নিউজ ডেস্ক, ২৮ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰেলৱেই (NF Railway) চলিত বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত টিকট পৰীক্ষণ অভিযানত এক উল্লেখযোগ্য অগ্ৰগতিৰ অভিলেখ গঢ়িছে। স্বচ্ছ টিকট ব্যৱস্থাৰ নিশ্চিতকৰণ, টিকটবিহীন ৰে’ল ভ্ৰমণ ৰোধ কৰাৰ লগতে প্ৰকৃত ৰে’ল যাত্ৰীসকলৰ বাবে এক অনুকূল ভ্ৰমণ পৰিৱেশ প্ৰদান কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে এই অভিলেখে সমগ্ৰ ৰেলৱে জনৰ বিভিন্ন ষ্টেচন আৰু ৰেলত চলোৱা তীব্ৰ টিকট পৰীক্ষা অভিযানৰ পৰিণামস্বৰূপে উক্ত মাহটোত মুঠ ৭৬,৯৮৯ গৰাকী যাত্ৰীক টিকটবিহীন অথবা অনিয়মীয়া টিকটেৰে ভ্ৰমণ কৰা অৱস্থাত ধৰা পেলোৱা হয়।

ৰেল ভ্ৰমণৰ সময়ত সঠিক টিকটৰ ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে চলোৱা অবিৰত টিকট পৰীক্ষণ অভিযানৰ পৰিণামস্বৰূপে অননুমোদিতভাৱে ভ্ৰমণ কৰা যাত্ৰীসকলৰ পৰা জৰিমনা আৰু অন্যান্য মাচুল হিচাপে চলিত বৰ্ষৰ জুলাই মাহত মুঠ ১০.৯৫ কোটি টকা সংগ্ৰহ কৰা হয় আৰু মুঠ ধৰা পৰা ঘটনাসমূহৰ ভিতৰত ৫৫,৯৮৮ গৰাকী যাত্ৰীক টিকটবিহীনভাৱে ভ্ৰমণ কৰা অৱস্থাত চিনাক্ত কৰি তেওঁলোকৰ পৰা ভাড়া আৰু অতিৰিক্ত মাচুল হিচাপে ৮.৯৭ কোটি টকা জৰিমনা আদায় কৰা হয়। আনহাতে, ২১,০০১ গৰাকী যাত্ৰী অনিয়মীয়া টিকটৰ সৈতে ভ্ৰমণ কৰা অৱস্থাত ধৰা পৰে, পৰিণামস্বৰূপে ১.৯৮ কোটি টকা জৰিমনা হিচাপে সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰি, জুলাই মাহত নন-পেনাল্টি ঘটনাসমূহৰ দ্বাৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৬৭.৮৯ লাখ টকা সংগ্ৰহ কৰে। লগতে, লাগেজ পৰীক্ষণৰ সময়ছোৱাত ১.৩৮ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হয়। ইয়াৰ ফলত এনে ঘটনাসমূহক নিৰুৎসাহিত কৰাৰ লগতে ৰেলৱেৰ লাগেজ বুকিং সম্পৰ্কীয় নিয়মসমূহ মানি চলাটো নিশ্চিত কৰাত সহায়ক হৈছে।

চলিত বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত সমগ্ৰ ৰেলৱে জনজুৰি ৩১৩ টা বিশেষ টিকট পৰীক্ষণ অভিযান চলোৱা হয় আৰু এই অভিযানসমূহে অদূৰ ভৱিষ্যতে ৰেল যাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব। ইয়াৰ উপৰি, টিকট পৰীক্ষণ কৰ্মচাৰীসকলেও উক্ত মাহটোত ,৩৪৪ খন ৰেলত টিকট পৰীক্ষণ কৰি সঠিকভাৱে ৰাজহ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সতৰ্কতাৰ ওপৰত বৰ্ধিত গুৰুত্ব আৰোপ কৰাটোকে প্ৰতিফলিত কৰি তুলিছে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ জুলাই মাহ পৰ্যন্ত টিকটবিহীন ৰে’ল ভ্ৰমণৰ ওপৰত চলোৱা সামগ্ৰিক টিকট পৰীক্ষণ অভিযানৰ ফলাফলো অতি উৎসাহজনক। এপ্ৰিলৰ পৰা জুলাই ২০২৬ পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীন আৰু অনিয়মীয়া টিকট সহ যাত্ৰাৰ মুঠ ৪,১৪,৭৯৬ টা ঘটনা ধৰা পেলায়, যাৰ ফলত ভাড়া আৰু অতিৰিক্ত মাচুল হিচাপে ৫০.৫৭ কোটি টকা জৰিমনা সংগ্ৰহ কৰা হয়। 

এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্যিক বিভাগ, টিকট পৰীক্ষণ ষ্টাফ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াবৰ্গৰ নিষ্ঠা আৰু একাগ্ৰতাকে প্ৰতিফলিত কৰিছে যিসকলে নিয়মীয়াকৈ আকস্মিক পৰিদৰ্শন আৰু বিশেষ অভিযান চলাই টিকটবিহীন আৰু অনিয়মীয়া টিকটত ৰে’ল ভ্ৰমণ নিৰুৎসাহিত কৰি আহিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই পুনৰবাৰ সকলো যাত্ৰীকে বৈধ টিকটত ভ্ৰমণ কৰিবলৈ, ভ্ৰমণৰ সঠিক অনুমোদন লগত নিবলৈ আৰু ৰেলৱে আইন অনুসৰি অতিৰিক্ত লাগেজ বুকিং কৰিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলৰ এনে সহযোগিতাই সকলোৰে বাবে অধিক সুৰক্ষিত, স্বচ্ছ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ লগতে ৰেল পৰিচালনৰ দিশত কাৰ্যদক্ষতা আৰু বিত্তীয় বহনক্ষমতাক যথেষ্ট শক্তিশালী কৰাৰ দিশত সহায় কৰিব।