অভয়াপুৰী, ৩০ ছেপ্টেম্বৰঃ ঘৰ সাজিবলৈ পৈনত, উন্নত কাঠ বিচাৰি হাবাথুৰি খাব লগা হৈছে নেকি? উন্নত কাঠ অবিহনে এতিয়া সাজিব পাৰিব সপোনৰ ঘৰ। বঙাইগাঁৱৰ অভয়াপুৰীৰ সৰ্মীপবৰ্তী উত্তৰ শালমাৰাত ৰবি ৰায়ে স্থাপন কৰিছে চিলাৰায় কেমিকেল বাটাম ইণ্ডাষ্ট্ৰিজ। পৰিবেশ তন্ত্ৰক সুস্থ কৰি কাঠৰ বিকল্প হিচাপে বগা চিমেন্টৰ কেমিকেল চিমেন্টৰ পাউদাৰ, দুবিধ আঠা, এবিধ পলিমাৰ এক বিশেষ অনুপাতত মিহলি কৰি ষ্টিল আৰু চিমেন্টৰ বিশেষ ফৰ্মাত ৰবি ৰায়ে সাজি উলিয়াই এক বিশেষ ৰাসায়নিক বাটাম। সীমিত মূলধনেৰে ২০০০ চনত ৰবি ৰায়ে আৰম্ভ কৰা উদ্যোগটোৱে ১৫গৰাকীকৈ যুৱক যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰিছে। উদ্যোগটোত উৎপাদিত সামগ্ৰী স্থানীয় বজাৰৰ লগতে বহিৰাজ্যৰ বজাৰতো চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। চৰকাৰৰ যথাযথ সঁহাৰিয়ে উদ্যোগটোত অধিক যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ সুযোগ দিব বুলি ৰবি ৰায় আশাবাদী। চিলাৰায় কেমিকেল বাটাম ইণ্ডাষ্ট্ৰিজে ৰাজ্যৰ নিৱনুৱা যুৱক যুৱতীৰ লগতে উদ্যোগিক ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।