গুৱাহাটী, ১৭ আগষ্ট, ২০২৬ : অসমৰ সন্তান, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজদ্বীপ চৌধুৰীয়ে (Rajdeep Choudhary) বৰ্তমান ৱেভছ অ’টিটিত বিনামূলীয়াকৈ সম্প্ৰচাৰিত বিজ্ঞান-কল্পকাহিনীভিত্তিক থ্ৰিলাৰ ছবি ‘ছিমুলাক্ৰা’ত ‘ৰাজনীশ’ চৰিত্ৰত তেওঁৰ নীৰৱ আকৰ্ষণীয় অভিনয়ৰ জৰিয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰযোজক শ্ৰীকান্ত কদম আৰু প্ৰবীণ পিংগটৰ সৈতে ফিল’ছিয়া ফিল্মছৰ দ্বাৰা প্ৰযোজিত আৰু পংকজ সাৱন্তৰ পৰিচালনাত নিৰ্মিত ‘ছিমুলাক্ৰা’ত এনে এখন ভৱিষ্যতমুখী পৃথিৱীৰ কাহিনী উপস্থাপন কৰা হৈছে, য’ত উন্নত প্ৰযুক্তিৰ সহায়ত মানুহৰ স্মৃতি নিয়ন্ত্ৰণ, সম্পাদনা আনকি মচি পেলোৱাও সম্ভৱ। এই কাহিনীৰ কেন্দ্ৰবিন্দুত থকা ৰাজনীশ চৰিত্ৰটো ওশ্বোৰ দৰ্শন আৰু জীৱনদৃষ্টিৰ পৰা অনুপ্ৰাণিত।

কৃত্ৰিম বুদ্ধিমত্তা (এআই), নিউৰেল চিপ আৰু ডিজিটেল নিয়ন্ত্ৰণে ক্ৰমাৎ আধিপত্য বিস্তাৰ কৰা পৃথিৱীত ৰাজনীশ এক ব্যতিক্ৰমী ব্যক্তিত্ব। তেওঁ প্ৰযুক্তিৰ ওচৰত আত্মসমৰ্পণ নকৰি মানৱীয় চেতনা, আত্মসচেতনতা আৰু আন্তৰিক মানৱীয় সম্পৰ্কৰ ওপৰত বিশ্বাস ৰাখে যি ছবিখনৰ নৈতিক আৰু আবেগিক ভেটি হিচাপে আত্মপ্ৰকাশ কৰে। এই চৰিত্ৰত ৰাজদ্বীপৰ অভিনয় সংযত, সূক্ষ্ম আৰু বহুস্তৰীয়। নাটকীয় সংলাপ বা অতিৰঞ্জিত অভিব্যক্তিৰ আশ্ৰয় নলৈ তেওঁ নীৰৱতা, অভিব্যক্তি আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ জৰিয়তে চৰিত্ৰটোৰ আভ্যন্তৰীণ গভীৰতা সফলভাৱে প্ৰকাশ কৰিছে। তেওঁৰ এই অভিনয়ত ব্ৰিটিছ শৈলীৰ পৰ্দা-অভিনয়ৰ সূক্ষ্মতা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আৰম্ভণিৰ পৰা অন্তলৈ উপস্থিত থকা ৰাজনীশ চৰিত্ৰই কাহিনীটোক জিগশ্ব’ সাঁথৰৰ অন্তিম অংশৰ দৰে সংযোগ কৰি সম্পূৰ্ণ ৰূপ দিয়ে।

‘ছিমুলাক্ৰা’লৈ ৰাজদ্বীপৰ যাত্ৰাই চলচ্চিত্ৰ জগতত সম্পৰ্কৰ গুৰুত্ব সেই কথাও সোঁৱৰাই দিছে। মুম্বাইৰ কাষ্টিং পৰিচালক ৰোহন মাপুস্কাৰে প্ৰথমে এই চৰিত্ৰটোৰ বাবে এফটিআইআইৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজদ্বীপৰ ঘনিষ্ঠ বন্ধু তৰুণ গাহলটক বিবেচনা কৰিছিল যদিও আন এক প্ৰজেক্টত ব্যস্ত থকাৰ বাবে তৰুণ গাহলটে ৰাজদ্বীপৰ নাম প্ৰস্তাৱ কৰে। এই সন্দৰ্ভত ৰাজদ্বীপে কয়, “এই ছবিখনে মোক পুনৰ এবাৰ বুজাই দিলে যে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত সম্পৰ্কৰ মূল্য অপৰিসীম। আপোনাৰ কাম গুৰুত্বপূৰ্ণ, কিন্তু আপোনাৰ ওপৰত বিশ্বাস ৰখা লোকসকলো সমানেই গুৰুত্বপূৰ্ণ। মোৰ বন্ধু তৰুণে যদি অভিনেতা আৰু ব্যক্তি হিচাপে মোৰ ওপৰত আস্থা নাৰাখিলেহেঁতেন, মই নাভাবো যে তেওঁ মোৰ নাম এই চৰিত্ৰটোৰ বাবে প্ৰস্তাৱ দিলেহেঁতেন।মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে মই তৰুণ আৰু ৰোহনৰ ওচৰত কৃতজ্ঞ”।

এই ছবিত ৰাজদ্বীপৰ সহ-অভিনেত্রী হিচাপে আছে অক্ষৰা হাছান আৰু খ্যাতনামা অভিনেতা সত্যজিত ডুবে। ৰাজদ্বীপৰ মতে, ‘ছিমুলাক্ৰা’ৰ অন্যতম সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি হৈছে এই ছবিৰ জৰিয়তে গঢ়ি উঠা বন্ধুত্বসমূহ। শ্বুটিঙৰ সময়ত অক্ষৰা হাছানৰ সৈতে গঢ়ি উঠা ঘনিষ্ঠ বন্ধুত্ব আজিও অটুট হৈ আছে। তেওঁ কয়, “‘ছিমুলাক্ৰা’ত কাম কৰাৰ আটাইতকৈ সুন্দৰ দিশসমূহৰ এটা আছিল ইয়াৰ পৰা লাভ কৰা বন্ধুত্ব। অক্ষৰা এতিয়া মোৰ এক আন্তৰিক বন্ধু আৰু যেতিয়া সহ-অভিনেতা হিচাপে আৰম্ভ হোৱা সম্পৰ্ক শ্বুটিং শেষ হোৱাৰ পাছতো অটুট থাকে সেয়া এক বিশেষ অনুভৱ। সত্যজিত আৰু মই শ্বুটিঙৰ পিছতো কেইবাবাৰো লগ পাইছোঁ, আৰু যেতিয়াই আমি লগ পাওঁ আমাৰ আলোচনাৰ মূল বিষয় হয় চিনেমা, কাহিনী কোৱা আৰু অভিনয়। সেই কথোপকথনবোৰ সদায়েই অনুপ্ৰেৰণাদায়ক। প্ৰতিভাশালী শিল্পীৰ সৈতে ছবি এখনত কাম কৰাৰ বাহিৰেও কেমেৰা ৰোল বন্ধ হোৱাৰ পাছতো স্মৰণীয় বন্ধুত্ব লাভ কৰাটো মোৰ বাবে এক সৌভাগ্য।”

অভিনয়ৰ উপৰিও পৰিচালক হিচাপে ৰাজদ্বীপৰ পৰিচালনাৰ প্ৰথম তথ্যচিত্ৰ ‘চলো ইণ্ডিয়া উইথ এৰিক জি: বাৰাণসী’ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাৰ ইণ্ডিয়ান পেনোৰামা শাখালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ দ্বিতীয় তথ্যচিত্ৰ ‘চলো ইণ্ডিয়া উইথ এৰিক জি: মিজোৰাম’ লণ্ডনত অনুষ্ঠিত অস্কাৰ-যোগ্যতা সম্পন্ন ৰেইনডান্স চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ইয়াৰ উপৰিও, চলিত বৰ্ষৰ শেষৰ ফালে তেওঁক ব্ৰিটিছ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘এ টিচাৰ্ছ গিফ্ট’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব। ছবিখনৰ মুক্তি উপলক্ষে ৰাজদীপে কয়, “মই আশা কৰোঁ সকলো দৰ্শকে ৱেভছত ‘ছিমুলাক্ৰা’ চাব। এইখন এনে এখন ছবি, যিয়ে প্ৰযুক্তিনিৰ্ভৰ যুগত মানৱ সভ্যতা কোন দিশে আগবাঢ়িছে সেই বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰাব। ‘ৰাজনীশ’ চৰিত্ৰটো ৰূপায়ণ কৰাটো মোৰ অভিনয় জীৱনৰ অন্যতম তৃপ্তিদায়ক অভিজ্ঞতা আৰু আশা কৰোঁ, দৰ্শকে চৰিত্ৰটো আৰু ছবিখন হৃদয়েৰে গ্ৰহণ কৰিব।” ‘ছিমুলাক্ৰা’ বৰ্তমান ৱেভছ অ’টিটিত সম্পূৰ্ণ বিনামূলীয়াকৈ সম্প্ৰচাৰিত হৈ আছে।