গুৱাহাটী, ২৫ আগষ্টঃ ভাৰতৰ নির্বাচন আয়োগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, নাম কর্তন, নামৰ সংশোধনী, স্থানান্তৰকৰণ তথা নতুন ফটােযুক্ত পৰিচয় পত্ৰৰ প্ৰদানৰ সুবিধাৰ বাবে eronet নামৰ এক নতুন ইন্টাৰনেটভিত্তিক পৰ্টেল তথা ছফটৱেৰ মুকলি কৰা হৈছে। অসমত এই ছফটৱেৰটো অহা ২৮ আগষ্টৰ পৰা কার্যকৰী কৰা হ’ব। ভোটাৰ তালিকাৰ লগত জড়িত সেৱাসমূহৰ বাবে জনসাধাৰণে ইতিমধ্যে কার্যকৰী হৈ থকা nvsp.in নামৰ পৰ্টেলটোৰ জৰিয়তে অনলাইন প্রক্রিয়াৰে আবেদন কৰিব পাৰে। এই আবেদনসমূহৰ নিস্পত্তিৰ বাবে eronet নামৰ ছফটৱেৰটাে উপলব্ধ কৰা হৈছে। নিস্পত্তি প্রক্রিয়াৰ লগত জড়িত বিভিন্ন পর্যায়ৰ বিষয়া-কর্মচাৰীয়ে এতিয়াৰে পৰা eronetৰ জৰিয়তে যথােপযুক্ত সময়ত শুদ্ধভাৱে নিস্পত্তি কৰিব পাৰিব বুলি আশা কৰা হৈছে। নির্বাচন বিভাগ তথা জিলা নির্বাচন বিষয়াসকলৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত জিলা পর্যায়ৰ বিষয়া-কর্মচাৰীসকলৰ প্ৰশিক্ষণকে ধৰি সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে।