নিউজ ডেস্ক, ২৭ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰে’লৱেই (Darjeeling Himalayan Railway) আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত পৰ্যটকৰ বাবে অধিক স্মৰণীয় কৰি তুলিবলৈ ১ অক্টোবৰ ২০২৬ৰ পৰা বিশেষ অতিৰিক্ত জয়ৰাইড সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। এই পদক্ষেপৰ জৰিয়তে পৰ্যটকসকলে দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলৰ ঐতিহাসিক ৰে’লপথ, মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য উপভোগ কৰাৰ অধিক সুযোগ লাভ কৰিব।
উৎসৱকালীন এই বিশেষ পদক্ষেপৰ অংশ হিচাপে দাৰ্জিলিং হিমালয়ান ৰে’লৱেই দাৰ্জিলিং আৰু ঘুমৰ মাজত চাৰিখন চিংগল ট্ৰিপ জয়ৰাইড সেৱা আৰম্ভ কৰিব। দাৰ্জিলিঙৰ পৰা ঘুম অভিমুখী সেৱা ৯:২০ বজা আৰু ১১:২৫ বজাত প্ৰস্থান কৰিব। আনহাতে, ঘুমৰ পৰা দাৰ্জিলিং অভিমুখী সেৱা ১০:২৫ বজা আৰু ১২:৩০ বজাত প্ৰস্থান কৰিব। এই সেৱাসমূহ ডিজেল ইঞ্জিনচালিত ৰে’লৰ দ্বাৰা পৰিচালিত হ’ব আৰু প্ৰতিটো চিংগল ট্ৰিপত প্ৰস্তাৱিত ভাড়া হব ৮০০ টকা। ইয়াৰ উপৰি দাৰ্জিলিং হিমালয়ান ৰে’লৱেই কাৰ্চিয়াং আৰু মহানদীৰ মাজত দুখন বিশেষ ৰাউণ্ড ট্ৰিপ জয়ৰাইড সেৱা আৰম্ভ কৰিব।
ইয়াৰ জৰিয়তে যাত্ৰীসকলে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ এক অন্যতম নান্দনিক আৰু ঐতিহ্যসমৃদ্ধ খণ্ড উপভোগ কৰাৰ সুযোগ লাভ কৰিব। প্ৰথমখন সেৱা “ৰেড পাণ্ডা” বাষ্পচালিত ৰে’লৰ জৰিয়তে পৰিচালিত হ’ব আৰু কাৰ্চিয়াঙৰ পৰা ৯:০০ বজাত প্ৰস্থান কৰি মহানদীৰ পৰা ১০:০০ বজাত উভতি আহিব। এই ৰাউণ্ড ট্ৰিপৰ প্ৰস্তাৱিত ভাড়া হব ১,৫৩০ টকা। দ্বিতীয়খন ৰাউণ্ড ট্ৰিপ সেৱা “মুক্তা ধাৰা” ডিজেল ইঞ্জিনৰ দ্বাৰা পৰিচালিত হ’ব। এই সেৱাই কাৰ্চিয়াঙৰ পৰা বিয়লি ১৫:১৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু মহানদীৰ পৰা বিয়লি ১৬:০০ বজাত উভতি আহিব। এই ৰাউণ্ড ট্ৰিপৰ প্ৰস্তাৱিত ভাড়া ১,০৩০ টকা।
ভাৰতৰ অন্যতম প্ৰখ্যাত কবি আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই সেৱাৰ নাম “মুক্ত ধাৰা” ৰখা হৈছে। ঠাকুৰৰ প্ৰখ্যাত কবিতা ‘মুক্ত ধাৰা’ পাগলাঝোৰাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতে সম্পৰ্কিত, যিয়ে এই নতুন সেৱাত এক স্বকীয় সাহিত্যিক আৰু সাংস্কৃতিক মাত্ৰা সংযোজন কৰিছে। এই বিশেষ জয়ৰাইড সেৱাসমূহৰ আৰম্ভণিয়ে উন্নত যাত্ৰা অভিজ্ঞতা প্ৰদান কৰাৰ লগতে দাৰ্জিলিং হিমালয়ান ৰে’লৱেই সমৃদ্ধ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। এই বিশেষ জয়ৰাইড সেৱাসমূহৰ আৰম্ভণিয়ে উন্নত যাত্ৰা অভিজ্ঞতা প্ৰদান কৰাৰ লগতে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ সমৃদ্ধ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব।
এই সেৱাসমূহে পৰ্যটকসকলক ঐতিহ্যবাহী ৰে’ল যাত্ৰা, বাষ্প ইঞ্জিন প্ৰযুক্তি, মনোমোহা পাহাৰীয়া প্ৰাকৃতিক দৃশ্য আৰু দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলৰ সাংস্কৃতিক সমৃদ্ধিৰ এক অনন্য সমন্বয় উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব। নিয়মীয়া সেৱা আৰম্ভ কৰাৰ পূৰ্বে, ছেপ্টেম্বৰৰ শেষভাগত ষ্টেচন মহোৎসৱৰ প্ৰাকমুহূৰ্তত মহানদী ৰে’লৱে ষ্টেচনত “মুক্ত ধাৰা”ৰ এক বিশেষ সেৱা আয়োজন কৰা হ’ব। উৎসৱৰ সময়ছোৱাত গ্ৰহণ কৰা এই পদক্ষেপে দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলৰ পৰ্যটনত এক বিশেষ মাত্ৰা সংযোজন কৰাৰ আশা কৰা হৈছে, যাৰ ফলত যাত্ৰীসকলে অঞ্চলটোৰ ঐতিহাসিক ৰে’লৱে, মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্য অধিক ওচৰৰ পৰা আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰিব। এই বিশেষ সেৱাসমূহৰ জৰিয়তে, দাৰ্জিলিং হিমালয়ান ৰে’লৱে ইতিহাস, প্ৰকৃতি আৰু পাহাৰীয়া অঞ্চলৰ চিৰন্তন আকৰ্ষণক একত্ৰিত কৰি এক সমৃদ্ধ আৰু স্মৰণীয় যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য লৈছে।
