গোৱালপাৰা, ২ অক্টোবৰঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক বৰ্তমান দেশত একেধাৰে নিশংসভাবে হত্যা কৰাৰ ঘটনাই সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলক নিৰাপত্তাৰ ক্ষেত্ৰত চিন্তাম্বিত কৰি তুলিছে৷ ইয়াৰ বিৰুদ্ধে বৰ্তমান সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে৷ সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ সাংবাদিকৰ সুৰক্ষাৰ দাবীত এইবাৰ হাতত বেনাৰ পোষ্টাৰ লৈ ৰাজপথত নামিছে সাংবাদিক৷ আজি গোৱালপাৰা জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়৷ গোৱালপাৰা জিলা প্ৰেছ ক্লাৱৰ পৰা নতুন বজাৰলৈ উলিওৱা সমদলৰ জৰিয়তে সাংবাদিকসকলে ৰাজ্যৰ গৃহ বিভাগক সৰ্তকবাৰ্তা প্ৰেৰণ কৰি সাংবাদিক হত্যাৰ উচিত বিচাৰ আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত চৌদিশ উত্তাল কৰি তোলে৷ ইয়াৰ পিছতে জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ গোৱালপাৰা জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজিত প্ৰতিবাদী  কাৰ্যসূচীত  সাংবাদিক সকলৰ লগতে আছু, আমছু, ছাত্ৰ মুক্তি, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকি সাংবাদিক হত্যাৰ তীব্ৰ গৰিহণা দিয়ে৷