ৰঙিয়া, ৩১ আগষ্টঃ ৰঙিয়াৰ নিতেনীৰ ভালুকমাৰী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰি শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ দাবীত স্থানীয় ৰাইজ আৰু অভিভাৱকে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, শিক্ষা বিভাগ হায় হায়, শিক্ষামন্ত্ৰী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ন’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। শিক্ষা বিভাগে গুণোৎসৱৰ আয়োজন চলাই থকাৰ সময়তে ১৯৮৬ চনতে স্থাপিত বিদ্যালয়খনৰ মাত্ৰ এটা কোঠাতে ছয়টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অস্বাস্থ্যকৰ পৰিবেশত অধ্যয়ন কৰিব লগা হোৱাত অঞ্চলটোৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ বিদ্যালয়খনত বৰ্তমানলৈ মেৰামতিৰ নামত চৰকাৰী অনুদান লাভ নকৰাত স্থানীয় লোকে উপায় বিহীন হৈ বিদ্যালয়ৰ জৰাজীৰ্ণ ঘৰটো মেৰামতি কৰিছে যদিও সেয়া যথেষ্ট নহয়৷ পাঠদান কৰা কোঠাতেই মধ্যাহ্ন ভোজনৰ সামগ্ৰী ৰাখিবলগীয়া হোৱাত কৰ্মৰত শিক্ষক দুজনো নানান সমস্যাৰ সন্মুখীন হৈছে।বিদ্যালয়ৰ শোচনীয় অৱস্থাই যাতে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰে তাৰকাৰণে স্থানীয় লোকে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।