গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৬ : ঐতিহ্যমণ্ডিত শৰাইঘাট সেতু-অসমৰ ঐতিহাসিক প্ৰৱেশদ্বাৰ লগতে ভাৰতীয় ৰে’লৱেৰ এক ঐতিহ্যমণ্ডিত স্মৰণীয় স্থাপত্য তথা ভাৰতৰ অভিযান্ত্ৰিক উৎকৰ্ষতাৰ এক উজ্জ্বল নিদৰ্শন। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ (North East) বাবে এই সেতুখনৰ এক অতুলনীয় ঐতিহাসিক আৰু কৌশলগত গুৰুত্ব আছে। ১৯৬২ চনত সেৱাত নিয়োজিত হোৱা এই সেতুখনে ছয় দশকৰো অধিক সময় ধৰি ধাৰাবাহিকভাৱে ৰাষ্ট্ৰৰ সেৱা আগবঢ়াই আহিছে আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বছৰৰ পিছত বছৰ অতিক্ৰম কৰি যোৱাৰ লগে লগেই সেতুখনে যথেষ্ট ক্ষয়-ক্ষতিৰ সন্মুখীন হয়। আপাৰ ডেক শ্লেবখনৰ অৱস্থাৰ অৱনতিৰ ফলত মূল গাঁথনিগত অংশসমূহৰ ওপৰতো প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে তাৎক্ষণিক আৰু বিস্তৃত মেৰামতিৰ প্ৰয়োজনীয়তা পৰিলক্ষিত হয়। এনে পৰ্যায়ত সম্ভৱপৰ নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু সৰু-সুৰা মেৰামতি যথেষ্ট নাছিল। সেয়েহে, সেতুখন পুনৰুদ্ধাৰ কৰাৰ লগতে ইয়াৰ দীৰ্ঘম্যাদী গাঁথনিগত নিৰ্ভৰযোগ্যতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰায় ৭ কোটি টকা ব্যয়সাপেক্ষে এক ব্যাপক পুনৰ্বাসন কাৰ্য হাতত লোৱা হয়। এই মেৰামতিৰ কাৰ্য ১৩ জুলাই, ২০২৬ তাৰিখে আৰম্ভ কৰা হয় আৰু ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সফলতাৰে সম্পূৰ্ণ কৰা হয়।
সেতুখনৰ অৱস্থা পুনৰুদ্ধাৰ কৰি ইয়াৰ গুৰুত্বপূৰ্ণ গাঁথনিগত অংশসমূহ অধিক শক্তিশালী কৰাৰ লগতে যাতে সেতুখনৰ গাঁথনিগত অখণ্ডতা আৰু আধুনিক ভাৰ বহন ক্ষমতাৰ প্ৰয়োজনীয়তাৰ লগতে সুৰক্ষা মানদণ্ড পূৰণ কৰিব পৰা যায়, সেই উদ্দেশ্যে পুনৰ্বাসনৰ কাৰ্য হাতত লোৱা হৈছিল। পৰিদৰ্শন আৰু মূল্যায়নৰ সময়ত জৰুৰীভাৱে মেৰামতিৰ প্ৰয়োজন হোৱা কেইবাটাও অংশ চিনাক্ত কৰা হয়। ইয়াৰ ভিতৰত আমিনগাঁও প্ৰান্তত থকা ক্ষতিগ্ৰস্ত এক্সপানশ্যন জইণ্ট, সহায়ক ষ্টীল মেম্বাৰসমূহৰ ক্ষয়-ক্ষতি, গাঁথনিগত ফাটৰ সৃষ্টি আৰু ক্ষতিগ্ৰস্ত হোৱা কংক্ৰিটৰ গাঁতৰ সৃষ্টি আদি উল্লেখযোগ্য। ইয়াৰ ফলত পানী ভিতৰলৈ সোমাই পৰি সেতুখনত সংস্থাপিত ১১ টা এক্সপানশ্যন জইণ্টৰ ভিতৰত ৮ টাৰ ক্ষতি হয়।ইয়াৰ উপৰি, ৰোড ডেকত একাধিক গাঁতৰ লগতে ক্ষতিগ্ৰস্ত অংশও পৰিলক্ষিত হয়। এই অংশসমূহ ভাঙি পুনৰ কংক্ৰিটেৰে মেৰামতি কৰাৰ লগতে উপলব্ধ পৰ্যাপ্ত সময়েৰে কিউৰিং কৰাৰ প্ৰয়োজন হয়। এই বছৰৰ আৰম্ভণিতে, বিশেষকৈ ২০২৬ বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত, একাধিক সময়ৰ এই গাঁতসমূহৰ মেৰামতিৰ কাম হাতত লোৱা হয়।
কিন্তু যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ বাবে উপলব্ধ সীমিত কিউৰিং সময়সীমাৰ বাবে বিশেষকৈ অধিক বোজা কঢ়িওৱা গধুৰ যান-বাহনৰ চলাচলৰ প্ৰভাৱৰ ফলত মেৰামতি কৰা কংক্ৰিটৰ উপৰিভাগ পুনৰ ক্ষতিগ্ৰস্ত হয়। সেয়েহে, অধিক বিস্তৃত আৰু দীৰ্ঘস্থায়ী পুনৰ্বাসন পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। শৰাইঘাট সেতুৰ ব্যাপক পুনৰ্বাসন কাৰ্যৰ অংশ হিচাপে বিস্তৃত মেৰামতি আৰু শক্তিশালীকৰণৰ কাম হাতত লোৱা হয়। ইয়াৰ ভিতৰত ক্ষতিগ্ৰস্ত ৮ টা এক্সপানশ্যন জইণ্ট ভাঙি পুনৰ মেৰামতি কৰি কংক্ৰিটৰ ৰোড ডেকৰ ক্ষতিগ্ৰস্ত অংশসমূহ আঁতৰাই কংক্ৰিটেৰে পুনৰ নিৰ্মাণ কৰাৰ লগতে নিম্নভাগৰ গাঁথনিগত ষ্টীল মেম্বাৰসমূহৰ বিস্তৃত মেৰামতি তথা শক্তিশালীকৰণৰ অন্তৰ্ভুক্তিৰে আৰু বিভিন্ন স্থানত হোৱা ক্ষতিগ্ৰস্ত ডেকৰ অংশসমূহ পৰিকল্পিতভাৱে কংক্ৰিটৰ জৰিয়তে পুনৰুদ্ধাৰ কৰা হয় আৰু ইয়াৰ পাছত পৰ্যাপ্ত কিউৰিং কৰা হয়, যাতে সেতুখনৰ স্থায়িত্ব, গাঁথনিগত অখণ্ডতা আৰু দীৰ্ঘম্যাদী কাৰ্যক্ষমতা নিশ্চিত কৰিব পৰা যায়।
শৰাইঘাট সেতুৰ পুনৰ্বাসন কেৱল এক নিয়মীয়া ৰক্ষণাবেক্ষণ কাৰ্য নহয়। আনহাতে ই এক গুৰুত্বসম্পন্ন ৰাষ্ট্ৰীয় আন্তঃগাঁথনিগত স্থাপত্যক সুৰক্ষিত কৰি ৰখাৰ দিশত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে ইয়াৰ নিৰৱচ্ছিন্ন নিৰ্ভৰযোগ্যতা বজাই ৰখাৰ বাবে এক গুৰুত্বপূৰ্ণ হস্তক্ষেপক প্ৰতিনিধিত্ব কৰে। এই ব্যাপক কাৰ্যৰ জৰিয়তে ক্ষতিগ্ৰস্ত এক্সপানশ্যন জইণ্টসমূহৰ মেৰামতি, সহায়ক গাঁথনিগত মেম্বাৰসমূহৰ শক্তিশালীকৰণ আৰু বিভিন্ন স্থানত ৰোড ডেকৰ পুনৰ্বাসন কৰা হৈছে। বৃহৎ পুনৰ্বাসন কাৰ্য সফলতাৰে সম্পূৰ্ণ হোৱাটোৱে ভাৰতীয় ৰে’লৱেৰ অভিযান্ত্ৰিক টীমৰ নিৰৱচ্ছিন্ন প্ৰয়াস আৰু কাৰিকৰী দক্ষতাকে প্ৰতিফলিত কৰিছে। সুৰক্ষা, গাঁথনিগত অখণ্ডতা আৰু দীৰ্ঘম্যাদী স্থায়িত্বৰ ওপৰত কেন্দ্ৰীভূত গুৰুত্ব আৰোপ কৰি এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে। শৰাইঘাট সেতুখন অসমৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত, যিয়ে বিভিন্ন জনসমাজক সংযোগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে জনসাধাৰণ আৰু সামগ্ৰীৰ যাতায়াত সুগম কৰি আহিছে। এই সেতুখনৰ বিস্তৃত পুনৰ্বাসন কাৰ্যই এই অভিযান্ত্ৰিক স্থাপত্যৰ সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অনাগত বহু দশক জুৰি সুৰক্ষিত তথা নিৰ্ভৰযোগ্যভাৱে অঞ্চলটোৰ সেৱা অব্যাহত ৰখাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
