মিৰ্জা, ৭ অক্টোবৰঃ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ কাৰণে ফেচবুকত ব্লেকমেইলাৰৰ বলি হ’বলগীয়া হৈছে দক্ষিণ কামৰূপৰ এগৰাকী যুৱতী৷ উভয়ৰে নামত যুটীয়া ভুৱা একাউন্ট খুলি যুৱতীগৰাকীৰ ফটো প্ৰফাইলত ৰাখি যুৱকজনে যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছে৷ যুৱতীগৰাকীয়ে সংবাদ ৩৬৫ৰ সাংবাদিকক সদৰি কৰা মতে, যুৱকজনে ফেচবুকৰ জৰিয়তে চিনাকী হৈ যুৱতীগৰাকীলৈ মেছেজ কৰিছিল৷ যুৱতীগৰাকীয়ে মেছেজ পঢ়ি ফেছবুক ফ্ৰেণ্ড যুৱকজনৰ সন্দৰ্ভত সন্দেহৰ সৃষ্টি হৈছিল৷ যুৱকজনে ফেছবুকত প্ৰেমৰ প্ৰস্তাৱো দিছিল যদিও যুৱতী গৰাকীয়ে প্ৰস্তাৱ নাকচ কৰিছিল৷ যুৱতীগৰাকীৰ পৰা কেবাবাৰো প্ৰেমৰ প্ৰস্তাৱ নাকচ হোৱাত যুৱক জনে নিজৰ নামৰ লগত যুৱতীগৰাকীৰ নাম সংযোগ কৰি এটা যুটীয়া ফেচবুক একাউন্ট খুলি ছোৱালীজনীৰ ফটো প্ৰফাইল হিচাপে ৰাখিছিল৷ যুৱকজনে ইয়াতে ক্ষান্ত নাথাকি  যুৱতীগৰাকীক ‘‘মোক ভাল নাপালে মই বহুত কিবা কিবি কৰিম” বুলি ধমকিও দিয়ে৷ যুৱতীগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পলাশবাৰী আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে৷