নিউজ ডেস্ক, ২৫, অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰীসকলৰ সুবিধাৰ ক্ষেত্ৰত এক নতুন সংযোজন হিচাপে ২৩ অক্টোবৰত গুৱাহাটী ৰে’লৱে ষ্টেচনত ‘দ্য টাৰ্মিনেল’ নামৰ এক বিশেষ স্থান মুকলি কৰে। এই স্থানত খাদ্য গ্ৰহণ, বজাৰ কৰা আৰু মনোৰঞ্জনৰ সুবিধা একেখন ঠাইতে উপলব্ধ হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে এই ৰে’লৱেৰ প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধক নীৰজ সাহায় আৰু লামডিং মণ্ডলৰ মণ্ডল ৰে’লৱে প্ৰবন্ধক সমীৰ লোহানী উপস্থিতিত এই সুবিধাৰ উদ্বোধন কৰে।
গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ষ্টেচন ৰোডৰ পাণবজাৰস্থিত পুৰণি যাত্ৰী সংৰক্ষণ ব্যৱস্থা ভৱনৰ এলেকাত এই সুবিধা গঢ়ি তোলা হৈছে। ‘দ্য টাৰ্মিনেল’ত ৰে’লযাত্ৰী, পৰিয়াল আৰু আন দৰ্শনাৰ্থীসকলে খাদ্য গ্ৰহণ, জিৰণি আৰু অৱসৰ বিনোদনৰ বাবে এক সুবিধাজনক পৰিৱেশ লাভ কৰিব। নতুন উদ্ভাৱনীমূলক ভাড়া ৰহিত ৰাজহ আঁচনিৰ অধীনত লামডিং মণ্ডলে এই প্ৰকল্পটো ৰূপায়ণ কৰি পূৰ্বতে কম ব্যৱহৃত ৰে’লৱেৰ সম্পদক এক আকৰ্ষণীয় বাণিজ্যিক আৰু মনোৰঞ্জন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। ২৭,৩৮১ বৰ্গফুট এলেকাজুৰি বিস্তৃত এই সুবিধাটোৰ পৰিচালনাৰ দায়িত্ব পাঁচ বছৰৰ বাবে ২.২৭ কোটি টকাৰ চুক্তিমূল্যত ‘ফিউজন এজ ছলিউচন’ক অৰ্পণ কৰা হৈছে।
এই পদক্ষেপে যাত্ৰীসকলৰ বাবে উন্নত সা-সুবিধা নিশ্চিত কৰাৰ লগতে ৰে’লৱেৰ সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰ আৰু ভাড়া ৰহিত ৰাজহ আহৰণৰ পথ প্ৰশস্ত কৰিছে। ‘দ্য টাৰ্মিনেল’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন দ্ৰুত খাদ্য সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ সমাহাৰেৰে এটা খাদ্য গ্ৰহণৰ মণ্ডল, স্থানীয় হস্তশিল্প, স্মাৰক সামগ্ৰী আৰু বিভিন্ন খুচুৰা ব্যৱসায়িক সামগ্ৰীৰে সমৃদ্ধ এখন ফ্লি মাৰ্কেট (বিশেষ বজাৰ) তথা শিশুসকলৰ বাবে এটা ইনড’ৰ ছফ্ট প্লে এলেকা গঢ়ি তোলা হৈছে। এই সুবিধাসমূহে যাত্ৰীসকলক বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লোৱাৰ লগতে বজাৰ আৰু মনোৰঞ্জনৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ ফলত ৰে’লৰ বাবে অপেক্ষা কৰা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সময় অধিক আৰামদায়ক আৰু আনন্দদায়ক হৈ উঠিব।
এই বজাৰে স্থানীয় শিল্পী আৰু কাৰিকৰসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ জৰিয়তে অধিক সংখ্যক গ্ৰাহকৰ কাষ চাপিবলৈ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। যাত্ৰীসকলৰ বাবে নিৰ্দিষ্ট বহাৰ ব্যৱস্থা, বিষয়ভিত্তিক আলোকসজ্জা, সুন্দৰকৈ সজাই তোলা মুকলি ঠাই আৰু পৰিকল্পিত আভ্যন্তৰীণ সজ্জাৰে ‘দ্য টাৰ্মিনেল’ক এক আদৰণীয় আৰু আৰামদায়ক পৰিৱেশত গঢ়ি তোলা হৈছে। লগতে, ৰে’লৱেৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি যাত্ৰীসকলৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অগ্নি-নিৰাপত্তা আৰু সামগ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে আঞ্চলিক বাণিজ্যৰ প্ৰসাৰ আৰু ৰে’লৱেৰ সম্পদৰ উদ্ভাৱনীমূলক তথা ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে বহনক্ষম ভাড়া ৰহিত ৰাজহ আহৰণৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
