গুৱাহাটী, ৭ অক্টোবৰঃ অসমত সু পৰিকল্পিতভাৱে ধৰ্মীয় সংখ্যালঘুক ভীতিগ্ৰস্ত আৰু আতংকিত কৰিছে কংগ্ৰেছ আৰু এআইইউডিএফে৷ এই অভিযোগ সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ৷ আজি অসম সংখ্যালঘু উন্নয়ণ বৰ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আৱালে এই তথ্য সদৰি কৰি কয় যে, সংখ্যালঘু অধ্যুষিত অঞ্চলত বিগত কিছুদিন ধৰি কংগ্ৰেছ, এআইইউডিএফকে ধৰি কিছুমান দল সংগঠন তথা ব্যক্তিয়ে এনআৰচি আৰু সেনা চাউনি বহুওৱা সম্পৰ্কত ভূৱা তথ্য প্ৰচাৰ কৰি স্থানীয় লোকৰ মাজত আতংক আৰু সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰিছে। অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ এটা স্থায়ী সমাধান হােৱাটাে প্ৰত্যেক অসমীয়াই আশা কৰে৷ ডিচেম্বৰত এনআৰচিৰ খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছকে ধৰি কিছুমান ৰাজনৈতিক শক্তিয়ে ইছলামধর্মী সংখ্যালঘুসকলৰ মাজত বিভ্রান্তি সৃষ্টি কৰি এক অস্থিৰ পৰিবেশ সৃষ্টিৰ কাৰণে সুপৰিকল্পিতভাৱে অপপ্ৰচাৰ চলাই আছে৷ সংখ্যালঘু বসতিপ্রধান অঞ্চলত সেনাৰ চাউনি স্থাপন, সেনাৰ দ্বাৰা এনআৰচিৰ কাগজ পত্ৰ বাজেয়াপ্ত কৰা আৰু অসমত ম্যানমাৰৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ ধৰণৰ অপপ্ৰচাৰে চৰাঞ্চলৰ লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ আৱেলে সংবাদমেলত এই অপ প্ৰচাৰৰ আঁৰত কংগ্ৰেছ দল পোণপটীয়াকৈ জড়িত থকাৰ অভিযোগ কৰিছে৷ সংবাদমেলত আৱেলে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ স্মৃতিত অনুষ্ঠিত ৰাজহুৱা সভাত কংগ্ৰেছৰ চিদ্দিক আহমেদে অসমক বিজেপিৰ চৰকাৰে দ্বিতীয় ম্যানমাৰত পৰিণত কৰিব বুলি মুকলিকৈ কৰা বক্তব্যকো ক্ষুৰধাৰ সমালোচনা কৰে৷ আৱেলে কয় যে, চিদ্দিক আহমেদৰ বক্তব্যৰ পিছত মনজিৎ মহন্তয়াে সংখ্যালঘুক আতংকিত কৰিব পৰা মন্তব্য আগবঢ়াই প্ৰমাণিত কৰে যে কংগ্ৰেছৰ বি টীম হিচাপে মনজিৎ মহন্তৰ নেতৃত্বত একাংশ স্বয়ম্ভূ বুদ্ধিজীৱিয়ে অসমৰ চুকে কোণে সভা সমিতি আয়োজন কৰি সংখ্যালঘু জনসাধাৰণৰ মাজত আতংক বিয়পাইছে৷ অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে বিজেপি চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচি কাম সুচাৰুৰূপে সম্পাদনৰ দিশত আগবঢ়াৰ সময়তে কংগ্ৰেছ, এআইইউডিএফৰ লগতে একাংশ বুদ্ধিজীৱিৰ এনে আচৰণ জনসাধাৰণৰ কাম্য নহয়৷ ছচিয়েল মিডিয়াতো একাংশ ব্যক্তিয়ে পৰিকল্পিতভাৱে এনে অপপ্ৰচাৰ চলাই থকা বুলি উল্লেখ কৰি আৱালে এনে অপপ্ৰচাৰত ভোল নাযাবলৈ সংখ্যালঘু জনসাধাৰণক আহ্বান জনায়৷ তেওঁ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ অপপ্ৰচাৰ চলোৱা ব্যক্তিৰ সন্ধান পালে তেনে লোক সম্পৰ্কত স্থানীয় পুলিচ থানাক অৱগত কৰাৰ আহ্বান জনায়৷ লগতে কংগ্ৰেছৰ সভাপতিক সঁকিয়নি দি শীঘ্ৰে এনে প্ৰৰােচনামূলক প্ৰচাৰ বন্ধ নকৰিলে কংগ্ৰেছ দল আৰু তেনে প্ৰচাৰৰ লগত জড়িৰ ব্যক্তিৰ বিৰুদ্ধে আইনৰ দাৰস্থ হোৱাৰ হুংকাৰ দিয়ে৷