নিউজ ডেস্ক, ২০ নৱেম্বৰ ২০২৬ : বিশ্ব দৰবাৰত পুনৰ উজলি উঠিছে ভাৰতীয় দুগ্ধ (Indian Milk) খণ্ডৰ উদ্ভাৱনীমূলক সাফল্য। যোৱা ১৭ নৱেম্বৰ ২০২৬ তাৰিখে নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় ডেইৰী ফেডাৰেশ্যন (আইডিএফ) ডেইৰী ইন’ভেশ্যন এৱাৰ্ডছ ২০২৬’-ত তিনিটাকৈ সন্মানীয় বঁটা আজুৰি আনিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি) আৰু ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এন ডি ডি বি ডেইৰী চাৰ্ভিচেছে (এনডিএছ)।
ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ (ডিএএইচডি) সচিব নৰেশ পাল গংগাৱাৰৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰি এন ডি ডি বিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে কয় যে আই ডি এফ বিশ্ব দুগ্ধ সন্মিলন ২০২৬-ত লাভ কৰা এই তিনিওটা সন্মানেই মহিলা নেতৃত্বাধীন তথা কৃষকৰ মালিকানাধীন দুগ্ধ সমবায়সমূহৰ জয়যাত্ৰাক স্বীকৃতি দিছে আৰু এয়া এন ডি ডি বি তথা দেশৰ সমগ্ৰ দুগ্ধ সমবায় খণ্ডৰ বাবে এক গৌৰৱৰ ক্ষণ। তেওঁ লগতে কয় যে, ‘শ্বেত বিপ্লৱ ২.০’ৰ অধীনত তৃণমূল পৰ্যায়ৰ সমবায়সমূহক শক্তিশালী কৰাৰ লগতে সুবিধাবঞ্চিত সমাজ আৰু প্ৰতিগৰাকী দুগ্ধপামৰ কৃষকৰ বাবে সংগঠিত দুগ্ধ সেৱা উপলব্ধ কৰোৱাৰ উদ্দেশ্যে মহিলা সবলীকৰণৰ যি লক্ষ্য লোৱা হৈছে, এই তিনিটা বঁটাৰ সাফল্যত সেই দূৰদৃষ্টিয়েই প্ৰতিফলিত হৈছে।
উল্লেখ্য যে, এই তিনিটা সন্মানৰ ভিতৰত ‘ইন’ভেশ্যন ইন ছ’চিঅ’-ইকনমিক ছাষ্টেইনেবিলিটি ইন ফাৰ্মিং’ শাখাত এন ডি ডি বিয়ে লাভ কৰে ‘আই ডি এফ ডেইৰী ইন’ভেশ্যন এৱাৰ্ড ২০২৬’। মণিপুৰত মহিলাকেন্দ্ৰিক সমবায়ৰ জৰিয়তে বহনক্ষম জীৱিকা বিকাশ তথা সমন্বয়ৰ সেতু গঢ়াৰ লক্ষ্যেৰে গ্ৰহণ কৰা ‘মণিপুৰ ডেইৰী ইন ইণ্ডিয়াঃ বিল্ডিং ব্ৰিজেছ থ্ৰু উইমেন-চেণ্ট্ৰিক কো-অপাৰেটিভছ ফৰ ছাষ্টেইনেবল লাইভলীহুডছ ডেভেলপমেণ্ট’ শীৰ্ষক বিশেষ পদক্ষেপৰ বাবে সংস্থাটোৱে এই বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্বৰ ২৩খন দেশৰ পৰা লাভ কৰা ১৮২টা মনোনয়নৰ মাজৰ পৰা নিৰ্বাচন কৰা হয় এই বঁটা। লক্ষ্যণীয় যে, এই সন্মানে মণিপুৰৰ ধৈৰ্য, পাৰস্পৰিক সহযোগিতা আৰু ইতিবাচক পৰিৱৰ্তনৰ সেই অনন্য যাত্ৰাক স্বীকৃতি প্ৰদান কৰিছে, য’ত দুগ্ধ উৎপাদনে মহিলাসকলক সবল কৰি তোলাৰ লগতে গ্ৰাম্য জীৱিকাক সুদৃঢ় কৰিছে আৰু সামূহিক অৰ্থনৈতিক আকাংক্ষাৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধিছে।
এই লক্ষ্য আগত ৰাখিয়েই এন ডি ডি বিৰ পেছাদাৰী ব্যৱস্থাপনাৰ অধীনত এতিয়া শক্তিশালী সমবায় প্ৰতিষ্ঠান, পশুধনৰ উন্নত উৎপাদনশীলতা, গাখীৰ সংগ্ৰহৰ অভিনৱ প্ৰযুক্তি আৰু বিস্তৃত বজাৰ সংযোগৰ জৰিয়তে ‘মণিপুৰ ডেইৰী’ক নতুনকৈ সজীৱ কৰি তোলা হৈছে। ইফালে, এন ডি ডি বিৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এন ডি এছেও ‘উইমেন অ’ন। উইমেন লীড। উইমেন প্ৰছপাৰঃ ফ্ৰম অব্লিভিয়াম টু ৰেকগনিশ্যন’ শীৰ্ষক বিশেষ পদক্ষেপৰ বাবে দুটাকৈ শাখাত বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। মহিলা নেতৃত্বাধীন দুগ্ধ উৎপাদক সংস্থাৰ (এমপিঅ’) এই সম্প্ৰসাৰণযোগ্য আৰ্হিটোৱে গ্ৰাম্য মহিলাসকলক অংশীদাৰ, উদ্যোগী আৰু নেত্ৰী হিচাপে গঢ়ি তুলি সবলীকৰণৰ পথ প্ৰশস্ত কৰিছে। চলিত বৰ্ষত আই ডি এফে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘বিচাৰকৰ পছন্দৰ বঁটা’ শাখাতো শ্ৰেষ্ঠ বিবেচিত হয় এন ডি এছৰ এই বিশেষ পদক্ষেপটো। সমগ্ৰ দুগ্ধ খণ্ডক প্ৰগতিৰ বাবে অনুপ্ৰাণিত কৰিব পৰা সম্ভাৱনা, সুদূৰপ্ৰসাৰী লক্ষ্য, ইতিবাচক প্ৰভাৱ আৰু সহজে সম্প্ৰসাৰণ কৰিব পৰা গুণাগুণৰ ভিত্তিত বিশেষজ্ঞ বিচাৰকমণ্ডলীয়ে উক্ত বঁটাৰ বাবে এই পদক্ষেপটোক বিজয়ী হিচাপে নিৰ্বাচিত কৰে।
ইয়াৰ সমান্তৰালভাৱে একেটা পদক্ষেপে ‘পিপল এণ্ড প্লেনেট ইন দ্য ডেইৰী ছেক্টৰঃ ইন’ভেশ্যন ইন ইনক্লুজন এণ্ড উইমেনছ এম্পাৱাৰমেণ্ট ইন ডেইৰী’ শাখাতো অৰ্জন কৰে শ্ৰেষ্ঠত্বৰ সন্মান। দুগ্ধ উদ্যোগত গ্ৰাম্য মহিলাৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা আৰু এই খণ্ডটোক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত এই যুগান্তকাৰী আৰ্হিয়ে এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এনেদৰে মহিলা সবলীকৰণ আৰু সৰ্বাত্মক অন্তৰ্ভুক্তিক উদগণি জনাই এন ডি এছে গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে এক সুস্পষ্ট দিশ নিৰ্ধাৰণ কৰিছে। গুৰুত্বপূৰ্ণ যে, এক সৰ্বাত্মক, মহিলা নেতৃত্বাধীন আৰু কৃষকৰ মালিকানাধীন দুগ্ধ খণ্ড গঢ়ি তোলাৰ দিশত ভাৰতে লাভ কৰা সাফল্য আৰু অগ্ৰগতিক বিশ্ব দৰবাৰত উৎকৃষ্ট ভাৱে তুলি ধৰিছে এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে।
