গুৱাহাটী, ২৫ ছেপ্তেম্বৰঃ গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পাতালৰ উদ্যোগত চানমাৰিস্থিত নিৰাময় ভৱনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। চৰকাৰী পেন্সনাৰ এছ’চিয়েছনৰ গুৱাহাটী শাখাৰ সহযোগত আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ উদ্দেশ্য আছিল যিকোনাে ৰােগ প্রাথমিক পর্যায়তে ধৰা পেলাই ফলপ্রসূভাৱে চিকিৎসা কৰাৰ কাৰণে প্ৰতিজন লোকক সজাগ কৰা৷ এই চিকিৎসা শিবিৰত সকলো ধৰণৰ ৰােগৰ পৰীক্ষা তথা চিকিৎসা পৰামর্শ প্রদান কৰাৰ লগতে বিশেষভাৱে বয়সজনিত ৰােগ যেনে গাঁঠিৰ বিষ, প্রষ্টেট আৰু প্ৰস্ৰাৱজনিত সমস্যা, হৃদৰােগ তথা বুকুৰ বিষ, শ্বাস প্রশ্বাসৰ সমস্যা, ভীষণ অৱসাদগ্ৰস্থতা, মুৰ্চ্ছা যোৱা, অত্যাধিক ঘাম ওলোৱা, ভৰিৰ বিষ তথা দুর্বলতা, হাত, ডিঙি, দাঁতৰ পাৰি, কণ্ঠনালী, পিঠিৰ বিষ আৰু বুকু জ্বলা পোৰা কৰা সমস্যাৰা পৰীক্ষা কৰি পৰামর্শ আগবঢ়োৱা হয়। শিবিৰত দৈনন্দিন স্বাস্থ্যজনিত সমস্যাৰাে পৰামৰ্শ আগবঢ়োৱা হয়। ৰােগ পৰীক্ষা আৰু বিনামূলীয়া চিকিৎসা পৰামর্শ প্ৰদানৰ উপৰিও এই শিবিৰত ইচিজি, যাদৃচ্ছিক ৰক্তশর্কৰা পৰীক্ষা, ৰক্তচাপ পৰীক্ষা, ওজন, নাড়ীস্পন্দন, হাড়ৰ গাঢ়তা পৰীক্ষা (অৰ্থৰ বাবে) কৰা হয়। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পাতালৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ ৰিচা শৰ্মা (কাৰ্ডিঅ’ল’জিষ্ট), ডাঃ সমৰজিৎ খনিকৰ (অৰ্থপেডিক), ডাঃ ৰণজিৎ কুমাৰ সিং (ইউৰ’ল’জিষ্ট) আৰু ডাঃ ৱাছিম এ লস্কৰ (মেডিচিন) ৰ দ্বাৰা গঠিত এটা দলে এই চিকিৎসা শিবিৰত স্বাস্থ্যপৰীক্ষা সেৱা প্ৰদান কৰে। এই চিকিৎসা শিবিৰ সন্দৰ্ভত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল, গুৱাহাটীৰ বিশেষজ্ঞ অর্থপেডিক ডাঃ সমৰজিৎ খনিকৰে কয় যে, বর্ধিত বয়সৰ লগে লগে বিভিন্ন ৰােগে দেহক পৃষ্ট কৰি আনে আৰু এনে পৰিস্থিতিত ৰােগৰ পৰা হাত সাৰি থকাৰ একমাত্র সহজ উপায়টােৱেই হৈছে নিয়মিত স্বাস্থ্যপৰীক্ষাৰ যোগেদি প্রাথমিক পর্যায়তেই ৰােগ ধৰা পেলোৱা। আমি আয়োজন কৰা এই শিবিৰত আটাইবােৰ মুখ্য চিকিৎসা পৰীক্ষাৰ সমাহাৰ ঘটাইছো। এই স্বাস্থ্য পৰীক্ষা শিবিৰত পেন্সনাৰ এছ’চিয়েছনৰ ১৫৫ গৰাকীৰাে অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰায়। অধিকাংশ লোকৰে দেহত ইউৰ’ল’জী, অৰ্থপেডিক আৰু কাৰ্ডিঅ’ল’জীৰ সমস্যা পোৱা গৈছে আৰু ইয়াৰে ২০ গৰাকী লোকক ইক’কাৰ্ডিঅ’গ্ৰাফী, ক’ৰ নাৰী এঞ্জিঅ’গ্ৰাফী, ইউৰ’ফ্ল’ আৰু সম্পূর্ণ আঠু সংৰােপন কৰােৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।