল সুস্বাদু ব্যঞ্জন পৰিবেশনতে সীমাবদ্ধ নহয়; নিজাম যুগৰ ৰাজকীয় আভিজাত্য পুনৰ সজীৱ কৰি তুলিবলৈ পৰম্পৰাগত আতিথ্য, ব্যঞ্জন প্ৰস্তুতিৰ লাইভ প্ৰদৰ্শন আৰু হায়দৰাবাদৰ ৰাজ-ঐতিহ্যৰ আভাসেৰে সজোৱা মনোমোহা পৰিৱেশৰো ব্যৱস্থা কৰা হৈছে।
ডেক্কানৰ ৰাজকীয় ৰান্ধনীশালৰ ঐশ্বৰ্য, ধীৰ ৰন্ধন-পদ্ধতি আৰু সূক্ষ্ম ৰন্ধন-নৈপুণ্যৰ অনুপম সমন্বয় অতিথিসকলৰ সন্মুখত তুলি ধৰিবলৈ প্ৰতিটো দিশ সযতনে পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত ৰেডিছন ব্লু গুৱাহাটীৰ মহাপ্ৰবন্ধক গুৰমীত ৰান্ধাৱাই কয়, “নিজামসকলৰ খাদ্য-ঐতিহ্যই ভাৰতৰ অন্যতম চহকী গেষ্ট্ৰ’নমিক উত্তৰাধিকাৰক প্ৰতিনিধিত্ব কৰে। ‘দ্য ডেক্কান ৰয়েল-নিজাম’ মহোৎসৱৰ জৰিয়তে আমি হায়দৰাবাদৰ ৰাজকীয় পাকশালাৰ চিৰসেউজ সোৱাদ, আন্তৰিক আতিথ্য আৰু চিৰন্তন আভিজাত্য গুৱাহাটীৰ খাদ্যৰসিকসকলৰ ওচৰলৈ কঢ়িয়াই আনিবলৈ প্ৰয়াসী হৈছোঁ। দাক্ষিণাত্যৰ ৰাজকীয় ঐতিহ্য উদযাপন কৰি এক স্মৰণীয় খাদ্যানুভূতিৰ অভিজ্ঞতা অতিথিসকলক উপহাৰ দিবলৈ আমি আগ্ৰহেৰে বাট চাই আছো।”
সযতনে প্ৰস্তুত কৰা ৰাজকীয় ব্যঞ্জন-সম্ভাৰৰ সমাহাৰৰ দ্বাৰা ‘দ্য ডেক্কান ৰয়েল-নিজাম’ মহোৎসৱ গুৱাহাটীতৰ কেফে বি ইউত অনুষ্ঠিত কৰি অতিথিসকলক হায়দৰাবাদৰ ৰাজঐতিহ্যৰ অনুপম সোৱাদ উপভোগ কৰাৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে। আসন সংৰক্ষণ অথবা অধিক তথ্যৰ বাবে যোগাযোগ কৰক : ৰেডিছন ব্লু গুৱাহাটীৰ ৮৮১১০৯৯৩৯৭ নম্বৰত।
