কোকৰাঝাৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰৰ বিভিন্ন স্থানত মহাসমাৰোহেৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে।কোকৰাঝাৰত ধৰ্মীয় কাৰণৰ লগতে সমাজৰ সৰ্বাঙ্গীন উন্নতি, ঐক্য আৰু শান্তি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি বিশিষ্ট সমাজ সেৱক জ্যোতি ব্ৰহ্মই ব্যক্তিগত ভাৱে কোকৰাঝাৰৰ জেডিৰোডত অৱস্থিত বাসগৃহৰ প্ৰাংগনত আয়োজন কৰা দ্বিতীয় বৰ্ষ দুৰ্গা পূজাত বহু ভক্তই দেৱীৰ আশীৰ্বাদ ল’বলৈ আগমণ হয়। আনহাতে গৌৰ নগৰ দুৰ্গা পূজা সমিতিয়ে সোণালী জয়ন্তীৰ উপলক্ষে পূজা মণ্ডপটো ব্যতিক্ৰমী প্ৰচেষ্টাৰে সাজি উলিয়াইছে। আয়োজক সমিতিয়ে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে সজাগতামূলক মণ্ডপ সাজি উলিয়াইছে। বনধ্বংস বন্ধ নকৰিলে মানৱ তথা জীৱ- প্ৰাণীয়ে ভৱিষ্যত জীয়াই থাকিব নোৱাৰিব এই সজাগতা অনা লগতে প্ৰকৃতি সংৰক্ষিত কৰিবলৈ সকলোকে আহ্বান জনাই গৌৰ নগৰ সোণালী জয়ন্তী দুৰ্গা পূজা সমিতিৰ সভাপতি বাব্লু সৰকাৰে। শান্তি নগৰ  উদযাপন সমিতিয়ে চিগাৰেট সেৱনে কেন্সাৰৰ লগতে ১৮০বিধ বিভিন্ন বেমাৰৰ আক্ৰান্ত হ’ব পাৰে তথা চিগাৰেট সেৱন কৰি বছৰে হেজাৰ হেজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয় এই সন্দৰ্ভত নৱ প্ৰজন্মৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে চিগাৰেটৰ মণ্ডপ সাজি উলিয়ায়।