আজি গণেশ চতুৰ্থী৷ হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম গণেশ। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। ভাৰতৰ সকলো ঠাইতে গণেশক পূজন কৰা হয় যদিও মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক৷ গণেশৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ, তথাপিও সকলোতে গণেশক গজমুণ্ড মনুষ্যাকাৰ দেৱতা বুলি জনা যায়। গণেশৰ বাহন মূৰ্ষিক বা এন্দুৰ৷ গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশবা বিঘ্নেশ্বৰ) গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা।পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত পালন কৰা হয়। লিখাৰ সময়তো গণেশক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা গণেশৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হৈছে গণপতি, বিনায়ক, মহাগণপতি,বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি,হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড,একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ।