নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ, ২০২৬ : শ্বিলঙত (Shillong) চলি থকা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬ ত অসমে অদম্য প্ৰদৰ্শন কৰি দলীয় শাখাৰ চাৰিওটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত হোৱা ফাইনেলত অসমৰ ল’ৰা আৰু ছোৱালীৰ দলে চমকপ্ৰদ জয়ৰে জুনিয়ৰ দলীয় শাখাত চেম্পিয়ন হোৱাৰ পাছত অসমৰ পুৰুষ আৰু মহিলা দলেও প্ৰত্যাশিত প্ৰদৰ্শন কৰি স্বৰ্ণ পদক জয় কৰে৷ উল্লেখ্য যে ছিনিয়ৰ দলীয় শাখাত সোণ অৰ্জনৰে অসমৰ পুৰুষ আৰু মহিলা দলে মাণ্ডলিক চেম্পিয়ন হৈ ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়ালৈও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়৷
জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত পুৰুষৰ দলীয় ফাইনেলত অসমে ৩-১ ৰ ব্যৱধানত পৰাস্ত কৰে মনিপুৰক৷ ৱেষ্ট অব ফাইভৰ এককৰ প্ৰথম মেচখনত শুভাংকৰ দত্ত পৰাস্ত হয় যদিও পৰবৰ্তী তিনিখন মেচত অসমে জয়লাভ কৰে৷ তন্ময় বিকাশ বৰুৱা আৰু অৰিজিত চলিহাই এককত তথা সুৰজ গোৱালা-স্বৰ্ণৰাজ বৰাই ডাবলচত জয় অৰ্জন কৰে৷ ইফালে, অসমৰ মহিলা দলে ৩-০ ৰ ব্যৱধানত মিজোৰামক পৰাস্ত কৰে৷ তাৰকা অস্মিতা চলিহা আৰু মুয়ুৰী বৰ্মনে এককত তথা অস্মিতাই মানালী বৰাৰ লগত ডাবলচ মেচখনতো জয়লাভ কৰে৷ ইয়াৰপূৰ্বে বুধবাৰে নিশা হোৱা পুৰুষৰ ছেমিফাইনেলত অসমে মিজোৰামক পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে অৰুনাচল প্ৰদেশক হৰুৱাইছিল৷
ইফালে, জুনিয়ৰ ল’ৰাৰ ফাইনেলত অসমে ২-০ ৰ ব্যৱধানত অৰুনাচল প্ৰদেশক পৰাস্ত কৰে৷ একপক্ষীয় খেলখন ৫৭ মিনিটতে সমাপ্ত হয়৷ প্ৰথম ভাৰতীয় শ্বাটলাৰৰূপে বি এফ ডব্লিউ বিশ্ব জুনিয়ৰৰ খিতাপ দখল কৰি ইতিহাস গঢ়া বৰ্ণিল আকাশ চাংমাই একক মেচত জয়লাভ কৰাৰ লগতে আনায়ান বৰাৰ লগত যুটি বান্ধি ডাবলচ মেচতো জয়লাভ কৰে৷ ইফালে, ছোৱালীৰ জুনিয়ৰৰ ফাইনেলত অসমে ২-১ ত পৰাস্ত কৰে মিজোৰামক৷ গাৰ্গি শইকীয়াই এককত জয়ী হৈ অসমক অগ্ৰগতি দিয়ে যদিও ডাবলচ মেচত ভৱিষ্যা চাংমাই আৰু অভিকা বৰগোহাঁই পৰাস্ত হয়৷ নিৰ্ণায়ক তৃতীয় মেচখনত নৈমিখা শইকীয়াই জয়লাভ কৰি অসমৰ সোণৰ পদক নিশ্চিত কৰে৷ অহা ১৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত দলীয় শাখাৰ সমাপ্তিৰ পাছত এতিয়া পুৰুষ-মহিলা তথা ল’ৰা-ছোৱালীৰ একক, ডাবলচ আৰু মিক্সড শাখাৰ খেল অনুষ্ঠিত হ’ব৷
