গুৱাহাটী, ২৫ আগষ্টঃ মহানগৰীৰ আমচাং অভয়াৰণ্যত আজিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে কামৰূপ জিলা প্ৰশাসনে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত জিলা প্ৰশাসনে আজিৰ পৰা ২০টা হাতী, ৩০খন এক্সেভেৰ্টাৰে আমচাং অভয়াৰণ্য বেদখল মুক্ত কৰিবলৈ উচ্ছেদ চলাইছে। অসম আৰক্ষীৰ সহযোগত বন বিভাগৰ লোকে পুৱা ৯ বজাৰ পৰা পাঞ্জাৱাৰীৰ কাষত আমচাং অভয়াৰণ্যৰ মাটি অবৈধ ভাৱে দখল কৰি বসবাস কৰা লোকসকলৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে। বন বিভাগৰ লগত এক বৃহৎ আৰক্ষীৰ দল, হাতী, এক্সেভেৰ্টাৰলৈ পুৱাই আমচাং পাহাৰত উপস্থিত হৈ উচ্ছেদ অভিযান চলায়। এই উচ্ছেদ অভিযানত হাতী, এক্সেভেৰ্টাৰৰ উপৰিও প্ৰায় ৫০০ শ্ৰমিক নিয়োজিত কৰিছে জিলা প্ৰশাসনে। বন বিভাগে ৫ দিনৰ ভিতৰত আমচাং অভয়াৰণ্যৰ বেদখল মুক্ত কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান ক্ষিপ্ৰ কৰি তুলিছে। জানিব পৰা মতে, আমচাংত অবৈধ ভাৱে ঘৰ সাজি বসতি কৰা প্ৰায় ১,৪০০ পৰিয়ালক উচ্ছেদ কৰা হ’ব। উচ্ছেদৰ ভয়ত বহু পৰিয়ালে পুৱাৰ পৰাই নিজৰ ঘৰৰ সামগ্ৰী উলিয়াই আনি আমচাং ত্যাগ কৰে। কিছু লোকে ঘৰ এৰি যাবলৈ অমান্তি হয় যদিও প্রশাসনৰ হাতুৰীৰ কোবৰ পৰা নিজৰ ঘৰখন ৰক্ষা কৰিব নোৱাৰে। চকুৰ ওচৰতে নিজৰ মৰমৰ ঘৰটো নিমিষতে ধ্বংস হোৱাৰ দৃশ্য দেখি বহুলোকে ঘটনাস্থলীত অচেতন হৈ পৰে।