নিউজ ডেস্ক, ৫ নৱেম্বৰ, ২০২৬ : দীপাৱলী আৰু ছট পূজা উপলক্ষে যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পোডানুৰ আৰু নিউ তিনিচুকীয়া, লুধিয়ানা আৰু পূৰ্ণিয়া, টাটানগৰ আৰু লাভাৰ মাজত ৩ যোৰ উৎসৱ বিশেষ ৰে’ল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে’লসমূহে মুঠ ১৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব। ইয়াৰ জৰিয়তে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলে অতিৰিক্ত যাতায়াতৰ সুবিধা লাভ কৰিব আৰু নিয়মীয়া ৰে’লসমূহৰ ভিৰ হ্ৰাস কৰাত সহায়ক হ’ব।

সেই অনুসৰি, ৰে’ল নং ০৬১০১ (পোডানুৰ-নিউ তিনিচুকীয়া) বিশেষ ৰে’লখন চলিত বৰ্ষৰ ৫ আৰু ১৩ নৱেম্বৰত পুৱা ০৪:৩০ বজাত পোডানুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ক্ৰমে ৮ আৰু ১৬ নৱেম্বৰত পুৱা ০৪:৩০ বজাত নিউ তিনিচুকীয়াত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৬১০২ (নিউ তিনিচুকীয়া-পোডানুৰ) বিশেষ ৰে’লখন চলিত বৰ্ষৰ ৮ আৰু ১৬ নৱেম্বৰত নিশা ২২:০০ বজাত নিউ তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি ক্ৰমে ১১ আৰু ১৯ নৱেম্বৰত নিশা ২৩:৩০ বজাত পোডানুৰত গৈ উপস্থিত হ’ব। উভয় দিশত এই ৰে’লখন ২ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

ৰে’ল নং ০৪৬৬০ (লুধিয়ানা-পূৰ্ণিয়া) সংৰক্ষিত উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে’লখন চলিত বৰ্ষৰ ৫ আৰু ৯ নৱেম্বৰত দুপৰীয়া ১২:০০ বজাত লুধিয়ানাৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা নিশা ২১:৩০ বজাত পূৰ্ণিয়াত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪৬৫৯ (পূৰ্ণিয়া-লুধিয়ানা) সংৰক্ষিত উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে’লখন চলিত বৰ্ষৰ ৬ আৰু ১০ নৱেম্বৰত নিশা ২৩:৩০ বজাত পূৰ্ণিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি ক্ৰমে ৮ আৰু ১২ নৱেম্বৰত পুৱা ০৬:৫০ বজাত লুধিয়ানাত গৈ উপস্থিত হ’ব। উভয় দিশত এই ৰে’লখন ২ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

ৰে’ল নং ০৮১৮১ (টাটানগৰ-লাভা) বিশেষ ৰে’লখন চলিত বৰ্ষৰ ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ প্ৰতি বৃহস্পতিবাৰে দুপৰীয়া ১৩:০০ বজাত টাটানগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা ০৪:৫০ বজাত লাভাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৮১৮২ (লাভা-টাটানগৰ) বিশেষ ৰে’লখন চলিত বৰ্ষৰ ৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ প্ৰতি শুকুৰবাৰে পুৱা ০৫:২০ বজাত লাভাৰ পৰা যাত্ৰা আৰম্ভ কৰি একেদিনাই নিশা ২৩:৫০ বজাত টাটানগৰত গৈ উপস্থিত হ’ব। উভয় দিশত এই ৰে’লখন ৩ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো এই সম্পৰ্কে জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’লসমূহৰ সবিশেষ নিশ্চিত কৰি ল’বলৈ অনুৰোধ জনোৱা হৈছে।