যোৰহাট, ৭ অক্টোবৰঃ মাত্ৰ এজোৰ কেলিপাৰ বিচাৰি স্থানীয় সাংসদ আৰু বিধায়কৰ পৰা কোনো সঁহাৰি নাপালে এটা দৰিদ্ৰ দুৰ্ভগীয়া কিশোৰৰ পিতৃ মাতৃয়ে৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যোৰহাটৰ নিবাসী দ্বীজেন শৰ্মাৰ বিশেষভাবে সক্ষম পুত্ৰক এজোৰ কেলিপাৰ দিয়াৰ বাবে পুঁজিৰ অভাৱ হ’ল স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ৷ সাংসদ তাছাই কিশোৰজনক সহায়ৰ কাৰণে তেওঁৰ কোনো পুঁজি নাই বুলি মন্তব্য কৰাৰ বিপৰীতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে দায় সৰা মন্তব্যৰে কিশোৰজনক সহায় কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰে৷ যোৰহাটৰ বৃকোদৰ শইকীয়া হাইস্কুলৰ পৰা ২০১৫ চনত এল পি বৃত্তি লাভ কৰা মেধাবী কিশোৰজন নাম ৰঞ্জণ শৰ্মা৷ বৰ্তমান সপ্তম শ্ৰেণীত অধ্যয়নৰত ৰঞ্জণ যোৰহাট পুলিবৰৰ গন্ধিয়াৰ নিবাসী দ্বীজেন শৰ্মা আৰু মুনু শৰ্মাৰ একমাত্ৰ সন্তান৷  ৰঞ্জনে বিগত চাৰে তিনি বছৰৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ খোজকাঢ়িবলৈ অক্ষম হয়৷ ৰঞ্জণে সৰুতে সম্পূৰ্ণ সুস্থ ভাৱে খোজ কাঢ়িব পাৰিছিল৷ কিন্তু ছয় বছৰ বয়সৰ পৰা গোৰোহা দাঙি খোজ কাঢ়িবলৈ আৰম্ভ কৰাত ৰঞ্জণৰ পিতৃ মাতৃয়ে প্ৰথমে যোৰহাটৰ সঞ্জীৱনী চিকিৎসালয়, ডিব্ৰুগড়ৰ নাৰায়ণ উপাধ্যায় চিকিৎসালয়ত চিকিৎসা কৰে৷ কিন্তু ৰঞ্জণৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে বাঙ্গালোৰলৈ নিয়ে৷ ৰঞ্জণ ক্ৰমান্ধয়ে খোজ কাঢ়িবলৈ সম্পূৰ্ণ ব্যৰ্থ হোৱাত পিতৃ দ্বীজেন শৰ্মাই ৰঞ্জণক কোলাত লৈ স্কুলৰ লগতে বিভিন্ন ঠাইলৈ যাতায়ত কৰে। দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া দ্বীজেন শৰ্মাই স্থানীয় সাংসদ আৰু বিধায়কৰ ওচৰত সহায় বিচাৰি ব্যৰ্থ হোৱাৰ অভিযোগ কৰি সদাশয় লোকৰ পৰা  সহায় বিচাৰিছে৷ কোনো লোকে ৰঞ্জণক সহায় কৰিব বিচাৰিলে ৮৮৭৬৮৫৯০৫৫ নম্বৰত যোগাযোগ কৰিব পাৰে বা যোৰহাটস্থিত পঞ্জাৱ এণ্ড সিন্ধ বেংকৰ ১৪৬৫১০০০০০০০৮৬ নম্বৰ একাউণ্টত সহায় আগবঢ়াব পাৰে৷