গুৱাহাটী, ২৭ আগষ্ট, ২০২৬ : মহাকাশ প্ৰযুক্তিৰ (Space Technology) অপাৰ সম্ভাৱনাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নতিৰ ভেটি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ হৈছে নৰ্থইষ্ট ইণ্ডিয়া স্পেচ ৱৰ্কশ্বপ ২০২৬। ভাৰতীয় মহাকাশ উদ্যোগ সংস্থা (এছআইএ-ইণ্ডিয়া) আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (এনইএছএচি) যৌথ উদ্যোগত আয়োজিত “লেভাৰেজিং স্পেচ টেকন’লজিঃ ৰিজ’নেল ট্ৰেন্সফৰ্মেচন টু গ্ল’বেল ৰিচ্চ” শীৰ্ষক এই কাৰ্যসূচীৰ প্ৰথম দিনটোৰ বৈঠকত কেৱল স্থানীয় প্ৰয়োগৰ মাজতে আৱদ্ধ নাথাকি বিশ্বমানৰ সুযোগ গ্ৰহণৰ ওপৰত আলোকপাত কৰা হয়। অনন্য ভৌগোলিক অৱস্থান, কৌশলগত গুৰুত্ব আৰু প্ৰতিষ্ঠানিক দক্ষতাক ভিত্তি কৰি উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বিকাশশীল মহাকাশ খণ্ডত এক শক্তিশালী ভূমিকা ল’ব পাৰে বুলি বৈঠকত আলোচনা কৰা হয়। ইয়াৰ জৰিয়তে মহাকাশভিত্তিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰা, প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি, নতুন উদ্ভাৱন, নিৰ্মাণ উদ্যোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশসমূহক আগুৱাই নিয়াৰ লগতে স্থানীয় প্ৰতিভা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণৰ নতুন বাট মুকলি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হয়।
অনুষ্ঠানত এছআইএ-ইণ্ডিয়াৰ অধ্যক্ষ ড০ চুব্বা ৰাও পাভুলুৰিয়ে কয়, “প্ৰথমবাৰৰ বাবে এছআইএ-ইণ্ডিয়াই নিজৰ ৰাষ্ট্ৰীয় মহাকাশ উদ্যোগ সম্পৰ্কীয় আলোচনাক নতুন দিল্লীৰ পৰিধিৰ বাহিৰলৈ উলিয়াই উত্তৰ-পূৰ্বাঞ্চললৈ আনিছে। এয়া কেৱল স্থান পৰিৱৰ্তন নহয়, বৰঞ্চ দৃষ্টিভংগীৰো এক বৃহৎ পৰিৱৰ্তন। ভাৰতৰ মহাকাশ অৰ্থনীতি বৰ্তমান অধিক বিকেন্দ্ৰীকৃত, ব্যক্তিগত খণ্ডকেন্দ্ৰিক আৰু ব্যৱহাৰিক প্ৰয়োগভিত্তিক হৈ উঠিছে; সেয়েহে য’ত নতুন সুযোগ, প্ৰত্যাহ্বান, প্ৰতিভা আৰু উদ্যোগৰ বিকাশ ঘটিছে, সেই স্থানলৈ আমাৰ এই আলোচনা আগবাঢ়ি যাবই লাগিব।” কৰ্মশালাৰ প্ৰথম দিনাৰ বৈঠকত ভাৰতৰ নতুন মহাকাশ অৰ্থনীতিত অংশগ্ৰহণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলে কেনেদৰে এক যৌথ ‘ভিজন ২০৩০’ গঢ়ি তুলিব পাৰে, সেই বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। একে সময়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক তথা প্ৰতিষ্ঠানিক কেন্দ্ৰ হিচাপে অসমৰ সম্ভাৱনাকো এই আলোচনাত বিশেষ স্বীকৃতি দিয়া হয়। অঞ্চলটোৰ এই মহাকাশ প্ৰযুক্তিৰ সুযোগক বৃহৎ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংযোগ কৰি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সচিব সতিন্দৰ কুমাৰ ভাল্লা, আইটিএছে কয়, “২০৩০ চনত উত্তৰ-পূৰ্বাঞ্চলৰ স্থিতি নিৰ্ণয় কৰাৰ সমান্তৰালভাৱে ২০৪৭ চনৰ দিশে অঞ্চলটোৰ অগ্ৰগতিত এক সঠিক দিশ দিবলৈ আজিৰ দিনটোত এক সুদূৰপ্ৰসাৰী দৃষ্টিভংগী গঢ়ি তোলাটোহে আমাৰ সন্মুখৰ মূল লক্ষ্য।”
আঞ্চলিক বিকাশ আৰু দুৰ্যোগ প্ৰতিৰোধৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিভিত্তিক আন্তঃগাঁথনিক এক অপৰিহাৰ্য অংগ হিচাপে গণ্য কৰাৰ প্ৰয়োজনীয়তাকো আলোচনাত বিশেষভাৱে তুলি ধৰা হয়। অসমৰ প্ৰেক্ষাপটত ইয়াৰ অৰ্থ হ’ল- উপগ্ৰহীয় যোগাযোগ, পৃথিৱী নিৰীক্ষণ, ভূ-স্থানিক চোৰাংচোৱা তথ্য আৰু মহাকাশভিত্তিক তথ্যক বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ পৰিকল্পনা তথা ৰূপায়ণত পদ্ধতিগতভাৱে ব্যৱহাৰ কৰা, যাৰ জৰিয়তে এই সামৰ্থ্য বৃদ্ধিত ব্যক্তিগত উদ্যোগসমূহৰ অংশগ্ৰহণৰ সুচল পথ প্ৰশস্ত হয়। কেৱল প্ৰযুক্তিৰ ব্যৱহাৰৰ মাজতে আৱদ্ধ নাথাকি সমগ্ৰ অঞ্চলটোৰ নাগৰিক, প্ৰতিষ্ঠান আৰু জৰুৰী আন্তঃগাঁথনিক সহায় কৰিব পৰাকৈ নিৰ্ভৰযোগ্য তথা তাৎক্ষণিক সেৱা আগবঢ়োৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। প্ৰাপ্ত তথ্যৰ মান আৰু সহজলভ্যতা বৃদ্ধি কৰি সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ তাক ব্যৱহাৰযোগ্য তথ্যালৈ ৰূপান্তৰ কৰাই আছিল এই আলোচনাৰ মূল লক্ষ্য। অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ গোপাল ঝাই কয়, “উপগ্ৰহ উৎক্ষেপণৰ সংখ্যাতকৈ মহাকাশ প্ৰযুক্তিয়ে যোগান ধৰা উন্নত মানৰ তথ্য আৰু ক্ষিপ্ৰ সঁহাৰিক বাস্তৱ ক্ষেত্ৰত কিমান ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰি, সেয়াহে আচল দৃষ্টিভংগী। জ্ঞান আৰু বাস্তৱ প্ৰয়োগৰ মাজৰ ব্যৱধান দূৰ কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান, যাতে এই তথ্য সঠিক সময়ত সাধাৰণ নাগৰিক, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলৰ ওচৰ পায়গৈ আৰু তেওঁলোকে সময়মতে উপযুক্ত প্ৰস্তুতি তথা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হয়।”
উপযুক্ত আন্তঃগাঁথনি, কাৰিকৰী দক্ষতা, বিনিয়োগ আৰু চৰকাৰী নীতিৰ সহায় লৈ স্থানীয় উদ্যোগ, এম এছ এম ই তথা ষ্টাৰ্টআপসমূহে কেনেদৰে মহাকাশ আৰু অৰ্ধপৰিবাহী নিৰ্মাণ খণ্ডত অংশ ল’ব পাৰে, সেই বিষয়ে বৈঠকত গভীৰভাৱে আলোচনা কৰা হয়। ইয়াৰ জৰিয়তে স্থানীয় প্ৰতিষ্ঠানসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ লগতে যোগান শৃংখল অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়া হয়। অনুষ্ঠানত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (এনইএছএচি) সঞ্চালক ড০ এছ পি আগৰৱালে কয়, “ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় ৮ শতাংশ জুৰি থাকিলেও উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত আৰু প্ৰাকৃতিক গুৰুত্ব অপৰিসীম। জৈৱ-বৈচিত্ৰ্যৰ বিশেষ ক্ষেত্ৰ তথা দক্ষিণ-পূব এছিয়ালৈ দেশৰ মুখ্য প্ৰৱেশদ্বাৰ হোৱাৰ বাবেই এই অঞ্চলটোৱে ভাৰতৰ মহাকাশ অৰ্থনীতিত এক বলিষ্ঠ ভূমিকা পালন কৰিব পাৰে। সেয়েহে ষ্টাৰ্টআপ, উদ্ভাৱন আৰু থলুৱা প্ৰযুক্তিৰ ভেটি সুদৃঢ় কৰি উত্তৰ-পূৰ্বাঞ্চলক কেৱল মহাকাশ প্ৰযুক্তি ব্যৱহাৰকাৰী কৰাৰ পৰিৱৰ্তে মহাকাশভিত্তিক সমাধানৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে।”
এই কৌশলগত ভেটিৰ সমান্তৰালভাৱে অঞ্চলটোৰ ভৌগোলিক অৱস্থানে নতুন মহাকাশ পৰিস্থিতিতন্ত্ৰৰ বাবে এক বহল আন্তঃৰাষ্ট্ৰীয় সম্ভাৱনাও কঢ়িয়াই আনিছে। দক্ষিণ-পূব এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়ত চুবুৰীয়া দেশসমূহৰ বজাৰৰ লগত দেশীয় প্ৰযুক্তি সংযোগ কৰাত উত্তৰ-পূৰ্বাঞ্চলে এক সেতুৰ ভূমিকা ল’ব পাৰে। একেদৰে দুৰ্গম ভূ-প্ৰকৃতি, প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ, পৃথিৱী নিৰীক্ষণ, ভূ-স্থানিক চোৰাংচোৱা তথ্য আৰু সীমান্ত নিৰাপত্তাৰ দৰে প্ৰত্যাহ্বানসমূহেই অঞ্চলটোক মহাকাশভিত্তিক সমাধানৰ এক প্ৰাকৃতিক পৰীক্ষাগাৰত পৰিণত কৰিছে। এই স্থানীয় প্ৰয়োজন পূৰণৰ বাবে বিকশিত কৰা এনে প্ৰযুক্তিগত সমাধানসমূহে পৰৱৰ্তী সময়ত সমগ্ৰ দেশৰ লগতে বিশাল ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো বিশেষ প্ৰাসংগিকতা লাভ কৰিব পাৰে। অনুষ্ঠানত এছআইএ-ইণ্ডিয়াৰ সঞ্চালক প্ৰধান অনিল প্ৰকাশে কয়, “উত্তৰ-পূৰ্বাঞ্চলে উদ্ভাৱন, ষ্টাৰ্টআপ আৰু এক শক্তিশালী প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ নিজৰ পৰিসৰ বৃদ্ধি কৰিবই লাগিব। বাহিৰৰ পৰা সমাধান অনাৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভা আৰু উদ্যোগসমূহক নতুন প্ৰযুক্তি উদ্ভাৱন, বিকাশ তথা সমগ্ৰ বিশ্বৰ সন্মুখলৈ লৈ যোৱাৰ বাবে সম্পূৰ্ণ সক্ষম কৰি তোলাটোহে আমাৰ মূল লক্ষ্য।”
এই উদ্যোগীকৰণৰ ধাৰা গঢ়ি তুলিবলৈ এছআইএ-ইণ্ডিয়াই ছফ্টৱেৰ টেকন’লজি পাৰ্কছ অৱ ইণ্ডিয়া (এছ টি পি আই) আৰু অসম চৰকাৰৰ সহযোগত অসমত এটি ‘চেণ্টাৰ ফৰ স্পেচ এণ্ট্ৰপ্ৰেনিউৰশ্বিপ’ (মহাকাশ উদ্যোগীকৰণ কেন্দ্ৰ) স্থাপনৰ কাম কৰি আছে। প্ৰস্তাৱিত কেন্দ্ৰটোৱে অঞ্চলটোৰ ষ্টাৰ্টআপ, উদ্ভাৱক আৰু উদীয়মান উদ্যোগসমূহৰ বাবে সঠিক পৰামৰ্শ, উদ্যোগিক নেটৱৰ্ক, কাৰিকৰী জ্ঞান আৰু বজাৰ সংযোগ লাভৰ এক মঞ্চ তৈয়াৰ কৰিব আৰু সমান্তৰালভাৱে বাংগালুৰুৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স ইন স্পেচ টেকন’লজি’ৰ সৈতেও এক পোনপটীয়া সংযোগ স্থাপন কৰিব। এই সংযোগৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ প্ৰতিষ্ঠিত মহাকাশ প্ৰযুক্তি খণ্ডৰ মাজত নতুন চিন্তা, জ্ঞান, অভিজ্ঞতা আৰু উৎকৃষ্ট কৰ্মপদ্ধতিৰ অবাধ আদান-প্ৰদান নিশ্চিত কৰা, যাৰ ফলত আঞ্চলিক উদ্ভাৱকসকলে দেশৰ বৃহত্তৰ মহাকাশ উদ্যোগৰ সৈতে সহজে যুক্ত হ’ব পাৰিব। এই কৰ্মশালাত উপস্থিত থাকে নীতি নিৰ্ধাৰক, চৰকাৰী বিষয়া, মহাকাশ গৱেষণা প্ৰতিষ্ঠান, প্ৰতিৰক্ষা তথা নিৰাপত্তা বিশেষজ্ঞ আৰু উদ্যোগ জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। যাৰ ভিতৰত আছিল নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সচিব সতিন্দৰ কুমাৰ ভাল্লা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ গোপাল ঝা, উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (এনইএছএচি) সঞ্চালক ড০ এছ পি আগৰৱাল, এছআইএ-ইণ্ডিয়াৰ অধ্যক্ষ ড০ চুব্বা ৰাও পাভুলুৰি, এছআইএ-ইণ্ডিয়াৰ সঞ্চালকপ্ৰধান অনিল প্ৰকাশ, ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, এআইএছএফৰ পৰিচালন সঞ্চালক ড০ নয়নজ্যোতি গোস্বামী, স্পেচফেয়াৰিং টেকন’লজিৰ পৰিচালন সঞ্চালক ড০ সৰোজ জে শইকীয়া আৰু বিএছএনএল, হিউজেছ কমিউনিকেশ্যনছ ইণ্ডিয়া, গিলাট চেটেলাইট নেটৱৰ্কছ, কেপিএমজি ইণ্ডিয়া, এক্সডিএলআইএনএক্স স্পেচ লেবচ্, গেলাক্সআইকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিসকল।
কৰ্মশালাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰ সেনা ৰেড্ডী নাল্লুৱে। তেওঁৰ উপস্থিতিয়ে এই আলোচনাত ৰাজ্যভিত্তিক দৃষ্টিভংগী সন্নিৱিষ্ট কৰাৰ লগতে কৰ্মশালাখনৰ আঞ্চলিক তাৎপৰ্যক অধিক সুদৃঢ় আৰু প্ৰসাৰিত কৰি তুলিব। মন কৰিবলগীয়া যে, ভাৰতৰ মহাকাশ অৰ্থনীতি বৰ্তমান বাণিজ্যিকীকৰণ আৰু ব্যাপক অংশগ্ৰহণৰ এক নতুন পৰ্যায়ত উপনীত হৈছে। এনে এক সন্ধিক্ষণত উত্তৰ-পূৰ্বাঞ্চলে নিজা সামৰ্থ্যৰে এই যাত্ৰাত এক শক্তিশালী অংশীদাৰ হোৱাৰ বিশেষ সুযোগ লাভ কৰিছে। এতিয়া কেৱল সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ মাজতে আৱদ্ধ নাথাকি পাৰস্পৰিক অংশীদাৰিত্ব, প্ৰযুক্তিগত সক্ষমতা আৰু নতুন উদ্যোগ গঢ়ি তুলি এই লক্ষ্য বাস্তৱায়িত কৰাটোৱেই হৈছে পৰৱৰ্তী মূল পদক্ষেপ।
