নিউজ ডেস্ক ১৭ আগষ্ট, ২০২৬ : ডিব্ৰুগড় ৱাৰিয়ৰ্ছে প্ৰথমটো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (Assam Premier League) ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ দেওবাৰে এ চি এ ষ্টেডিয়ামত হোৱা দিনটোৰ প্ৰথমখন মেচত দলে পাঁচ উইকেটত পৰাস্ত কৰে যোৰহাট ষ্টেলিয়নছক৷ এই জয়ৰে দলে আঠখন মেচত ১২ পইণ্ট অৰ্জন কৰি শীৰ্ষত উপনিত হয়, লগতে দুখন মেচ খেলিবলৈ বাকী থাকোতেই নকআউটলৈ যোগ্যতা অৰ্জন কৰে৷

ৱাৰিয়ৰ্ছৰ দেওবাৰৰ বিজয়ৰ নায়ক আছিল তিনি বলাৰ জিতুমনি কলিতা, ৰঞ্জন বিকাশ দাস আৰু সিদ্ধাৰ্থ বৰুৱা৷ বৰ্ষাপাৰাৰ পৰিৱেশ আৰু উইকেটৰ প্ৰতি লক্ষ্য ৰাখি ৱাৰিয়ৰ্ছৰ অধিনায়ক জিতুমনিয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ স্মৰ্তব্য যে ছাহিল জৈনৰ আঘাতৰ বাবে জিতুমনিয়ে দলক নেতৃত্ব দিছে৷ ৰোছন আলমৰ অন্তিমটো অভাৰ বাদ দি ৱাৰিয়ৰ্ছে সুন্দৰ বলিং কৰি নিয়মিত ৰূপত উইকেট দখল কৰাৰ লগতে ষ্টেলিয়নছক সহজে ৰাণ কৰিব দিয়া নাছিল৷ ২০ অভাৰত ষ্টেলিয়নছে আঠ উইকেটত মাত্ৰ ১৩২ ৰাণ কৰে৷ ডিব্ৰুগড়ৰ জিতুমনিয়ে ১২ ৰাণত তথা ৰঞ্জন বিকাশ দাসে ৩৫ ৰাণত তিনিটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে সিদ্ধাৰ্থ বৰুৱাই ১৩ ৰাণত দুটা উইকেট পায়৷

বিপৰীতে যোৰহাট দলৰ হৈ ৰাজবিৰ সিঙে ২৬, ৱাছিকুৰ ৰহমানে ২৩ আৰু স্বৰূপম পুৰকায়স্থই ২২ ৰাণ কৰাৰ লগতে ২০ নম্বৰ অভাৰত ৰেজাকুদ্দিন আহমেদে চাৰিটা ছিক্সাৰসহ ২৬ ৰাণ কৰি ১৫ বলত ব্যক্তিগত ৩০ ৰাণত অপৰাজিত থাকে৷ ইফালে, ১৩৩ ৰাণৰ বিজয়লক্ষ্য ডিব্ৰুগড় ৱাৰিয়ৰ্ছে ১৮.২ অভাৰত পাঁচ উইকেট হেৰুৱাই ১৩৪ ৰাণ কৰি পূৰ্ণ কৰে৷ দলৰ হৈ ৰিতুৰাজ বিশ্বাসে ৩৮, ডিবিজ পাঠকে ৩১ আৰু সিদ্ধাৰ্থ বৰুৱাই ন বলত অপৰাজিত ২৪ ৰাণ কৰে৷ যোৰহাটৰ বেদান্ত পাণ্ডে ১৯ ৰাণত দুটা উইকেট পায়৷