গুৱাহাটী, ২৮ অক্টোবৰ, ২০২৬: ভাষা শিক্ষাৰ প্ৰসাৰ, সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা তথা যুৱ প্ৰজন্মৰ বাবে দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে অসম দক্ষতা বিশ্ববিদ্যালয়ে (Assam Skill University) জাপান ফাউণ্ডেচন (Japan Foundation) আৰু ইণ্ডো-জাপান বিজনেছ কাউন্সিলৰ (Indo-Japan Business Council) সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত জাপানী সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ এক ধাৰাবাহিক উদ্যোগ আৰম্ভ কৰিছে।
এই উদ্যোগৰ অংশ হিচাপে আজি, ২৮ অক্টোবৰত, গুৱাহাটীৰ বীৰুবাৰীস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI)-ৰ চৌহদত জাপানী সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দিনৰ ১ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত এই কাৰ্যসূচীত ৭৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, অসম দক্ষতা বিশ্ববিদ্যালয়, জাপান ফাউণ্ডেচন আৰু ইণ্ডো-জাপান বিজনেছ কাউন্সিলৰ যৌথ উদ্যোগত চলিত বৰ্ষৰ ১ জুলাইত জাপানী ভাষাৰ শিক্ষক বিকাশ কাৰ্যসূচী (Japanese Language Teacher Development Programme—JLTDP) আৰম্ভ কৰা হৈছিল। এই আঠমহীয়া কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলত প্ৰশিক্ষিত জাপানী ভাষাৰ শিক্ষকৰ এটা দক্ষ মানৱসম্পদ গঢ়ি তোলাৰ লগতে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰা।
এই কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি প্ৰমাণ-পত্ৰপ্ৰাপ্ত জাপানী ভাষাৰ শিক্ষক হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। জাপানৰ তিনিগৰাকী থলুৱা ভাষী প্ৰশিক্ষকৰ প্ৰত্যক্ষ দিহা-পৰামৰ্শৰে প্ৰশিক্ষাৰ্থীসকলক প্ৰস্তুত কৰা হৈছে। এই প্ৰশিক্ষাৰ্থীসকলেই সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক জাপানৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ ক্ষেত্ৰত সমল ব্যক্তি হিচাপে ভূমিকা পালন কৰিব। বীৰুবাৰীস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি অনুষ্ঠিত কাৰ্যসূচীত জাপানৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচিত কৰোৱাৰ উদ্দেশ্যে বিভিন্ন ব্যৱহাৰিক আৰু অংশগ্ৰহণমূলক কাৰ্যকলাপৰ আয়োজন কৰা হয়।
ইয়াৰ ভিতৰত জাপানী পৰম্পৰাগত লিপিকলা ‘শ্বোডো’ (Shodo) আৰু কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি প্ৰস্তুত কৰা পৰম্পৰাগত কলা ‘অৰিগামি’ (Origami) সম্পৰ্কীয় কৰ্মশালা অন্যতম। ইয়াৰ উপৰি শিক্ষাৰ্থীসকলে জাপানৰ পৰম্পৰাগত গ্ৰীষ্মকালীন পোছাক ‘ইউকাটা’ (Yukata) পৰিধান কৰাৰ লগতে আলোকচিত্ৰ গ্ৰহণৰ অধিৱেশনতো অংশগ্ৰহণ কৰে। কাৰ্যসূচীত শিক্ষাৰ্থীসকলক জাপানৰ পৰম্পৰাগত লোকনৃত্য ‘বন ওডোৰি’ (Bon Odori)-ৰ সৈতেও পৰিচয় কৰোৱা হয়। লগতে জাপানী ভাষা শিক্ষাৰ এক প্ৰাৰম্ভিক অধিৱেশনৰ জৰিয়তে তেওঁলোকক ভাষাটোৰ মৌলিক জ্ঞান, ভাষা-সংস্কৃতিৰ বিভিন্ন বৈশিষ্ট্য আৰু ভৱিষ্যতে এই ভাষা শিকাৰ সম্ভাৱনাসমূহৰ বিষয়ে অৱগত কৰা হয়।
এই সন্দৰ্ভত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা অসম অসামৰিক সেৱাৰ বিষয়া হানিফ নূৰাণীয়ে কয়, “আঠমহীয়া জাপানী ভাষাৰ শিক্ষক বিকাশ কাৰ্যসূচী (JLTDP) উত্তৰ-পূৰ্বাঞ্চলত প্ৰশিক্ষিত জাপানী ভাষাৰ শিক্ষকৰ এটা দক্ষ গোট গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশেষ প্ৰশিক্ষণ আৰু জাপানৰ থলুৱা ভাষী প্ৰশিক্ষকসকলৰ দিহা-পৰামৰ্শৰ জৰিয়তে এই কাৰ্যসূচীয়ে প্ৰশিক্ষাৰ্থীসকলক জাপানী ভাষা শিক্ষাদানৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে গঢ়ি তুলিছে। এই সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জাপানৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মাজত আন্তঃসাংস্কৃতিক বুজাবুজি বৃদ্ধি কৰিব আৰু ভৱিষ্যতে ভাষা শিক্ষা তথা কৰ্মজীৱনৰ নতুন সুযোগৰ সন্ধান কৰিবলৈ অনুপ্ৰাণিত কৰিব।”
এই সাংস্কৃতিক বিনিময় কাৰ্যসূচী উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য শিক্ষানুষ্ঠানতো পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰা হ’ব। পৰৱৰ্তী কাৰ্যসূচীসমূহ অহা ৩ নৱেম্বৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰু ৭ নৱেম্বৰত আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি আই আই টি গুৱাহাটী, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মঙলদৈ চৌহদ আৰু শ্বিলঙৰ বিভিন্ন শিক্ষানুষ্ঠানতো এনে কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ তাৰিখ পৰৱৰ্তী সময়ত চূড়ান্ত কৰা হ’ব। এই সন্দৰ্ভত ইণ্ডো-জাপান বিজনেছ কাউন্সিলৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষ শ্ৰী ৰাজীৱ গুপ্তাই কয়, “অসম দক্ষতা বিশ্ববিদ্যালয়, জাপান ফাউণ্ডেচন আৰু ইণ্ডো-জাপান বিজনেছ কাউন্সিলৰ এই সহযোগিতা উত্তৰ-পূৰ্বাঞ্চলত জাপানী ভাষা শিক্ষা আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰৰ ক্ষেত্ৰত এক অৰ্থপূৰ্ণ পদক্ষেপ। এনে প্ৰচেষ্টাই ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে শিক্ষা, দক্ষতা বিকাশ আৰু কৰ্মজীৱনৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব।”
জাপানী ভাষাৰ শিক্ষক বিকাশ কাৰ্যসূচী আৰু ইয়াৰ সৈতে জড়িত সাংস্কৃতিক বিনিময়মূলক পদক্ষেপৰ জৰিয়তে অসম দক্ষতা বিশ্ববিদ্যালয় আৰু ইয়াৰ সহযোগী প্ৰতিষ্ঠানসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত আন্তঃসাংস্কৃতিক বুজাবুজি বৃদ্ধি, বিদেশী ভাষা শিক্ষাৰ প্ৰসাৰ আৰু দক্ষতা বিকাশ তথা কৰ্মসংস্থাপনৰ নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে। এই উদ্যোগে ভাৰত আৰু জাপানৰ মাজৰ শৈক্ষিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে ভাষা শিক্ষা আৰু বিশেষ দক্ষতা আহৰণৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
