গুৱাহাটী, ১০ আগষ্ট, ২০২৬ : চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (Assam Permier League) দেওবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত বৰাক লিজেণ্ডছে তিনি উইকেটত পৰাস্ত কৰে বৰপেটা ব্ৰেভছক৷ ১৩০ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰা লিজেণ্ডছক অন্তিমটো বলত জয়ৰ বাবে পাঁচ ৰাণ প্ৰয়োজন হোৱাত ক্ৰিজলৈ বেটিং কৰিব অহা নতুন বেটাৰ ভাৰ্গব প্ৰতিম লহকৰে ছিক্সাৰ মাৰি দলক ৰোমাঞ্চকৰ বিজয় দিয়ে৷

উল্লেখ্য যে ল’স্কৰিং মেচখনত লিজেণ্ডছক দুই অপেনাৰ বিশাল সাহা ১৩ আৰু অমন সিঙে ২২ দৃঢ় আৰম্ভনি দিছিল৷ আনহাতে, অধিনায়ক শিৱ শংকৰ ৰয়ে এংকৰৰ ভূমিকা লৈ দলৰ ইনিংছ বিজয়লক্ষ্যলৈ আগুৱাই নিয়ে৷ বিপৰীতে কম ৰাণ কৰাৰ পাছতো ব্ৰেভছৰ স্পীনাৰে চাপ সৃষ্টি কৰি ধাৰাবাহিকৰূপত লিজেণ্ডছৰ উইকেট দখলৰে অন্তিম অভাৰৰ অন্তিম বলটোলৈ মেচখন লৈ যোৱাত সফল হৈছিল৷ কিন্তু ৩১ বলত দুটা ছিক্সাৰসহ ৪১ ৰাণ কৰা শিৱই ১৯ অভাৰলৈ উইকেটত থাকি লিজেণ্ডছৰ আশা সজীৱ কৰি ৰখাত সফল হয়৷ সাত উইকেটত ১৩১ ৰাণ কৰি ক্ৰমাগত দ্বিতীয় জয় অৰ্জন কৰে বৰাকে৷ ব্ৰেভছৰ হৈ কুনাল শৰ্মা আৰু অৰুণ সোনাৰে দুটাকৈ উইকেট পায়৷

এই জয়ৰে লিজেণ্ডছে পাঁচখন মেচৰ পৰা আঠ পইণ্ট অৰ্জন কৰি তালিকাৰ দ্বিতীয় স্থানত উপনিত হৈছে৷ ইফালে, সমসংখ্যক মেচ খেলা ব্ৰেভছে যোৱা দুখন মেচত জয়ৰ পাছত এয়া তৃতীয় পৰাজয়ৰ সন্মুখিন হ’ল৷ ইয়াৰপূৰ্বে টছত জয়ী হৈ বৰাক লিজেণ্ডছৰ অধিনায়ক শিৱ শংকৰে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ সেমেকা উইকেটত লিজেণ্ডছৰ বলাৰে পৰিবেশৰ সুযোগ লৈ সুন্দৰ বলিং কৰে৷ যাৰবাবে বৰপেটা ব্ৰেভছে ধাৰাবাহিক উইকেট হেৰুওৱাৰ লগতে ৰাণ কৰিবলৈও সংগ্ৰাম কৰিব লগা হয়৷ দলে প্ৰথম পাঁচটা উইকেট ৪৪ ৰাণতে হেৰুৱায়৷ অধিনায়ক ডেনিছসহ আটাইকেইজন মুখ্য বেটাৰ ব্যৰ্থ হয়৷

কিন্তু অভিলাশ মৌড়িয়া ৪৭ আৰু বিকিৰণ দাসৰ ২৯ দৃঢ়তাপূৰ্ণ বেটিঙৰ বাবে ষষ্ঠ উইকেটৰ যুটিত ৫০ ৰাণ সংগ্ৰহ হোৱাৰ ফলশ্ৰুতিত ব্ৰেভছে ২০ অভাৰত আঠ উইকেটত ১২৯ ৰাণ কৰিবলৈ সক্ষম হয়৷ অভিলাশে সপ্তম উইকেটত অৰুন সোনাৰ ৬ ৰ লগতো ৩৩ ৰাণৰ যুটি বান্ধে৷ লিজেণ্ডছৰ প্ৰতিজন বলাৰে মিতব্যয় বলিং কৰে৷ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ সোমবাৰে দিনৰ দুই বজাত হ’বলগা প্ৰথমখন খেলত তেজপুৰ টাইটানছ যোৰহাট ষ্টেলিয়নছৰ মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে খেলিব৷