নিউজ ডেস্ক, ২৩ নৱেম্বৰ, ২০২৬ : মণিপুৰৰ জাতিগত সংঘাতে সাধাৰণ জনজীৱনত পেলোৱা গভীৰ প্ৰভাৱ আৰু মানৱীয় দুৰ্দশাৰ কাহিনী প্ৰতিফলিত কৰা মণিপুৰী পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘এনূং ঙাল্লমদাই’ (Enoong Ngallamdai – Fireflies in the Dark) কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (KIFF) ২০২৬ৰ আনুষ্ঠানিক কাৰ্যসূচীলৈ নিৰ্বাচিত হৈছে। যোগেশ লোহানৰ পৰিচালনাৰে নিৰ্মিত ৮৫ মিনিট দৈৰ্ঘ্যৰ ছবিখন ২০২৩ চনত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে।

তিনিটা পৰস্পৰ সংলগ্ন কাহিনীৰ জৰিয়তে ছবিখনত সংঘাতৰ মাজত জীৱন ৰক্ষাৰ সংগ্ৰাম, স্থানচ্যুতি আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো মানুহৰ জীয়াই থকাৰ অদম্য হেঁপাহৰ দিশসমূহ তুলি ধৰা হৈছে। ছবিখনত গুলীচালনাৰ মাজতে সন্তান জন্ম দিবলৈ সংগ্ৰাম কৰা এগৰাকী অন্তঃসত্ত্বা মহিলাৰ কাহিনী, মাতৃৰ সন্ধানত ঘূৰি ফুৰা এটি কণমানি ল’ৰাৰ কাহিনী, যাৰ সংগী হৈ পৰে এটা বিচ্ছিন্ন পোৱালি, আৰু হিংসাৰ পৰা পলাই অহা লোকসকলক আশ্ৰয় দিবলৈ নিজৰ জীৱন বিপন্ন কৰা এগৰাকী কেফে পৰিচালিকাৰ কাহিনী সমান্তৰালভাৱে আগবাঢ়িছে।

চিংছাংলাকপা আৰু যোগেশ লোহানে ৰচনা কৰা ছবিখনত পৰম্পৰাগত কাহিনী বৰ্ণনাৰ ধাৰাৰ পৰিৱৰ্তে নন-লিনিয়াৰ নেৰেটিভ শৈলী ব্যৱহাৰ কৰা হৈছে। সংঘাতৰ মাজত আৱদ্ধ হোৱা সাধাৰণ মানুহৰ অভিজ্ঞতাসমূহ সংবেদনশীলতাৰে তুলি ধৰাৰ উদ্দেশ্যে চিত্ৰনাট্য প্ৰস্তুত কৰাৰ পূৰ্বে লোহানে মণিপুৰ ভ্ৰমণ কৰি সংঘাতৰ সন্মুখীন হোৱা আৰু তাৰ পৰা জীৱিত অৱস্থাত ওলাই অহা লোকসকলৰ সৈতে মত বিনিময় কৰিছিল। তেওঁলোকৰ অভিজ্ঞতাই ছবিখনৰ কাহিনী নিৰ্মাণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

পৰিচালক যোগেশ লোহানে কয়, “মণিপুৰৰ সংঘাত কেৱল হিংসা আৰু স্থানচ্যুতিৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ আঁৰত আছে সাধাৰণ মানুহৰ জীৱন, তেওঁলোকৰ ভয়, মৰ্যাদা আৰু সকলো প্ৰতিকূলতাৰ মাজতো জীয়াই থকাৰ প্ৰবল প্ৰৱণতা। বাতৰিৰ শিৰোনামৰ সিপাৰে গৈ এই সংঘাতৰ সৈতে জড়িত মানৱীয় অভিজ্ঞতাসমূহ দৰ্শকৰ সন্মুখলৈ অনাৰ উদ্দেশ্যেই মই এই কাহিনীটো ক’ব বিচাৰিছিলোঁ।”

জানি বিশ্বনাথৰ প্ৰযোজনাত নিৰ্মিত ছবিখনৰ দৃশ্যগ্ৰহণ মণিপুৰৰ বিভিন্ন বাস্তৱ স্থানত স্থানীয় ৰাইজৰ সহযোগিতাৰে সম্পন্ন কৰা হৈছে। হিংসাত্মক ঘটনাক অতিৰঞ্জিত ৰূপত উপস্থাপন কৰাৰ পৰিৱৰ্তে সংঘাতৰ মানৱীয় প্ৰভাৱসমূহ সংবেদনশীলতাৰে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ছবিখনত। প্ৰযোজক জানি বিশ্বনাথে কয়, “মণিপুৰত এই ছবিখনৰ নিৰ্মাণ আমাৰ বাবে এক সৃষ্টিশীল অভিজ্ঞতা হোৱাৰ লগতে গভীৰ মানৱীয় অভিজ্ঞতাও আছিল।

এই যাত্ৰাত লগ পোৱা লোকসকলৰ কাহিনী আৰু প্ৰতিকূলতাৰ মাজতো তেওঁলোকে দেখুওৱা সাহসে সমগ্ৰ প্ৰক্ৰিয়াটোতে আমাক প্ৰভাৱিত কৰি ৰাখিছিল। বিষয়বস্তুটোক যথোচিত সংবেদনশীলতা আৰু সন্মানেৰে উপস্থাপন কৰাটোৱেই আমাৰ উদ্দেশ্য আছিল। KIFFলৈ ছবিখনৰ নিৰ্বাচনে আমাক উৎসাহিত কৰিছে আৰু অধিক দৰ্শকৰ কাষ চপাৰ ক্ষেত্ৰত ই এক নতুন সুযোগ প্ৰদান কৰিব।” উল্লেখযোগ্য যে, ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ ২০২৬ চনৰ ৬ অক্টোবৰত অনুষ্ঠিত ভেংকুভাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হৈছিল।

মহোৎসৱখনৰ ‘পেনোৰামা চিনেমাজ অৱ এছিয়া’ শাখাত ছবিখন প্ৰদৰ্শিত হৈছিল। কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ জৰিয়তে মণিপুৰী ছবিখনে আন এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱত নিজৰ উপস্থিতি সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বালা হিজাম নিংথৌজাম, লৈশাংথেম টোনথোইংগাম্বী দেৱী, অংগম পমদম্বা সিং, আহেইবম চিৰঞ্জিত, লুৱাং য়ুমনাম্বাম আৰু ৰতন লাইয়ে।

তেওঁলোকৰ লগতে ছবিখনত কেইবাগৰাকীও নৱাগত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। তেওঁলোকৰ মাজত দুৰ্গম অঞ্চলৰ গাঁও আৰু সাহায্য শিবিৰত বসবাস কৰা লোকো আছে। ছবিখনৰ চিনেমাট’গ্ৰাফীৰ দায়িত্বত আছে ৰবি ৰঞ্জন শৰ্মা। মীনা লংজামে ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে কাম কৰিছে। শব্দ পৰিকল্পনাৰ দায়িত্বত আছে অমৃত প্ৰীতম আৰু দেবজিত চাংমাই।

ডেনিয়েল বি জৰ্জে ছবিখনৰ সংগীত ৰচনা কৰাৰ বিপৰীতে টিন্নি মিত্ৰই সম্পাদনাৰ দায়িত্ব পালন কৰিছে। ৰজনী বাসুমতাৰী কাৰ্যবাহী প্ৰযোজক আৰু হেমাম ৰিকি ক্ৰিয়েটিভ প্ৰযোজক হিচাপে জড়িত হৈ আছে। আনহাতে, ছবিখন ২০২৫ চনৰ ৱেভছ ফিল্ম বজাৰৰ ‘ভিউইং ৰূম কেটেলগ’তো অন্তৰ্ভুক্ত হৈছিল, য’ত ইয়াক মণিপুৰী ভাষাৰ ফিকচন পূৰ্ণদৈৰ্ঘ্যৰ ছবি হিচাপে তালিকাভুক্ত কৰা হৈছিল।