গুৱাহাটী, ২৫ নৱেম্বৰ, ২০২৬ : অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত বিস্ফোৰক অভিযোগৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ তথা শাসকীয় বিজেপি দলক ওভতি ধৰিছে কংগ্ৰেছ (Congress) দলে। এই সন্দৰ্ভত আজি এক সংবাদমেলোগে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উপাধ্যক্ষগৰাকীৰ ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ দাবী কৰে। তেওঁ লগতে কয় যে মহিলাক দেখদেখকৈ প্ৰৱঞ্চনা কৰা লোক এজনৰ অসম বিধানসভাৰ উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হৈ থকাৰ কোনো অধিকাৰ নাই বুলিও বৰঠাকুৰে স্পষ্ট কৰি দিয়ে। বিধানসভাৰ উপাধ্যক্ষৰ দৰে পদত থাকিলেও তেনে এগৰাকী ঘৃণনীয় কৰ্মত লিপ্ত লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি উচিত শাস্তি বিহিব লাগে বুলিও মন্তব্য কৰে।

সংবাদমেলত বৰঠাকুৰে বিজেপি মহিলা মৰ্চাৰ নিৰ্লিপ্ততাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজনীতিৰ ঊৰ্ধ্বত নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপি মহিলা মৰ্চাই এতিয়া হাবে টেৰণৰ বিৰুদ্ধে ধৰ্ণা দিবনে নিদিয়ে আৰু ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ পদত্যাগ দাবী কৰিবনে নকৰে, সেয়া ৰাইজে লক্ষ্য কৰি আছে। মণিপুৰত মহিলাক উলংগভাৱে পেৰেড কৰোৱা ঘটনাৰ পৰা আৰম্ভ কৰি ইন্দ্ৰাণী তহবিলদাৰ, জোনালী নাথ, জোনমণি ৰাভা আৰু চচলত উলংগ প্ৰতিবাদ কৰা মহিলাৰ ক্ষেত্ৰতো বিজেপি মহিলা মৰ্চা মৌন হৈ আছিল বুলি কটাক্ষ কৰি তেওঁ কয়, “এওঁলোকে বিজেপিৰ ক্ষেত্ৰত যদি কিবা দুই নম্বৰীও দেখে, দেখিলেও মাত মাতিব নোৱাৰে কাৰণ এটা ভয় আৰু শংকা আছে।” এই প্ৰসংগতে তেওঁ বিজেপি মহিলা মৰ্চাক ‘পাপেট’ আখ্যা দিয়ে।

মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাই বৰঠাকুৰে কয় যে ইউনিফৰ্ম চিভিল ক’ড আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া হাবে টেৰণৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে, সেয়া স্পষ্ট কৰিব লাগে। সাধাৰণ মহিলাৰ ক্ষেত্ৰত কেমেৰা আৰু আৰক্ষী মাতি ‘মাজনী চিন্তা নকৰিবি, মই তোক কাইলৈৰ ভিতৰত সকাহ দিম’ বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এইগৰাকী ভুক্তভোগী মহিলাক সকাহ দিবনে নিদিয়ে বুলিও তেওঁ প্ৰশ্ন তোলে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয়, “খোনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে-এই নীতি নচলিব। মই কালি আপোনালৈ এখন কাগজ যিখন পঠাইছোঁ, আমাক মাজনী ক’ব নালাগে, মীৰা বৰঠাকুৰে পঠিওৱা কাগজখনৰো আপুনি স্পষ্টীকৰণ দিব লাগিব।” আনহাতে, বিজেপিত কোনো বেয়া মানুহ বা দুই নম্বৰী থাকিব নোৱাৰে বুলি মন্তব্য কৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া হাবে টেৰণ প্ৰকৃত বিজেপি নে ভেজাল বিজেপি, তাৰ উত্তৰ দিব লাগে বুলিও তেওঁ দাবী জনায়।

এই সূত্ৰে তেওঁ ডিফুৰ এজন ইংলেং নামৰ লোক আৰু আন এজন নেতাৰ ভাইৰেল হোৱা ভিডিঅ’ৰ প্ৰসংগও সোঁৱৰাই দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মীৰা বৰঠাকুৰে মঙলবাৰে নিশা মেইল আৰু হোৱাটছএপযোগে মুখ্যমন্ত্ৰী আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকালৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদমেলত সদৰী কৰে। আঙুৰলতা ডেকাক হোৱাটছএপত পত্ৰখন ফৰৱাৰ্ড কৰাৰ কথা জনোৱাৰ লগতে ডিজিটেল ইণ্ডিয়াৰ যুগতো প্ৰয়োজন হ’লে কুৰিয়াৰযোগে পত্ৰখনৰ হাৰ্ড কপিও পঠিয়াই দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে। লগতে মহিলা আয়োগৰ কাৰ্যালয়ত মানুহ নাথাকে আৰু অভিযোগ দিবলৈ গ’লে ফটো তুলিবলৈও ভয় কৰা এক পৰিৱেশ বিৰাজ কৰিছে বুলি তেওঁ অভিযোগ তোলে।

আইন প্ৰণেতাই আইন ভংগ কৰিলে কেনেকুৱা আইন হ’ব বুলি প্ৰশ্ন উত্থাপন কৰি বৰঠাকুৰে কয়, “মই হাবে টেৰণক পদৰ পৰা বৰ্খাস্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছো।” ইয়াৰ উপৰি নাৰী নিৰ্যাতনৰ দৰে অপৰাধৰ বিৰুদ্ধে কেৱল মহিলা কংগ্ৰেছেই নহয়, বৰং প্ৰতিজন পুৰুষ, মহিলা আৰু অভিভাৱক ওলাই আহিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে। সৰুৰে পৰা ল’ৰাবোৰক নাৰীক সন্মান কৰিবলৈ কাউন্সেলিং কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দি তেওঁ মহিলাসকলকো সজাগ হ’বলৈ আহ্বান জনাই কয়, “প্ৰেম হৈ যায়, প্ৰেমত কিন্তু বিনিময় নাথাকে। এই ক্ষেত্ৰত সকলোকে সজাগ আৰু সতৰ্ক হ’বৰ কাৰণে মই আহ্বান জনাইছোঁ।”