নিউজ ডেস্ক, ২৬ অক্টোবর, ২০২৬ : উত্তৰ-পূব সীমা ৰে’লৱেই ৰে’ল প্ৰশাসনত সততা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ মূল্যবোধ অক্ষুণ্ণ ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি ২৬ অক্টোবৰ পৰা ১ নৱেম্বৰ, ২০২৬ লৈ সতৰ্কতা সজাগতা সপ্তাহ পালন কৰিব। কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি “সমৃদ্ধিৰ বাবে সততা” শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত আয়োজিত এই সপ্তাহজোৰা কাৰ্যসূচীত ৰে’লৱেৰ কৰ্মচাৰী, শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিব। বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নৈতিক আচৰণৰ গুৰুত্ব আৰু দুৰ্নীতিৰ বিৰুদ্ধে সামূহিক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হ’ব।
২৬ অক্টোবৰ তাৰিখে উত্তৰ-পূব সীমা ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু মালিগাঁৱস্থিত মহাপ্ৰবন্ধক (নিৰ্মাণ)ৰ কাৰ্যালয়ত সততাৰ শপত গ্ৰহণৰ জৰিয়তে সতৰ্কতা সজাগতা সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। উভয় স্থানতে আয়োজিত পদযাত্ৰাৰ জৰিয়তে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ সততা আৰু সামূহিক দায়িত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি, ২৭ অক্টোবৰ তাৰিখে কামাখ্যা কোচিং ডিপোত অনুষ্ঠিত হ’বলগীয়া বাটৰ নাটৰ জৰিয়তে জনসাধাৰণৰ মাজত সতৰ্কতা আৰু দুৰ্নীতি প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হ’ব। ২৮ অক্টোবৰ তাৰিখে মহাপ্ৰবন্ধক (নিৰ্মাণ)ৰ সভাকক্ষত এখন সতৰ্কতা বুলেটিন মুকলি কৰা হ’ব।
ইয়াৰ পিছতে “চুক্তি ব্যৱস্থাপনাত প্ৰতিৰোধমূলক সতৰ্কতা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হ’ব। কৰ্মশালাখনত কাম-কাজৰ ৰূপায়ণ আৰু চুক্তি ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি, ব্যৱস্থাগত ত্ৰুটি দূৰীকৰণ তথা অনিয়ম প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হ’ব।যুৱ প্ৰজন্মৰ মাজত সততা আৰু নিষ্ঠাৰ মূল্যবোধৰ প্ৰসাৰৰ লক্ষ্যৰে ২৯ অক্টোবৰ তাৰিখে মালিগাঁৱস্থিত নেতাজী ৰে’লৱে বিদ্যালয়ত আৰু ৩০ অক্টোবৰ তাৰিখে মালিগাঁৱস্থিত ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। এই প্ৰতিযোগিতাসমূহে শিক্ষাৰ্থীসকলক সততা, নৈতিকতা আৰু নিষ্ঠাৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে এই মূল্যবোধসমূহৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ উৎসাহিত কৰিব।
এই উদযাপন উত্তৰ-পূব সীমা ৰে’লৱেৰ মুখ্য কাৰ্যালয়, বিভিন্ন মণ্ডল আৰু নিৰ্মাণ সংস্থাত ১৭ আগষ্টৰ পৰা ১৬ নৱেম্বৰ, ২০২৬লৈ চলি থকা তিনিমহীয়া প্ৰতিৰোধমূলক সতৰ্কতা অভিযানৰ এক অবিচ্ছেদ্য অংশ। সজাগতা সৃষ্টি, সক্ৰিয় অংশগ্ৰহণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ জৰিয়তে উত্তৰ-পূব সীমা ৰে’লৱেই দৈনন্দিন কৰ্মপদ্ধতিত সততা আৰু নিষ্ঠাৰ মূল্যবোধক অধিক শক্তিশালী কৰাৰ লগতে স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জৰিয়তে নাগৰিককেন্দ্ৰিক ৰে’ল প্ৰশাসন গঢ়ি তোলা আৰু ৰে’লৱেৰ প্ৰতি জনসাধাৰণৰ আস্থা অধিক সুদৃঢ় কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
