কলগাছিয়া ৩১ আগষ্টঃ বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ এটা ৭ বছৰীয়া শিশুক ৫০ বছৰীয়া ব্যক্তিয়ে বলাৎকাৰ কৰা ঘটনাই  অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, যোৱা ১৫ আগষ্টত সন্ধিয়া শিশুটোৱে টিউচন পঢ়িবলৈ অহা সময়ত ঘৰত কোনো নথকাৰ সুযোগলৈ ৫০ বছৰীয়া লম্পটৰ যৌন কামনাৰ বলি হয়। ঘটনা সংঘটিত হোৱাৰ পাছত বিজেপিৰ বৰপেটাৰোড মণ্ডলৰ সভাপতি ৰাজা সৰকাৰে কৃষ্ণ নগৰৰ কেইজন মান লোকৰ সৈতে আলোচনা কৰি ঘটনাটো মীমাংসা কৰি দিয়াৰ নামত যৌন নিৰ্যাতন চলোৱা গোপাল দাসৰ ওচৰত ৮ লাখ টকা দাবী কৰে। সেইমৰ্মে গোপাল দাসে বিজেপি নেতা ৰাজা সৰকাৰৰ হাতত আদায় দিছিল ৪ লাখ টকা।  কিন্তু নিৰ্যাতনৰ ঘটনা  মীমাংসা কৰি দিব নোৱাৰি দুদিন পূৰ্বে  বৰপেটাৰোডৰ বাবুপাৰা যুৱ সমাজৰ কাৰ্যালয়ত অভিযুক্তক ৪ লাখ টকা উভতাই দিবলৈ বাধ্য হয়। পাছত নিৰ্যাতনকাৰীৰ পৰিয়ালৰ লোকক দি বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। এজাহাৰ মৰ্মে আৰক্ষীয়ে লম্পট গৰাকীক বুধবাৰে কৰায়ত্ব কৰি আজি বৰপেটা কাৰাগাৰলৈ প্ৰেৰণ কৰে । আনহাতে ঘটনা সংঘটিত হোৱাৰ ষোল্ল দিন পৰ্যন্ত বিজেপি নেতা ৰাজা সৰকাৰে শিশু নিৰ্যাতনৰ ঘটনা আৰক্ষীক অৱগত নকৰোৱা কথা বৰপেটাৰোডবাসীৰ মাজত চৰ্চিত হৈছে। শিশুক বলাৎকাৰ কৰা গোপাল সাহাৰ অভিযোগ অস্বীকাৰ কৰি বিজেপি নেতা ৰাজা সৰকাৰে অভিযুক্তৰ পৰা টকা লোৱা কথা অস্বীকাৰ কৰি এয়া ৰাজনৈতিক ষৰযন্ত্ৰ বুলি উল্লেখ কৰে।