গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২৬ : চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত বৈজ্ঞানিক প্ৰমাণৰ ব্যৱহাৰ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদযন্ত্ৰ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত পদ্ধতিগত পৰ্যালোচনা, মেটা-বিশ্লেষণ আৰু GRADE পদ্ধতিৰে প্ৰমাণভিত্তিক চিকিৎসা নিৰ্দেশনা প্ৰস্তুতকৰণ বিষয়ক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ঔষধ বিজ্ঞান বিভাগৰ উদ্যোগত এইমছ গুৱাহাটীৰ (AIIMS, Guwahati) প্ৰমাণভিত্তিক নিৰ্দেশনা কেন্দ্ৰৰ কাৰিকৰী সম্পদ কেন্দ্ৰৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগে কাৰ্যসূচীটোলৈ আৰ্থিক সহায় আগবঢ়ায়। এই প্ৰশিক্ষণত বিভিন্ন চিকিৎসা বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু গৱেষকসকলে অংশগ্ৰহণ কৰে। চিকিৎসা গৱেষণাৰ পৰা লাভ কৰা তথ্য আৰু প্ৰমাণসমূহ পদ্ধতিগতভাৱে সংগ্ৰহ, বিশ্লেষণ আৰু মূল্যায়ন কৰাৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীসকলৰ জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধি কৰাই আছিল কাৰ্যসূচীটোৰ অন্যতম মূল উদ্দেশ্য। আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত GRADE পদ্ধতিৰ সহায়ত প্ৰমাণভিত্তিক চিকিৎসা নিৰ্দেশনা প্ৰস্তুত কৰাৰ বিভিন্ন দিশতো প্ৰশিক্ষণ প্ৰদান কৰা হয়।
প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদযন্ত্ৰ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ সঞ্চালক তথা অধ্যক্ষ-সহ-মুখ্য অধীক্ষক অধ্যাপক ডাঃ বাবুল কুমাৰ বেজবৰুৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অধ্যাপক ডাঃ দেৱজিৎ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এল’পেথিক চিকিৎসা বিজ্ঞান অনুষদৰ ডীন অধ্যাপক ডাঃ পংকজ অধিকাৰী আৰু অসম চৰকাৰৰ চিকিৎসা শিক্ষা বিভাগৰ উপ-সঞ্চালক ডাঃ প্ৰাণ প্ৰতিম শইকীয়া উপস্থিত থাকে।
এইমছ গুৱাহাটীৰ ডাঃ ফূলেন শৰ্মা আৰু ডাঃ অনসূয়া ভট্টাচাৰ্যৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ মুকুন্দম বৰাই প্ৰশিক্ষণ কাৰ্যসূচীটোৰ আয়োজক সচিব হিচাপে দায়িত্ব পালন কৰে। চিকিৎসা বিজ্ঞানত গৱেষণালব্ধ প্ৰমাণৰ সঠিক মূল্যায়ন আৰু তাৰ ভিত্তিত চিকিৎসা নিৰ্দেশনা প্ৰস্তুত কৰাটো উন্নত স্বাস্থ্যসেৱাৰ এক গুৰুত্বপূৰ্ণ আধাৰ। এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে চিকিৎসা গৱেষণা আৰু প্ৰমাণভিত্তিক চিকিৎসা ব্যৱস্থাৰ মাজৰ সংযোগ অধিক সুদৃঢ় কৰাৰ লগতে চিকিৎসা গৱেষণাৰ মান উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
