নিউজ ডেস্ক, ১১ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) পূজা, দীপাৱলী আৰু ছট উৎসৱৰ বতৰত যাত্ৰীসকলৰ ভ্ৰমণ অধিক সুবিধাজনক কৰাৰ উদ্দেশ্যে অতিৰিক্ত চাৰি যোৰ বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নাৰেংগী-গোৰখপুৰ, কাটিহাৰ-ছাবৌৰ, ফিৰোজপুৰ কেণ্ট-পূৰ্ণিয়া আৰু ভাগলপুৰ-কাটিহাৰৰ মাজত চলিবলগীয়া এই বিশেষ ৰে’লসমূহে উত্তৰ-পূৰ্বাঞ্চল, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব আৰু চণ্ডীগড়ৰ যাত্ৰীসকলক উপকৃত কৰিব। এই সেৱাসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু উত্তৰ প্ৰান্তৰ ৰে’ল সংযোগ অধিক সুদৃঢ় কৰি যাত্ৰীসকলক সুবিধাজনকভাৱে যাত্ৰা কৰাত সহায় কৰিব আৰু পৰিয়ালৰ সৈতে উৎসৱ উদ্যাপন কৰাৰ সুযোগ প্ৰদান কৰিব।
ৰে’ল নং ০৫৬৩৩ (নাৰেংগী-গোৰখপুৰ) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখন ১৬ অক্টোবৰ, ২০২৬ ৰ পৰা ২৭ নৱেম্বৰ, ২০২৬ লৈ প্ৰতি শুকুৰবাৰে চলাচল কৰিব। ৰে’লখন নাৰেংগীৰ পৰা ২০:০০ বজাত প্ৰস্থান কৰি শনিবাৰে ২১:৪০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৬৩৪ (গোৰখপুৰ-নাৰেংগী) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখন ১৮ অক্টোবৰ, ২০২৬ ৰ পৰা ২৯ নৱেম্বৰ, ২০২৬ লৈ প্ৰতি দেওবাৰে চলাচল কৰিব। ৰে’লখন গোৰখপুৰৰ পৰা ০১:১০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৩:০০ বজাত নাৰেংগীত গৈ উপস্থিত হ’ব। এই বিশেষ ৰে’ল সেৱাসমূহ ২২টা ডবাৰে প্ৰতিটো দিশত ৭ টাকৈ ট্ৰিপৰ বাবে চলিব।
ৰে’ল নং ০৫৭৮২ (কাটিহাৰ-ছাবৌৰ) পূজা বিশেষ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লখনৰ সেৱা ৮ অক্টোবৰ, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ৩০ নৱেম্বৰ, ২০২৬ লৈকে চলাচল কৰিব। ৰে’লখন প্ৰতি বৃহস্পতিবাৰ, দেওবাৰ আৰু সোমবাৰে ১৬:৫০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি একেদিনাই ২৩:০০ বজাত চাবৌৰত উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৭৮১ (ছাবৌৰ-কাটিহাৰ) পূজা বিশেষ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লখনৰ সেৱা ৯ অক্টোবৰ, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ১ ডিচেম্বৰ, ২০২৬ লৈ চলাচল কৰিব। ৰে’লখন প্ৰতি শুকুৰবাৰ, সোমবাৰ আৰু মঙলবাৰে ০৪:৫০ বজাত চাবৌৰৰ পৰা প্ৰস্থান কৰি একেদিনাই ১০:৫৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। এই বিশেষ ৰে’ল সেৱাসমূহ ২২টা ডবাৰে প্ৰতিটো দিশত ২৪টাকৈ ট্ৰিপৰ বাবে চলিব।
ৰে’ল নং ০৪৬৩৪ (ফিৰোজপুৰ কেণ্ট-পূৰ্ণিয়া) উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে’লখনৰ সেৱা ৮ অক্টোবৰ, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ২৬ নৱেম্বৰ, ২০২৬ লৈ চলাচল কৰিব। ৰে’লখন প্ৰতি বৃহস্পতিবাৰে ১৭:৩০ বজাত ফিৰোজপুৰ কেণ্টৰ পৰা প্ৰস্থান কৰি শনিবাৰে ০৩:০০ বজাত পূৰ্ণিয়াত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৪৬৩৩ (পূৰ্ণিয়া-ফিৰোজপুৰ কেণ্ট) উৎসৱ বিশেষ এক্সপ্ৰেছখন ১০ অক্টোবৰ, ২০২৬ ৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ প্ৰতি শনিবাৰে চলাচল কৰিব। ৰে’লখন পূৰ্ণিয়াৰ পৰা ০৬:০০ বজাত প্ৰস্থান কৰি দেওবাৰে ১৬:৩৫ বজাত ফিৰোজপুৰ কেণ্টত গৈ উপস্থিত হ’ব। এই বিশেষ ৰে’ল সেৱাসমূহ ১৮টা ডবাৰে প্ৰতিটো দিশত ৮টাকৈ ট্ৰিপৰ বাবে চলিব। ৰে’ল নং ০৩৪০৯ (ভাগলপুৰ-কাটিহাৰ) বিশেষ ৰে’লখনৰ দৈনিক সেৱা ৭ অক্টোবৰ, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ৩০ নৱেম্বৰ, ২০২৬ লৈ চলাচল কৰিব।
ৰে’লখন ভাগলপুৰৰ পৰা ১৭:৩০ বজাত প্ৰস্থান কৰি একেদিনাই ২৩:১০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৩৪১০ (কাটিহাৰ-ভাগলপুৰ) বিশেষ ৰে’লখনৰ দৈনিক সেৱা ৮ অক্টোবৰ, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ১ ডিচেম্বৰ, ২০২৬লৈ চলাচল কৰিব। ৰে’লখন কাটিহাৰৰ পৰা ০৬:৩৫ বজাত প্ৰস্থান কৰি একেদিনাই ১২:০৫ বজাত ভাগলপুৰত গৈ উপস্থিত হ’ব। এই বিশেষ ৰে’ল সেৱাসমূহ প্ৰতিটো দিশত ৫৫টাকৈ ট্ৰিপৰ বাবে চলিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত তথ্য আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত আৰু বিভিন্ন বাতৰি কাকতত প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিবৰণ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
