গুৱাহাটী, আগষ্ট ২৫, ২০২৬ : নীৰৱ ঘাতকৰ ৰূপ লৈ অহা হৃদৰোগে (Heart Disease) কেৱল পুৰুষকে লক্ষ্য কৰি লয় বুলি সমাজত এক ভুল ধাৰণা চলি আহিছে যদিও মহিলাৰ দেহাটো ই সমানেই জটিল আৰু সংকটজনক কাৰ্ডিঅ’ভাস্কুলাৰ স্থিতিৰ সৃষ্টি কৰিব পাৰে। হৃদৰোগজনিত জৰুৰী অৱস্থা বুলি ক’লেই মনলৈ অহা বুকুৰ সেই অসহ্য, তীব্ৰ বিষ অনুভৱ নোহোৱাকৈও নিঃশব্দে মহিলাৰ দেহত খোপনি পুতিব পাৰে মাৰাত্মক হৃদৰোগে। বিশেষকৈ ৰজোনিবৃত্তিৰ জটিল সময়ছোৱাত মহিলাসকলে এই ৰোগৰ সম্ভাৱ্য বিপদ আৰু ইয়াৰ অস্বাভাৱিক সতৰ্কবাণীসমূহ সঠিকভাৱে বুজি উঠাটো অত্যন্ত জৰুৰী বুলি বিশেষভাৱে আঙুলিয়াই দিছে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে।

এই সন্দৰ্ভত পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ পৰামৰ্শদাতা হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দ্ৰমা দাসে কয়, “মহিলাসকলৰ ক্ষেত্ৰত হৃদৰোগৰ লক্ষণবোৰে প্ৰায়ে কোনো স্পষ্ট বা নাটকীয় ৰূপ ধাৰণ নকৰে। অস্বাভাৱিক ক্লান্তি, উশাহ-নিশাহ লোৱাত কষ্ট, পিঠি, কান্ধ, ডিঙি নাইবা থুতৰিত হোৱা অস্বস্তি, এচিডিটি, বুকু জ্বলা-পোৰা, পেটৰ ওপৰৰ অংশৰ বিষ, মূৰ ঘূৰোৱা, বমি ভাব, অস্বাভাৱিকভাৱে ঘাম ওলোৱা আৰু বুকুত ধপধপনি হোৱাটোও কেতিয়াবা গুৰুতৰ হৃদৰোগৰ লক্ষণ হ’ব পাৰে। এনে কাৰণত এই ধৰণৰ উপসৰ্গক কেতিয়াও সাধাৰণ কথা বুলি অৱহেলা কৰা উচিত নহয়।” ডাঃ চন্দ্ৰমাই কয় যে নাৰী জীৱনৰ প্ৰতিটো পৰ্যায়তে হৃদযন্ত্ৰৰ সুস্থতা নিশ্চিত কৰাটো অপৰিহাৰ্য। বিশেষকৈ ৰজোনিবৃত্তিৰ সময়ছোৱা হৃদৰোগৰ সম্ভাৱ্য বিপদ পুনৰ নিৰীক্ষণৰ এক অতি সংবেদনশীল ক্ষণ। একে সময়তে পি চি অ’ এছ, ৪০ বছৰৰ পূৰ্বেই হোৱা অকাল ৰজোনিবৃত্তি, প্ৰি-এক্লেম্পচিয়া, গৰ্ভাৱস্থাজনিত উচ্চ ৰক্তচাপ, গৰ্ভাৱস্থাজনিত মধুমেহ, অপৈণত শিশুৰ জন্ম, ধূমপান আৰু থাইৰয়ডৰ দৰে প্ৰায়ে আওকাণ কৰা অন্যান্য বিপদাশংকাসমূহৰ প্ৰতিও তেওঁ দৃষ্টি আকৰ্ষণ কৰে।

এই সম্পৰ্কে তেওঁ কয়, “প্ৰি-এক্লেম্পচিয়া, গৰ্ভাৱস্থাজনিত উচ্চ ৰক্তচাপ আৰু গৰ্ভাৱস্থাজনিত মধুমেহৰ দৰে জটিলতাসমূহ কেৱল সন্তান জন্মৰ পাছতেই পাহৰি যোৱাটো উচিত নহয়। এই লক্ষণসমূহে পৰৱৰ্তী কালৰ হৃদৰোগৰ আগজাননী দিব পাৰে আৰু নাৰীৰ দীৰ্ঘম্যাদী সুস্বাস্থ্যৰ স্বাৰ্থতে ইয়াক বিশেষভাৱে গুৰুত্ব দিয়া প্ৰয়োজন।” ডাঃ চন্দ্ৰমাই লগতে সকীয়াই দিয়ে যে হৃদৰোগৰ সকলো উপসৰ্গ কেৱল ক’ৰনাৰী ধমনীৰ ডাঙৰ বাধাপ্ৰাপ্তিৰ ফলতেই প্ৰকাশ নাপায়। কৰনাৰী মাইক্ৰ’ভাস্কুলাৰ ডিচফাংচন (সূক্ষ্ম ৰক্তনলীৰ বিকাৰ), ভেচ’স্পাষ্টিক এনজাইনা আৰু স্পণ্টেনিয়াছ ক’ৰনাৰী আৰ্টাৰী ডিচেকচন (এছচিএডি) আদি জটিল কাৰকৰ ফলতো মূল ক’ৰনাৰী ধমনীত কোনো ডাঙৰ বাধা নোহোৱাকৈয়ে হৃদৰোগৰ লক্ষণ স্পষ্ট হৈ উঠিব পাৰে।

ডাঃ চন্দ্ৰমাই কয়, “সকলোৱে ভাবে যে হৃদৰোগ কেৱল পুৰুষৰহে বেমাৰ, কিন্তু আচলতে সেয়া নহয়। মহিলাৰ ক্ষেত্ৰত দেখা দিয়া অস্বাভাৱিক লক্ষণবোৰ পৰম্পৰাগত লক্ষণসমূহৰ সৈতে নিমিলা বাবে আমি প্ৰায়ে সেইবোৰ আওকাণ কৰোঁ। কম বয়সীয়া মহিলাসকলৰ মাজত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম যদিও তেওঁলোকো ইয়াৰ বলি হ’ব পাৰে।” ইপিনে পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় আধা অংশ মহিলাই দখল কৰিছে যদিও তেওঁলোকৰ হৃদস্বাস্থ্যই এতিয়াও পাবলগীয়া গুৰুত্ব লাভ কৰা নাই। হৃদৰোগ কেৱল পুৰুষৰ স্বাস্থ্যজনিত সমস্যা নহয়, সেয়েহে মহিলাসকলৰ মাজত হৃদৰোগৰ বিপদাশংকা আৰু সতৰ্কবাণীসমূহ সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টি হোৱাটো অপৰিহাৰ্য। প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ চিনাক্তকৰণ আৰু সঠিক সময়ত লাভ কৰা চিকিৎসা সেৱাই মহিলাসকলৰ মাজত হৃদৰোগৰ বোজা হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।”

হৃদৰোগৰ এনে প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহিলা তথা সকলো ৰোগীৰ বাবে উন্নত চিকিৎসা নিশ্চিত কৰাত গুৰুত্ব দিছে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। এই উদ্দেশ্য আগত ৰাখি স্বাস্থ্য প্ৰতিষ্ঠানখনে ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ’লজি, ক’ৰনাৰী এনজিঅ’গ্ৰাফী আৰু এনজিঅ’প্লাষ্টি, ইকোকাৰ্ডিঅ’গ্ৰাফী, হাৰ্ট ফেইলাৰ আৰু এৰিথমিয়া নিয়ন্ত্ৰণ, পেচমেকাৰ আৰু এ আই চি ডি (অটোমেটিক ইমপ্লাণ্টেবল কাৰ্ডিঅ’ভাৰ্টাৰ-ডিফিব্ৰিলেটৰ) সংস্থাপনকে ধৰি সংকটজনক তথা জৰুৰীকালীন হৃদৰোগৰ সকলো ধৰণৰ সম্পূৰ্ণ চিকিৎসা সেৱা আগবঢ়াই আহিছে।