নিউজ ডেস্ক, ২৬ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জোনেল ৰে’লৱে ইউজাৰচ কনচালটিভ কমিটি (জেডআৰইউচিচি)-ৰ ৯৮ সংখ্যক বৈঠক ২৫ আগষ্ট তাৰিখে মালিগাঁৱত (Malegaon) সফলভাৱে অনুষ্ঠিত হয়উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বৈঠকত মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সভাপতিত্ব কৰে আনহাতে, বৈঠকৰ কাৰ্যসূচী পৰিচালনা কৰে জেডআৰইউচিচিৰ সচিব তথা উপ-মহাপ্ৰবন্ধক (ডিজিএম) অনুৰাগ আগৰৱালে বৈঠকত সাংসদ ডাঃ জয়ন্ত কুমাৰ ৰয় (জলপাইগুড়ী), খগেন মুৰ্মু (মালদহ উত্তৰ), তাপিৰ গাও (অৰুণাচল পূব), ° ইন্দ্ৰ হাং চুব্বা (ছিকিম), কৰিমগঞ্জৰ কৃপানাথ মাল্লা (অসম) আৰু এছ. ফাংনন কন্যাকে (নাগালেণ্ড) অংশগ্ৰহণ কৰে।

বৈঠকত বিধায়ক এ. পংছি ফোম (নাগালেণ্ড) আৰু লেফটেনেণ্ট কৰ্ণেল ক্লিমেণ্ট লালমিংথাংগা (মিজোৰাম)য়েও  অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গ, সাংসদসকলৰ প্ৰতিনিধি, বিভিন্ন ৰেল ব্যৱহাৰকাৰী সংস্থা আৰু সংগঠনৰ প্ৰতিনিধি তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগ আৰু বিহাৰৰ অন্যান্য সদস্যসকলেও বৈঠকত অংশগ্ৰহণ কৰি বৈঠকখনে অঞ্চলটোৰ ৰেল সেৱা আৰু আন্তঃগাঁথনিৰ ভৱিষ্যৎ উন্নয়ন সন্দৰ্ভত গঠনমূলক আলোচনা আৰু মত-বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে সদস্যসকলক আদৰণি জনাই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৰেল সেৱাৰ বিভিন্ন দিশ সন্দৰ্ভত সদস্যসকলৰ পৰা পৰামৰ্শ আৰু মতামত আহ্বান কৰে আৰু তেওঁলোকৰ মূল্যৱান পৰামৰ্শসমূহত যথোচিত গুৰুত্ব দিয়া হব বুলি আশ্বাস দিয়ে। 

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীলৈ উন্নত ৰেল সংযোগকে ধৰি ৰেল যোগাযোগ আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰকল্পৰ ওপৰত আলোকপাত কৰে। বৈঠকখনে অঞ্চলটোত ৰেল আন্তঃগাঁথনি আৰু যাত্ৰী সেৱা অধিক উন্নত কৰাৰ বাবে গঠনমূলক আলোচনা আৰু মত-বিনিময়ৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে সদস্যসকলক সম্বোধন কৰি মহাপ্ৰবন্ধকগৰাকীয়ে ৰেলৱে বৈদ্যুতিকৰণ, ৰেল সেৱাৰ সম্প্ৰসাৰণ, অতিৰিক্ত ষ্টপেজৰ ব্যৱস্থা, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ৰেল সেৱাৰ পুনৰুদ্ধাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰন্তৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। ৰেলৱে বৈদ্যুতিকৰণ ৪,১৭০ ৰুট কিলোমিটাৰলৈ বৃদ্ধি পাইছে। যাত্ৰীসকলৰ মূল্যৱান পৰামৰ্শ আৰু প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি তথা সমগ্ৰ অঞ্চলত ৰেল সংযোগ আৰু যাত্ৰাৰ সুবিধা অধিক উন্নত কৰাৰ বাবে ১৫খন নতুন ৰেল সেৱা আৰু ২৫০টাতকৈ অধিক অতিৰিক্ত ষ্টপেজ আৰম্ভ কৰা হৈছে 

শ্ৰীবাস্তৱে বৃদ্ধি পোৱা বাজেটীয় সমৰ্থন আৰু গুৰুত্বপূৰ্ণ ৰেল সংযোগ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ ভিতৰত ভৈৰৱীছাইৰাং প্ৰকল্প, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ৰেল প্ৰকল্প, তিনিচুকীয়ালৈ ৰেলপথ দ্বৈতকৰণৰ কাম আৰু নতুন শৰাইঘাট দলং উল্লেখযোগ্য। তেওঁ অমৃত ষ্টেচন আঁচনিৰ অধীনত ৯২ টা ষ্টেচনৰ পুনৰ উন্নয়ন আৰু এটিভিএম, ৱাটাৰ ভেণ্ডিং মেচিন আৰু কিউ আৰ-ভিত্তিক টিকট ব্যৱস্থাকে ধৰি আধুনিক যাত্ৰী সুবিধাৰ সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। মহাপ্ৰবন্ধকগৰাকীয়ে নতুন গতি শক্তি কাৰ্গো টাৰ্মিনেল আৰু যোগীঘোপা মাল্টি-মডেল লজিষ্টিক্স পাৰ্ককে ধৰি মালবাহী আৰু লজিষ্টিক্স আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ওপৰতো আলোকপাত কৰে। লগতে, সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণ অধিক শক্তিশালী কৰাৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰে

সাংসদ আৰু বিধায়কসকলে ৰেল সেৱা আৰু আন্তঃগাঁথনিৰ সৈতে জড়িত তেওঁলোকৰ মূল্যৱান পৰামৰ্শ আৰু আশা-আকাংক্ষা দাঙি ধৰে। চেতন কুমাৰ শ্ৰীবাস্তৱে আশ্বাস দিয়ে যে সকলো কাৰ্যকৰী পৰামৰ্শত যথোচিত গুৰুত্ব দিয়া হব আৰু অগ্ৰাধিকাৰ তথা উপলব্ধ সম্পদ অনুসৰি সেইবোৰ ক্ৰমে ৰূপায়ণ কৰাৰ চেষ্টা কৰা হব। তেওঁ সদস্যসকলৰ মূল্যৱান দিহা-পৰামৰ্শ আৰু অব্যাহত সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চেতন কুমাৰ শ্ৰীবাস্তৱে সুৰক্ষিত, আধুনিক, দক্ষ আৰু যাত্ৰী-বান্ধৱ ৰেল ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। গঠনমূলক আলোচনা আৰু মত-বিনিময়ৰ সৈতে বৈঠকৰ সামৰণি পৰে। উন্নত ৰেল সংযোগ, উন্নত যাত্ৰী সেৱা আৰু বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়নৰ দিশত এই বৈঠকে ৰেলৱে, জনপ্ৰতিনিধি, ৰাজ্য চৰকাৰ আৰু ৰেল ব্যৱহাৰকাৰীসকলৰ মাজত সমন্বয় আৰু সহযোগিতা অধিক সুদৃঢ় কৰে