মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮ নৱেম্বৰ: শিক্ষা মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্ম্মাই গুণোৎসৱ উদযাপন কৰি শিক্ষা জগতলৈ যিমানেই আমোল পৰিৰ্ৱতন আনিব খুজিছে, তাত কিন্তু চৰকাৰী বিদ্যালয়সমূহত ক’ৰবাত নহয় ক’ৰবাত আজিও কেৰোণ দেখা পোৱা গৈছে৷ তিনিচুকীয়া জিলাৰ লেখাপানী প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উদয়পুৰৰ সৰ্বোদয় হিন্দী প্ৰাথমিক বিদ্যালয়৷ বিদ্যালয়খন ১৯৮৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত ২০১৩ চনত চৰকাৰীকৰণ হয়৷ বিদ্যালয়খনত আছে ‘ক’ শ্ৰেণীত ১১ জন ছাত্ৰ- ছাত্ৰী, প্ৰথম শ্ৰেণীত ৭ জন, দ্বিতীয় শ্ৰেণীত ৭ জন, তৃতীয় শ্ৰেণীত ১৬ জন, চতুৰ্থ শ্ৰেণীত ১১ জন আৰু পঞ্চম শ্ৰেণীত ৭ জন শিক্ষাৰ্থী৷ সৰ্বমুঠ ৫৯ জন ছাত্ৰ- ছাত্ৰীক তিনিজনকৈ শিক্ষক- শিক্ষয়িত্ৰীয়ে একেটা কোঠাতে পাঠ- দান কৰিব লগা হৈছে৷ বিদ্যালয়খনত দেখা দিয়া অভাৱ-অভিযোগে সকলোকে স্তম্ভিত কৰি তুলিছে৷ অভিভাৱকসকলে শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিছে, ক’ত  আচলতে এই বিদ্যালয় সমূহত পৰিৱৰ্তন আনিব পাৰিছে, পাৰিবনে ৰাজ্যৰ আন আন বিদ্যালয়সমূহৰ ছাত্ৰ- ছাত্ৰীৰ লগতে জাগুনত থকা এইখন সৰ্বোদয় হিন্দী প্ৰাথমিক বিদ্যালয়ৰ ৫৯ জনকৈ ছাত্ৰ- ছাত্ৰী অসুবিধা সমূহ দূৰ কৰিবলৈ?